The 552 students attending Rupai Middle English School (Ward No. 9, Tipuk Gaon Panchayat, Hapjan Zonal Development Office, Tinsukia District) face severe, daily transit obstacles that compromise their access to education and safety.
ডুমডুমা, 22 ছেপ্টেম্বৰঃ তিনিচুকীয়া জিলাৰ হাপজান খণ্ড উন্নয়ন কাৰ্যালয়ৰ অধীনস্থ টিপুক গাঁও পঞ্চায়তৰ ৯নং ৱাৰ্ডত থকা ৰূপাই মধ্য ইংৰাজী বিদ্যালয়ৰ ৫৫২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে সন্মুখীন হ’বলগীয়া হৈছে এক জটিল যাতায়াত সমস্যাৰ। এজাক বৰষুণ দিলেই বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ পথ একাঠু পানীত বুৰি যোৱাৰ ফলত ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা সাধাৰণ ৰাইজে পানী গছকি অহা-যোৱা কৰিবলগীয়া হৈছে।
উল্লেখ্য যে, বিষয়টোক লৈ পূৰ্বে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছদিনাই ডুমডুমা সমজিলা প্ৰশাসন, জিলা শিক্ষা বিভাগৰ বিষয়ববীয়া আৰু অভিযন্তাৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰিছিল। কিন্তু পৰিদৰ্শনৰ প্ৰায় দুমাহ উকলি যোৱাৰ পাছতো আজিলৈকে সমস্যাটোৰ স্থায়ী সমাধান নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
জানিব পৰা মতে, ৰূপাই চাইডিং-ঔগুৰি গাঁও সংযোগী পথচোৱাৰ বিদ্যালয়খনৰ সন্মুখৰ অংশটো ২০১৮ চনত চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৬-১৭ বৰ্ষৰ পুঁজিৰে প্ৰায় ৮,৬৯,৬৮৩ টকা ব্যয়েৰে ১৯০ মিটাৰ দৈৰ্ঘ্যত পেভাৰ ব্লক ইটাৰে নিৰ্মাণ কৰা হৈছিল। কিন্তু পথচোৱাৰ দুয়োকাষে পৰ্যাপ্ত নলা-নৰ্দমাৰ ব্যৱস্থা নথকাৰ ফলত বৰষুণৰ পানী ওলাই যাব নোৱাৰি বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত জমা হৈ কৃত্ৰিম বানৰ সৃষ্টি কৰে।
ফলত পুৱা বিদ্যালয়লৈ অহা ৫৫২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীৰ মাজেৰে খোজকাঢ়ি বিদ্যালয়ত প্ৰৱেশ কৰিবলগীয়া হয়। বিদ্যালয় ছুটীৰ সময়তো একেই পৰিস্থিতিৰ সন্মুখীন হৈ জোতা-চেণ্ডেল হাতত লৈ পানী পাৰ হৈ ঘৰলৈ উভতিবলগীয়া হয় কণ-কণ শিক্ষাৰ্থীসকলে।
কেৱল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়েই নহয়, পথচোৱাৰে অহা-যোৱা কৰা আন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী, অভিভাৱক আৰু স্থানীয় বাসিন্দাসকলেও জোতা-চেণ্ডেল খুলি, লংপেণ্ট কুচাই একাঠু পানীৰ মাজেৰে পাৰাপাৰ কৰিবলগীয়া হৈছে। আনহাতে, বৃদ্ধ-বৃদ্ধাসকলেও আনৰ সহায় লৈ জলমগ্ন পথচোৱা পাৰ হ’বলগীয়া হোৱাত জনজীৱন ব্যাহত হৈ পৰিছে।
স্থানীয় একাংশ লোকৰ অভিযোগ অনুসৰি, বিদ্যালয়খনৰ কাষেৰে থকা পানী বৈ যোৱাৰ সাধাৰণ মাটিৰ নলাসমূহ কোনো কোনো লোকে নিজৰ স্বাৰ্থত মাটিৰে পুতি পেলোৱাৰ ফলতো পানী নিষ্কাশনৰ পথ বন্ধ হৈ পৰিছে। ইয়াৰ ফলত অলপ বৰষুণতে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ বিস্তীৰ্ণ অঞ্চল পানীত বুৰ যায়।
উল্লেখ্য যে, যোৱা ৮ জুনতো এই সমস্যা সন্দৰ্ভত সংবাদ মাধ্যমত বিস্তৃতভাৱে বাতৰি প্ৰকাশ পাইছিল। ইয়াৰ পাছতে প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াই স্থান পৰিদৰ্শন কৰিলেও বৰ্তমানলৈকে কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে।
ইফালে, ২০১৮ চনৰ ৯ এপ্ৰিলত ডুমডুমাৰ তদানীন্তন কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজে ৰূপাই চাইডিং-ঔগুৰি গাঁও সংযোগী পথচোৱাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। পথটো পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সময়ত নিৰ্মাণ হোৱাৰ বাবেই বৰ্তমান বিজেপি শাসিত টিপুক গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিসকলে পথচোৱাৰ দুয়োকাষে নলা নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগো উত্থাপিত হৈছে।
ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ দৈনন্দিন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত দলীয় ৰাজনীতিক অগ্ৰাধিকাৰ দিয়াৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।
সেয়ে ৰূপাই চাইডিং-ঔগুৰি গাঁও সংযোগী সদাব্যস্ত পথচোৱাৰ দুয়োকাষে শীঘ্ৰে নলা নিৰ্মাণ কৰি পানী নিষ্কাশনৰ সু-ব্যৱস্থা কৰাৰ লগতে ৰূপাই মধ্য ইংৰাজী বিদ্যালয়ৰ সন্মুখৰ কৃত্ৰিম বানৰ স্থায়ী সমাধান কৰিবলৈ টিপুক গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধি আৰু ডুমডুমা সমজিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে এলেকাবাসীয়ে।































