IndonesiaVolcano: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : এফালে প্ৰশান্ত মহাসাগৰ, আনফালে ভাৰত মহাসাগৰ। তাৰ মাজতে অৱস্থিত আগ্নেয়গিৰিৰ উদ্দ্গীৰণৰ ফলত সৃষ্টি হোৱা দ্বীপৰাষ্ট্ৰ ইণ্ডোনেছিয়া। প্রশান্ত মহাসাগৰীয় আগ্নেয় বলয়ৰ মাজতে এই দ্বীপপুঞ্জৰ উপস্থিতি। ফলত দ্বীপসমূহ যে উদ্দ্গীৰণপ্ৰৱণ হ’ব, সেয়া সহজেই অনুমেয়; কিন্তু ইণ্ডোনেছিয়া সম্পর্কে ক’বলৈ গ’লে ইয়াতেই থমকি ৰ’লে নহ’ব। কাৰণ দক্ষিণ-পূব এছিয়াৰ এই দ্বীপৰাষ্ট্ৰখনে বাৰে বাৰে বিশ্বৰ সবাতোকৈ প্রাণঘাতী উদ্দ্গীৰণসমূহৰ বলি হ’বলগীয়া হৈছে.সম্প্ৰতি উদ্দ্গীৰণৰ কাৰণেই ইণ্ডোনেছিয়া পুনৰ বাতৰিৰ শিৰোনামলৈ উঠি আহিছে।
ছেপ্টেম্বৰৰ আৰম্ভণিতে সক্রিয় হৈ উঠিছিল জাভা আৰু সুমাত্ৰাৰ মাজত অৱস্থিত মাউন্ট আনাক ক্রাকাটাউ। সৰু হ’লেও এই আগ্নেয়গিৰি অত্যধিক সক্রিয়। মাজেমধ্যেই উদ্গীৰণ হয়; কিন্তু এইবাৰৰ উদ্দ্গীৰণৰ চৰিত্ৰ আছিল কিছু ভিন্ন। একেৰাহে ২৪ ঘণ্টাৰো অধিক সময় ধৰি চলিছিল ক্রাকাটাউৰ বিস্ফোৰণ পর্যায়। দফাই দফাই উদ্দ্গীৰণ হৈছিল। তাৰ ফলত ৫০ হেজাৰ ফুট পর্যন্ত ছাইৰ কুণ্ডলী উঠি গৈছিল।
দেশখনৰ আঠখন বিমানবন্দৰ বন্ধ কৰি দিবলগীয়া হয়। ফলত তিনি লক্ষাধিক যাত্রী বিন্নি স্থানত আবদ্ধ হৈ পৰে। উদ্দ্গীৰণৰ খবৰ কৰিবলৈ গৈ আঠজন লোক নিরুদ্দেশ হয়। ১০দিন উদ্ধাৰ অভিযান চলোৱাৰ পাছতো কোনো সন্ধান নোলোৱাত ইণ্ডোনেছিয়াৰ প্ৰশাসনে অভিযান বন্ধ কৰিবলৈ বাধ্য হয়।
ইণ্ডোনেছিয়া একাধিক টেক্ট’নিক প্লেটৰ সংযোগস্থলত অৱস্থিত। বিশেষকৈ প্রশান্ত মহাসাগৰৰ তলত ইণ্ডো-অস্ট্রেলীয় প্লেটৰ এটা অংশ সুন্দা প্লেটৰ তলত সোমাই যোৱা বা ‘ছাবডাকচন’ৰ ফলত তাত বিপুল আগ্নেয়গিৰিৰ সৃষ্টি হৈছে।
একাংশ ভূ-বিজ্ঞানীয়ে দাবী কৰে যে ইণ্ডোনেছিয়াৰ দ্বীপসমূহৰ বহুকেইটা আচলতে সাগৰৰ পৰা উত্থিত কো একোটা আগ্নেয়গিৰিৰেই চূড়া। এই দ্বীপৰাষ্ট্ৰত মুঠ আগ্নেয়গিৰিৰ সংখ্যা প্রায় ৫০০। ইণ্ডোনেছিয়াৰ চৰকাৰী পৰিসংখ্যা অনুসৰি, তাত ১২৭টা সক্রিয় আগ্নেয়গিৰি আছে। তাৰ ওপৰত ৬৯টা আগ্নেয়গিৰিক প্রতিক্ষণতে নিৰীক্ষণত ৰখা হয়।
ইণ্ডোনেছিয়াতেই বিশ্বৰ সবাতোকৈ বেছি সক্রিয় আগ্নেয়গিৰি আছে বুলি চৰকাৰী তথ্যই জনাইছে। তদুপৰি, ইণ্ডোনেছিয়াত যি প্ৰক্ৰিয়াত আগ্নেয়গিৰিৰ সৃষ্টি হয়, সেই প্রক্রিয়াতে সৃষ্টি হয় ভূমিকম্প আৰু ছুনামিও।
ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিসমূহ আকৌ বিধ্বংসীও। জাভা দ্বীপৰ কেন্দ্ৰত থকা মাউন্ট মেৰাপি ইতিহাসৰ সবাতোকৈ বিধ্বংসী তথা প্রাণঘাতী বিপৰ্যয়সমূহৰ সাক্ষী। এক তথ্য অনুসৰি, বিগত এশ বছৰত এই আগ্নেয়গিৰিয়ে কমেও দুহেজাৰ লোকৰ প্ৰাণ লৈছে। ২০১০ৰ ভয়াৱহ উদ্গীৰণতে মৃত্যু হৈছিল প্ৰায় চাৰিশ লোকৰ।
ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিসমূহ কিয় ইমান বিধ্বংসী, এই বিষয়ত বিজ্ঞানীসকল দীর্ঘদিনৰ পৰাই কৌতূহলী হৈ আছে। বিভিন্ন স্থানত এই বিষয়ত গৱেষণা চলিছে। কোনো ক্ষেত্রত বিজ্ঞানীসকল একমত হৈছে, আকৌ কোনো ক্ষেত্রত হোৱা নাই।
একাংশ ভূ-বিজ্ঞানীৰ দাবী,আগ্নেয়গিৰিৰ পৰা উৎপন্ন মেগমাৰ ধৰণ সকলোতে একে প্ৰকাৰৰ নহয়। মেগমাৰ উৎপত্তিস্থলৰ ওপৰত সেয়া নিৰ্ভৰ নকৰে। ছুইডেনৰ উপছালা বিশ্ববিদ্যালয়ৰ ভূ-বিশাৰদৰ এটা দলে এই বিষয়ত গৱেষণা কৰিবলৈ গৈ প্রাথমিকভাৱে মেগমাৰ নমুনা বিশ্লেষণ কৰে। ভূপৃষ্ঠৰ অনেক গভীৰত এই মেগমা সৃষ্টি হয়।
ভূ-বিজ্ঞানীসকলৰ মতে, পৃথিৱীৰ গভীৰৰ পৰা উঠি অহাৰ সময়ত মেগমাই ভূত্বকৰ বিভিন্ন শিলৰ স’তে মিথস্ক্রিয়া কৰি তাৰ ৰাসায়নিক আৰু আইছ’ট’পিক বৈশিষ্ট্য সলাই পেলাব পাৰে।
উপছালা বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে জাভাৰ মেৰাপি আৰু কেলুট তথা বালিৰ বাটুৰ আৰু আগুং আগ্নেয়গিৰিৰ লাভাৰ পৰা পোৱা ক্লিনোপাইৰক্সিন স্ফটিকৰ অক্সিজেন আইছ’ট’প বিশ্লেষণ কৰি দেখিছে যে বালিৰ আগ্নেয়গিৰিসমূহৰ তুলনাত জাভাৰ আগ্নেয়গিৰিসমূহৰ মেগমাৰ ভূত্বকৰ স’তে মিথস্ক্রিয়াৰ চাপ বেছি।
গৱেষকসকলে ব্যাখ্যা কৰিছে যে জাভাৰ তুলনামূলক ডাঠ ভূত্বকৰ মাজত থকা কার্বনেট-সমৃদ্ধ শিলৰ স’তে মেগমাৰ মিথস্ক্রিয়াত অতিৰিক্ত কাৰ্বন ডাই-অক্সাইডসহ উদ্বায়ী পদার্থ যুক্ত হ’ব পাৰে, যি উদ্গীৰণৰ বিস্ফোৰক চৰিত্ৰ বৃদ্ধি কৰাত ভূমিকা ল’ব পাৰে। উপছালা বিশ্ববিদ্যালয়ৰ গৱেষণাৰ ফল প্রকাশিত হয় নেচাৰ কমিউনিকেচনছ পত্রিকাত।
গৱেষণাত দেখা গৈছে যে বালি আৰু জাভাৰ দ্বীপৰ মেগমাত ভিন্ন ধৰণৰ বিন্ন্যাস আছে। বালিৰ মেগমাত পাইৰক্সিনৰ গঠনত বিশেষ কোনো পৰিৱৰ্তন নাই। ভূত্বকৰ মাজেৰে যাত্ৰাৰ পাছতো ইয়াৰ ভিতৰৰ অক্সিজেনৰ গঠন প্রায় অপৰিৱৰ্তিত হৈ থাকে; কিন্তু তুলনাত জাভাৰ মেগমাত মিথস্ক্রিয়াৰ তিহ্ন অনেক বেছি। আনকি,মিথস্ক্রিয়াৰ কাৰণে তাৰ মেগমা আৰু বিস্ফোৰক তথা বিপজ্জনক হৈ পৰে বুলি দেখা পাইছে বিজ্ঞানীৰ দলে।
জাভাৰ ক্ষেত্ৰত মেগমাৰ নমুনা সংগ্ৰহ কৰা হৈছিল বিধ্বংসী সেই মাইন্ট মেৰাপিৰ পৰা। এই প্রসংগত উপছালা বিশ্ববিদ্যালয়ৰ গৱেষক তথা অধ্যাপক ভেলেন্টিন ট্র’লে কয়, ‘জাভাৰ মাউন্ট মেৰাপিৰ আইছ’ট’পিক বৈশিষ্ট্য বালিৰ আগ্নেয়গিৰিসমূহতকৈ বহু পৃথক। কাৰণ, উদ্দ্গীৰণৰ পূৰ্বে মেৰাপিৰ মেগমাই ভূত্বকৰ স’তে ব্যাপক মিথস্ক্রিয়া কৰে।’
মেগমাৰ মিথস্ক্রিয়াত কিয় আগ্নেয়গিৰি বিস্ফোৰক হৈ পৰিছে? এই সন্দৰ্ভত বিজ্ঞানীসকলে দাবী কৰিছে যে এই মিথস্ক্রিয়া অত্যন্ত গুৰুত্বপূৰ্ণ। মধ্য জাভাৰ ভূত্বকত থকা কার্বনেট সমৃদ্ধ শিলৰ স’তে মেগমাৰ মিথস্ক্রিয়াত অতিৰিক্ত কাৰ্বন ডাই-অক্সাইড মুক্ত হ’ব পাৰে। সেই গেছৰ উপস্থিতিয়ে উদ্দ্গীৰণক অধিক বিস্ফোৰক কৰি তোলাৰ ক্ষেত্ৰত ভূমিকা ল’ব পাৰে। সেই কাৰণেই মেৰাপিসহ জাভাৰ আগ্নেয়গিৰিসমূহ আৰু বেছি বিপজ্জনক। ইণ্ডোনেছিয়া জনবহুল দেশ।
আগ্নেয়গিৰিৰ ওপৰত নিৰীক্ষণৰ পৃথক ব্যৱস্থা ৰাখিছে দেশখনৰ চৰকাৰে। তাৰ পাছতো অতিৰিক্ত সতর্কতাৰ প্ৰয়োজন বুলি মতপোষণ কৰিছে বিজ্ঞানীসকলে।






























