PoliticalDefection: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: যোৱা চাৰি বছৰত ভাৰতত ১১১ জন সাংসদ আৰু বিধায়কে দল সলনি কৰিছে। ইয়াৰ ফলত একাংশ চৰকাৰ শক্তিশালী হোৱাৰ বিপৰীতে বিৰোধী দুৰ্বল হৈছিল আৰু একাংশ ৰাজ্যত ক্ষমতাও সম্পূর্ণ সলনি হৈছিল। এছ’চিয়েচন ফ’ৰ ডেম’ক্রেটিক বিফ’ৰ্মমছ (এডিআৰ) ৰ প্রতিবেদনত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিল।
এডিআৰৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি ২০২২ৰ পৰা ২০২৬ৰ সময়ছোৱাত দেশত একাংশ সাংসদ আৰু বিধায়কে দলত্যাগ কৰি আন দলক যোগদান কৰাৰ ঘটনাৰ ফলত নগালেণ্ড, পশ্চিমবংগ, তেলেংগানা, গোৱা, মহাৰাষ্ট্ৰ আৰু মণিপুৰসহ কে’বাখনো ৰাজ্যৰ চৰকাৰ আৰু বিৰোক্ষী পক্ষ সম্পূর্ণ সলনি হৈছিল।
এডিআৰৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি মুঠ ১১১ সাংসদ আৰু বিধায়কে যোৱা চাৰি বছৰত নিজ দল ত্যাগ কৰি নতুন দলত যোগদান কৰিছিল। দলত্যাগ কৰি আন দলত যোগদান কৰা ১১১ জন নেতাৰ মাজত ২৬ জন লোকসভাৰ সাংসদ, সাতজন ৰাজ্যসভাৰ সাংসদ আৰু ৭৮ জন বিধায়ক আছে।
এই প্রতিবেদন ২০২২ৰ পৰা ২০২৬ৰ সময়ছোৱাত অনুষ্ঠিত নির্বাচন আৰু উক্ত সময়ছোৱাত হোৱা উপ-নিৰ্বাচনৰ তথ্যৰ আধাৰত প্ৰস্তুত কৰা হৈছে। প্রতিবেদনত উল্লেখ কৰা অনুসৰি ৭৮ বিধায়কৰ ৭০ জনে নিৰ্বাচনৰ জয়ৰ পাছত প্রত্যক্ষভাৱে দল সলনি কৰিছিল আৰু আঠজন নেতাৰ ইস্তফা দি বা অযোগ্যতা আদি প্রক্ৰিয়াৰ পাছত অনুষ্ঠিত উপ-নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি পুনৰ জয় লাভকৰিছিল।
দল সলনিকৰণৰ সর্বাধিক ঘটনা ১৭ ৰাজ্য আৰু কেন্দ্র শাসিত প্রদেশত হৈছিল। নগালেণ্ডত সর্বাধিক ৩২ জন জনপ্রতিনিধিয়ে দল সলনি কৰিছিল। ইয়াৰ পাছত পশ্চিমবংগত ২০ জন, তেলেংগানাত নজন, গোৱাত আঠজন, পঞ্জাৱত আঠজন, মহাৰাষ্ট্ৰত ছজন, মেঘালয়ত ছজন আৰু মণিপুৰত পাঁচজন জনপ্রতিনিধিয়ে দল সলনি কৰিছিল।
মুঠ দল সলনিকৰণৰ ঘটনাৰ ৪৭ শতাংশৰ স’তে জড়িত আছিল দুই ৰাজ্য নগালেণ্ড আৰু পশ্চিমবংগত। প্রতিবেদনৰ তথ্য অনুসৰি সৰ্বাধিক ক্ষতি হৈছিল এনডিপিপি দলৰ। এই দলৰ ২৫ জন নির্বাচিত প্রতিনিধিয়ে দলত্যাগ কৰিছিল। ইয়াৰ পাছত এআইটিচিৰ ২০ আৰু আইএনচিৰ ১৯ নেতাই দলত্যাগ কৰিছিল।
ইয়াৰ লগতে বিআৰএছৰ নজন, আপৰ সাতজন, এনচিপিৰ সাতজন, শিৱসেনা (উদ্ধৱ)ৰ ছজন, জেডিইউৰ পাঁচজন আৰু এনপিপিৰ ছজন জনপ্রতিনিধিয়ে নিজ দল ত্যাগ কৰিছিল। চাঞ্চল্যকৰ তথ্যটো হৈছে এনডিপিপি, এআইটিচি আৰু কংগ্ৰেছৰ পৰা ৬৪ জন নেতাই দলত্যাগ কৰিছিল আৰু মুঠ দলত্যাগৰ ৫৮ শতাংশৰ স’তে এই তিনি দলৰ নেতা জড়িত।
দলত্যাগ কৰা ৩২ জন নেতাৰ এনপিএফ, ২৯ জনে বিজেপিত, ২০ জনে এনচিপিআইত যোগদান কৰিছিল।আনহাতে কংগ্রেছত নজন, শিৱসেনাত আঠজন, এনপিপিত ছজন, পিপিএত চাৰিজন নেতাই যোগদান কৰিছিল। নগালেণ্ডত সর্বাধিক ৩২ নেতাই দলত্যাগ কৰাত ৰাজ্যখনত নতুন ৰাজনৈতিক শক্তিৰ উত্থান হৈছিল।
পশ্চিমবংগত ২০ সাংসদে তৃণমূল কংগ্ৰেছ ত্যাগ কৰা বিৰোধীৰ ৰাজনীতি সলনি হৈছিল। তেলেংগানাত বিআৰএছৰ ন বিধায়কে কংগ্রেছত যোগদান কৰাত বিধানসভাত বিআৰএছৰ শক্তি হ্রাস পাইছিল আৰু কংগ্ৰেছ শক্তিশালী হৈছিল। এইদৰে কে’বাখনো ৰাজ্যত দলত্যাগী নেতাই ৰাজনৈতিক সমীকৰণ নিৰ্বাচনৰ পাছত সলনি কৰিছিল বুলি এডিআৰৰ প্ৰতিবেদনত উল্লেখ কৰিছে।






























