RationCardUpdate : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ঘৰত ৰেচন কাৰ্ড আছে, অথচ মাহৰ পাছত মাহ ধৰি ৰেচন নোতোলা গ্ৰাহকৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড থাকিলেও দীৰ্ঘদিন ধৰি ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড ১ অক্টোবৰৰ পৰা নিষ্ক্ৰিয় হোৱাৰ সম্ভাৱনা আছে ।
যদি কোনো ৰেচন কাৰ্ডধাৰীয়ে পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেম (PDS)ৰ দোকানৰ পৰা মাহৰ পাছত মাহ ধৰি ৰেচন নলয়, তেন্তে চৰকাৰে সেই ৰেচন কাৰ্ড বন্ধ কৰিব পাৰে। ১ অক্টোবৰৰ পৰা এই নিয়ম কাৰ্যকৰী হ’ব।
কোনসকলৰ ৰেচন কাৰ্ড নিষ্ক্ৰিয় হ’ব?
দীৰ্ঘসময় ধৰি ব্যৱহাৰ নকৰা ৰেচন কাৰ্ডসমূহক নিষ্ক্ৰিয় ৰেচন কাৰ্ড বা ‘ছাইলেণ্ট ৰেচন কাৰ্ড’ হিচাপে গণ্য কৰা হ’ব। এই ৰেচন কাৰ্ডসমূহেই ১ অক্টোবৰৰ পৰা অচল হৈ যাব।
কেৱল প্ৰয়োজন থকা উপভোক্তাসকলেই যাতে ৰেচনৰ সুবিধা লাভ কৰে, তাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।
ঝাৰখণ্ডসহ একাধিক ৰাজ্যত ইতিমধ্যে এই নিয়ম কাৰ্যকৰী কৰা হৈছে। তাত স্পষ্টভাৱে কোৱা হৈছে যে যিসকল গ্ৰাহকে একেৰাহে ছয় মাহ বা তাতকৈ অধিক সময় ধৰি ৰেচন লোৱা নাই, তেওঁলোকৰ ৰেচন কাৰ্ড ১ অক্টোবৰৰ পৰা সাময়িকভাৱে ডি-এক্টিভেট কৰি দিয়া হ’ব।
কোনসকলক ‘ছাইলেণ্ট কাৰ্ড হোল্ডাৰ’ কোৱা হ’ব?
যিসকল গ্ৰাহকে ছয় মাহ বা তাতকৈ অধিক সময় ধৰি ৰেচন দোকানৰ পৰা কোনো সামগ্ৰী লোৱা নাই বা ৰেচন তোলা নাই, তেওঁলোকক ‘ছাইলেণ্ট কাৰ্ড হোল্ডাৰ’ হিচাপে গণ্য কৰা হ’ব।
প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে যে বহুতে অন্যান্য চৰকাৰী সেৱা লাভ কৰাৰ বাবে ৰেচন কাৰ্ড প্ৰস্তুত কৰিছে। কিন্তু তেওঁলোকে PDS ব্যৱস্থাৰ জৰিয়তে ৰেচন গ্ৰহণ নকৰে। এনে গ্ৰাহকসকলক চিনাক্ত কৰা আৰু অযোগ্য কাৰ্ডধাৰীসকলক এই সেৱাৰ পৰা বাদ দিয়াৰ বাবেই এই পদক্ষেপ লোৱা হৈছে।
ৰেচন কাৰ্ড সক্ৰিয় ৰাখিবলৈ কি কৰিব লাগিব?
ৰেচন কাৰ্ড সক্ৰিয় বা এক্টিভ কৰি ৰাখিবলৈ গ্ৰাহকসকলক ২১ ছেপ্টেম্বৰৰ ভিতৰত ৰেচন তুলিবলৈ কোৱা হৈছে।
ৰেচন কাৰ্ড সক্ৰিয় হৈ আছে নে নাই, সেয়া স্থানীয় ডিলাৰ অথবা ৰাজ্যৰ খাদ্য কৰ্প’ৰেশ্যনৰ ওচৰত গৈ জানিব পাৰিব।
কাৰ্ড নিষ্ক্ৰিয় হৈ গ’লে কি কৰিব?
১ অক্টোবৰৰ পৰা ৰেচন কাৰ্ড নিষ্ক্ৰিয় হৈ গ’লেও গ্ৰাহকসকলে পুনৰ কাৰ্ড সক্ৰিয় কৰাৰ সুযোগ লাভ কৰিব।
সূত্ৰৰ খবৰ অনুসৰি, ১ অক্টোবৰ ২০২৬ৰ পৰা ১ জানুৱাৰী ২০২৭লৈ ই-কেওৱাইচিৰ জৰিয়তে ৰেচন কাৰ্ড পুনৰ সক্ৰিয় কৰিব পাৰিব।

































