ChiefElectionCommissioner : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দেশত নজিৰবিহীন! সম্প্রতি প্রচণ্ড বিতৰ্কৰ আবৰ্তত থকা নৰেন্দ্ৰ মোদী চৰকাৰৰ নয়নৰ মণিস্বৰূপ দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে তদন্ত ঘোষণাৰ দাবীত এইবাৰ আৰম্ভ হ’ল আইনী যুঁজ। আনকি তেওঁক সাধাৰণ অভিযুক্তৰ লেখীয়াকৈ গণ্য কৰি তেওঁৰ ক্ষমতাবহির্ভূত তথা অকর্তৃত্বশীল কাম-কাজৰ সম্পৰ্কত তদন্ত ঘোষণাৰ দাবীত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত দাখিল হয় এখন জনস্বার্থজড়িত আবেদন (পিআইএল)।
আবেদনত স্বেচ্ছাচাৰী মুখ্য নির্বাচন আয়ুক্তজনৰ বিৰুদ্ধে ন্যায়িক তদন্ত ঘোষণাৰ দাবী উত্থাপন হৈছে।উল্লেখ্য যে দেশৰ সংবিধানৰ ৩২৪ অনুচ্ছেদৰ অধীনত সাংবিধানিক প্রতিষ্ঠান নির্বাচন আয়োগত স্বেচ্ছাচাৰীৰাজ চলাই কুমাৰে দেশৰ ৩০ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১৩ কোটিৰো অধিক ভোটাৰৰ ভোটাধিকাৰ কৰ্তন কৰাৰ তথ্য শেহতীয়াভাৱে ‘দ্য ইণ্ডিয়ান এক্সপ্রেছ’ কাকতে পোহৰলৈ অনাত দেশজুৰি তুমুল জোঁকাৰণিৰ সৃষ্টি হয়।
এই বৃহৎসংখ্যক ভোটাৰৰ ভোটাধিকাৰ হৰণ কৰিবলৈ তেওঁ মইমতালিৰে বিতর্কিত ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) প্রয়োগ কৰে। আশ্বর্যজনক যে তিনিজন নির্বাচন আয়ুক্ত বিশিষ্ট নির্বাচন আয়োগৰ দুই আয়ুক্ত ক্রমে সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে এছআইআৰলৈ সন্মতি দিয়া নাছিল যদিও মুখ্য নির্বাচন আয়ুক্তই মইমতালিৰে ভোটাৰধিকাৰ হৰণকাৰী এই ভোটাৰ তালিকা পুনৰীক্ষণ পদ্ধতি ৩০ খনকৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত প্রয়োগ কৰে। ফলত ১৩ কোটিৰো অধিক লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে।
এনেদৰে বৃহৎসংখ্যক ভোটাৰৰ ভোটাধিকাৰ হৰণ হোৱাৰ সময়তে অসম, পশ্চিমবংগ আদিত চলিত বর্ষত বিধানসভা নির্বাচন অনুষ্ঠিত হয়।মুখ্য নির্বাচন আয়ুক্ত কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত ঘোষণাৰ দাবীত আজি শৈলেন্দ্ৰ মণি ত্রিপাঠী নামৰ এজন অধিবক্তাই সর্বোচ্চ ন্যায়ালয়ত পিআইএল দাখিল কৰে। তেওঁৰ হৈ ন্যায়ালয়ত আবেদন দাখিল কৰে অধিবক্তা চান্দ কুৰেশ্বিয়ে।
আবেদনকাৰীয়ে অভিযোগ উত্থাপন কৰিছে দুই নির্বাচন আয়ুক্ত সান্ধু আৰু যোশীৰ অনুমোদন অবিহনে মুখ্য নির্বাচন আয়ুক্ত কুমাৰে সংবিধান আৰু আইন প্রদত্ত ক্ষমতাৰ বাহিৰলৈ গৈ নির্বাচন আয়োগৰ ছফটৱেৰ, নীতি-নির্দেশনা সলনি কৰাৰ লগতে অকলে সিদ্ধান্ত গ্রহণ কৰে। কুমাৰে মইমতালিৰে অকলে গ্ৰহণ কৰা সিদ্ধান্তসমূহক অসাংবিধানিক ঘোষণা কৰিবলৈও আবেদনকাৰীয়ে ন্যায়ালয়ত প্রার্থনা জনায়।
লগতে তেওঁ ভোটাৰ তালিকাত নাম পঞ্জীয়নৰ বাবে পূর্বে আয়োগে ব্যৱহাৰ প্ৰপত্ৰ-৬ পুনৰ বাহাল ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিবলৈও ন্যায়ালয়ক প্রার্থনা জনাইছে। তদুপৰি তেওঁ নির্বাচন আয়োগৰ তথ্যপ্রযুক্তি শাখাৰ সঞ্চালক প্রধান সীমা খান্না আৰু আয়োগৰ উপ-নির্বাচন আয়ুক্ত মনীষ গাৰ্গৰ বিৰুদ্ধেও কর্তব্যত গাফিলতিৰ অভিযোগ উত্থাপন কৰি দুয়োৰে বিৰুদ্ধে জনপ্রতিনিধিত্ব আইনৰ ৩২ ধাৰাত গোচৰ ৰুজুৰ দাবী উত্থাপন কৰিছে।
আবেদনত তেওঁ আয়োগৰ বিতর্কিত এছআইআৰৰ ফলত গোৱাত ৯৭ জন যোগ্য ভোটাৰ পশ্চিমবংগত ৩০ লাখৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱাৰ কথাও উল্লেখ কৰে।
উল্লেখ্য যে ২০২৩ত মোদী চৰকাৰে এক বিতর্কিত আইন আনি দেশৰ নিৰ্বাচন আয়ুক্তসকলক এক ৰক্ষা কবচ প্ৰদানৰ ব্যৱস্থা কৰে। উক্ত আইনৰ ১৬ নম্বৰ ধাৰা অনুসৰি নিৰ্বাচন আয়ুক্তসকলৰ চৰকাৰী কাম-কাজ সন্দৰ্ভত কোনো গোচৰ ৰুজু নহয়। এই সম্পর্কত অধিবক্তা ত্রিপাঠীয়ে কয় যে উক্ত আইনে সামগ্রিকভাৱে নির্বাচন আয়ুক্তসকলক ৰক্ষাকবচ প্রদান কৰিছে; গাইগুটীয়াভাৱে এজন আয়ুক্তক এই ৰক্ষাকবচ প্ৰদান কৰা নাই।
বিষয়টো সম্পর্কত অধিবক্তাজনে আৰু কয়, ‘যেতিয়া কোনো কাম আৰু চৰকাৰী দায়বদ্ধতাৰ মাজত সামঞ্জস্য নাথাকে, তেনে পৰিস্থিতিত যৌক্তিক সংযোগ বাতিল হয়। গতিকে ২০২৩ৰ আইনখনে নির্বাচন আয়ুক্তসকলক প্ৰদান কৰা ৰক্ষাকবচ কুমাৰৰ ক্ষেত্ৰত কাৰ্যকৰী নহয়।’
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ব্রজেশ সিং নামৰ আন এজন অধিবক্তাই মুখ্য নির্বাচন আয়ুক্ত কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ অনুমতি বিচাৰি দেশৰ মহাধিবক্তা আৰ ভেংকটাৰামণীলৈ এক পত্ৰ প্ৰেৰণ কৰে। অধিবক্তা সিঙে বিশেষ তদন্তকাৰী গোট (এছআইটি)ৰ দ্বাৰা কুমাৰৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ তদন্ত বিচাৰিছে।































