দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দেশী-বিদেশী পর্যটকসকলৰ বাবে কঢ়িয়াই আনিছে এক আনন্দৰ খবৰ। বাৰিষাৰ কালছোৱা পাৰ হৈ অহাৰ লগে লগে ২০২৬-২৭ৰ নতুন পর্যটন বৰ্ষৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যান অহা দুই অক্টোবৰত পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে উদ্যান কর্তৃপক্ষই।
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ নীতিশ বড়োৱে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে। ৰেঞ্জাৰজনে জনোৱা মতে, অহা দুই অক্টোবৰৰ দিনটোত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় মুখ্য প্ৰৱেশদ্বাৰত এক বর্ণাঢ্য কাৰ্যসূচীৰ জৰিয়তে আনুষ্ঠানিভাৱে পর্যটকসকলৰ বাবে উদ্যানখন মুকলি কৰি দিয়া হ’ব।
বন্যপ্রাণী (সুৰক্ষা) আইন, ১৯৭২ আৰু অসম বন্যপ্রাণী (সুৰক্ষা) নিয়মসমূহ, ১৯৯৭ৰ প্ৰাসংগিক বিধান অনুসৰি পুনৰ কোনো নতুন জাননী জাৰি নকৰালৈকে মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে খোলা থাকিব। পর্যটকসকলৰ সুবিধার্থে উদ্যান কর্তৃপক্ষই পূৰ্বৰ দৰে প্ৰতিটো সপ্তাহতে বিভিন্ন ৰেঞ্জ বন্ধ থকা দিনবোৰো নিৰ্ধাৰণ কৰি দিছে।
নিয়ম অনুসৰি মঙলবাৰে বাঁহবাৰী ৰেঞ্জ, বুধবাৰে কুকলুং ৰেঞ্জ, বৃহস্পতিবাৰে: ভূঞাপাৰা ৰেঞ্জ আৰু শুকুৰবাৰে: পানবাৰী ৰেঞ্জ বন্ধ থাকিব। শীতকালৰ আগমনৰ লগে লগে মানাহৰ প্ৰাকৃতিক সৌন্দর্য উপভোগ কৰিবলৈ অহা পর্যটকসকলক লৈ বনাঞ্চলখনত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে।






























