AsianGames2026: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : প্রাণ হাতত লৈ পুৰুষৰ বেশত পলায়ন কৰিছিল স্বদেশৰ পৰা। পাঁচ বছৰ পর্যন্ত দেশলৈ উভতি আহিব পৰা নাছিল; কিন্তু সেই ফাৰিবা হাছিনিয়েই আফগানিস্তানলৈ আনিলে এছিয়ান গেমছৰ পদক। যুৱতী এথলীটগৰাকীয়ে চাইক্লিঙত ৰূপৰ পদক জয় কৰিছে। ২৩ বছৰীয়া ফাৰিবাই এতিয়াৰ পৰা স্বপ্ন দেখুৱাবলৈ আৰম্ভ কৰিছে তালিবানৰ শাসনত থকা আফগানিস্তানৰ লাখ লাখ মহিলাক।
বুধবাৰে ফাৰিবাই এছিয়ান গেমছৰ মহিলাৰ ব্যক্তিগত চাইক্লিঙত ৰূপৰ পদক অর্জন কৰে। ২০২৪ৰ পেৰিছ অলিম্পিকতো তেওঁ প্রতিদ্বন্দ্বিতা কৰিছিল যদিও পদক পোৱা নাছিল। অৱশ্যে এছিয়ান গেমছত তেওঁ দেশক হতাশ নকৰিলে। ফাৰিবাৰ বাবেই ২০০২ৰ পাছত এছিয়ান গেমছত পুনৰ কোনো আফগান মহিলাই পদক জয় কৰিলে।
ৰূপৰ পদক জয় কৰি ফাৰিবাই কয়, ‘মই এছিয়ান গেমছলৈ এই স্বপ্ন লৈয়েই আহিছিলো যে প’ডিয়ামত থিয় দেশক গর্বিত কৰিম। সেই সপোন বাস্তৱ হ’ল। নিজৰ অনুভূতি ভাষাৰে প্ৰকাশ কৰিব পৰা নাই।’
২০২১ত তালিবানে আফগানিস্তানে ক্ষমতা দখল কৰাৰ পাছতে পুৰুষৰ ছদ্মবেশত কোনো মতে ফাৰিবাই দেশ এৰি পলায়ন কৰিছিল। তেওঁ গৈ ইটালীত আশ্রয় লয়। এতিয়াও তেওঁ ইটালীতেই থাকে। ইউনেস্ক’ৰ তথ্য অনুসৰি, তালিবান ক্ষমতালৈ অহাৰ পাছত প্রায় ২৪ লাখ মহিলাই আফগানিস্তানৰ পৰা পলায়ন কৰিছিল।
সেই সকল মহিলাকেই এতিয়া স্বপ্ন দেখৱাইছে ফাৰিবাই। এই সন্দৰ্ভত পদক জয়ৰ পাছত ফাৰিবাই কয়, ‘এই ৰূপে আফগানিস্তানৰ মহিলাসকলক শক্তি প্রদান কৰিব। মই জানো, মই অকলশৰীয়া নহয়। মোৰ পাছত লাখ লাখ মহিলা আছে। প্রত্যেকেই এই সপোন দেখে। তেওঁলোক মোৰ লগতেই আছে।’
ফাৰিবা উত্তৰ আফগানিস্তানৰ ফাৰিয়াবৰ প্ৰদেশৰ বাসিন্দা। ১৫ বছৰ বয়সৰ পৰা তেওঁ চাইক্লিং আৰম্ভ কৰে। ফাৰিবাক দেখি তেওঁৰ ভগ্নী ইয়ুন্দুজেও চাইক্লিং আৰম্ভ কৰিছিল। তেওঁলোকৰ নিজৰ চাইকেল নাছিল। প্রতিবেশীৰ পৰা চাইকেল ধাৰত লৈ তেওঁলোকে অনুশীলন আৰম্ভকৰিছিল। ২০১৭ত প্ৰথমবাৰলৈ হাত-ভৰি-মুখ ঢাকি প্রতিযোগিতাত নামি ফাৰিবা চেম্পিয়ন হৈছিল। দ্বিতীয় হৈছিল ইয়ুন্দুজ। সেয়াই আৰম্ভণি।
এক সংবাদ মাধ্যমক ফাৰিবাই কয়, ‘মোৰ নিজকে চৰাই যেন অনুভৱ হৈছিল। এনে লাগিছিল যেন উৰি ফুৰিছো। বৰ ভাল লাগিছিল। ফাৰিয়াবৰ কোনেও ভাবিব নোৱাৰিছিল যে ছোৱালীয়েও চাইক্লিং কৰিব। সেয়ে আমি লুকাই লুকাই কৰিবলগীয়া হৈছিল। মই বাহিৰলৈ গ’লে সকলো সময়তে ল’ৰাৰ বেশ লৈছিলো।’
যদিও লাহে লাহে তেওঁলোকৰ নাম বিয়পি পৰে। অথচ তাৰ পৰা সুবিধাতকৈ তেওঁলোকৰ অসুবিধাহে বেছি হ’ল। অনেক প্রতিবন্ধকতাৰ মুখত পৰিবলগীয়া হৈছিল দুই ভগ্নীয়ে। এবাৰতো ডাঙৰ দুৰ্ঘটনাৰ সন্মুখীন হৈছিল ইয়ুন্দুজা। সেই স্মৃতি ফাৰিবাৰ মনত এতিয়াও সজীৱ হৈ আছে। তেওঁ কয়, ‘আমাৰ দেশখন বৰ সুন্দৰ; কিন্তু মানুহবোৰৰ মানসিকতা অতি নিম্ন। সকলোৱে আমাক বেয়া কথা কৈছিল। এবাৰ এজন অট’ৱালাই মোৰ ভগ্নীক খুন্দা মাৰে। ভগ্নীৰ কিলাকুটি ভাঙি গৈছিল।’
এবাৰ পিতৃয়ে ফাৰিবাক প্রশ্ন কৰিছিল যে তেওঁলোকে চাইক্লিং অব্যাহত ৰাখিব বিচাৰে নে নিবিচাৰে। আচলতে নিজৰ দুই কন্যাক হত্যা কৰিব পাৰে বুলি তেওঁ ভয় কৰিছিল; কিন্তু ফাৰিবাই ভয় কৰা নাছিল। দেশৰ পৰা পলায়ন কৰিও তেওঁ সপোন দেখিবলৈ এৰি দিয়া নাছিল। ইটালীৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন চাইক্লিষ্ট আলেছান্দ্রা কাপেলোট্টোৰ ওচৰত তেওঁ অনুশীলন আৰম্ভকৰে। এতিয়াও ফাৰিবাই সপোন দেখে যে তেওঁক দেখিয়েই অনুপ্রাণিত হ’ব আফগানিস্তানৰ লাখ লাখ মহিলা।































