UNGeneralAssembly : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : কাশ্মীৰ প্রসংগক লৈ ৰাষ্ট্ৰসংঘত পুনৰ সৰৱ হ’ল তুৰস্ক। উল্লেখ্য যে যোৱা আঠ ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮১ সংখ্যক অধিবেশন অনুষ্ঠিত হয়। এই অধিবেশনতে তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেজেপ টায়িপ আর্ডোগানে কাশ্মীৰ প্ৰসংগক লৈ আকৌ সৰৱ ভূমিকা পালন কৰে। তেওঁ কয়, ‘দক্ষিণ এছিয়াৰ কাশ্মীৰ সমস্যাসহ সকলো সমস্যা ৰাষ্ট্ৰসংঘৰ চনদ আৰু প্ৰাসংগিক প্ৰস্তাৱনাৰ মাজত থাকি আলোচনা কৰি সমাধান কৰাটো গুৰুত্বপূৰ্ণ।’
উল্লেখ্য যে ইয়াৰ পূৰ্বেও কাশ্মীৰ সমস্যাক লৈ আর্ডোগান দীর্ঘদিন ধৰি সৰৱ হৈ আহিছে। আনহাতে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ এই অধিবেশন আন দিশৰ পৰাও লক্ষ্যণীয় হৈ উঠে। প্রতিষ্ঠা দিনৰে পৰা যুদ্ধৰ বিৰুদ্ধে ধ্বনি দি অহা আন্তর্জাতিক সংস্থাটোৰ মজিয়াতে যুদ্ধংদেহি স্থিতি প্রকাশ কৰিলে একাংশ ৰাষ্টনেতাই।
এই নেতাসকলৰ মাজত ব্রাজিল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভকৰি তুৰস্ক-চাইপ্ৰাছলৈকে আছে। আনহাতে, যুদ্ধৰ বিৰুদ্ধে একাংশ নেতা সৰৱ হৈ উঠে। লক্ষ্যণীয়ভাবে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ নীতিৰ বিপৰীত স্থিতি গ্রহণ কৰে একাংশ সহযোগী দেশে। এই দেশসমূহৰ অন্যতম হ’ল ফ্রান্স। সাধাৰণ সভাৰ অধিবেশনত গাজা প্ৰসংগত সৰৱ হৈ উঠে ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেব্রু’।
গাজাত ইজৰাইলী বিমান আক্ৰমণৰ বিৰোধিতা কৰি তেওঁ বক্তব্য আগবঢ়ায়। লক্ষ্যণীয়ভাৱে দীর্ঘদিন ধৰি ৱাশ্বিংটনৰ সুৰত সুৰ মিলাই ফ্রান্সেও ইজৰাইলৰ গাজা আক্রমণক সমৰ্থন কৰি আছিল। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ শেহতীয়া অধিবেশনত ফৰাচী ৰাষ্ট্ৰপতি মেকুঁ’রে স্পষ্টভাৱে ইজৰাইলৰ গাজা আক্ৰমণৰ বিৰোধিতা কৰে।
আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ, পাকিস্তান, তুৰস্ক আৰু ব্রাজিলৰ ৰাষ্ট্ৰ মুৰব্বীসকলে দিয়া ভাষণত আগ্রাসী মনোভাব স্পষ্ট হয়। উদাহৰণস্বৰূপে ব্রাজিলৰ ৰাষ্ট্ৰপতি লুলাই আমেৰিকা যুক্তৰাষ্ট্ৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, ‘আমি কোনো পৰিস্থিতিতে আমেৰিকা নেতৃত্বাধীন পশ্চিমীয়া বিশেষ দাসত্ব মানি নলওঁ।’ কেৱল সেয়াই নহয়, লুলাই ইজৰাইলকো কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁৰ পাছতে বক্তব্য আগবঢ়াই ফৰাচী ৰাষ্ট্ৰপতিয়ে ইজৰাইলৰ গাজা আক্ৰমণৰ প্ৰৱল বিৰোধিতা কৰে।
আনহাতে, এই সভাত ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে যুদ্ধংদেহি স্থিতি প্রকট কৰে। তেওঁ কয়, ‘আমাৰ নাগৰিকসকল সন্ত্ৰাসৰ স্বীকাৰ হৈছে।’ বক্তব্য আগবঢ়োৱাৰ সময়ত পেজেস্কিয়ানে মার্কিন-ইজৰাইলী আক্ৰমণত নিহত ইৰানৰ প্রয়াত সর্বোচ্চ নেতা খামেনেইৰ ফটো প্ৰদৰ্শন কৰে। তদুপৰি তেওঁ ইহুদী-মার্কিন বিমান আক্রমণত ধ্বংস হোৱা ইৰানৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ফটোও তেওঁ সাধাৰণ সভাত প্ৰদৰ্শন কৰে। উল্লেখ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত মার্কিন-ইহুদী বাহিনীয়ে সূচনা কৰা ইৰান আক্ৰমণৰ সময়ত দেশখনৰ মিনাব অঞ্চলত এখন প্রাথমিক স্কুল ধ্বংস হোৱাত ডেৰ শতাধিক কণ কণ ছাত্র-ছাত্রী নিহত হয়। ইয়াৰ আঁত ধৰিয়ে ৰাষ্ট্ৰপতি পেজেস্কিয়ানে ৰাষ্ট্ৰসংঘৰ মজিয়াত কয় যে তেওঁলোকৰ দেশৰ নাগৰিকসকল সন্ত্ৰাসৰ স্বীকাৰ হ’ব লগা হৈছে।
ইৰানী ৰাষ্ট্ৰপতিজনে লগতে উল্লেখ কৰে যে ইৰানক আণৱিক অস্ত্র নহয়, আণৱিক ইন্ধনৰহে প্ৰয়োজন। ইপিনে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ এই অধিবেশনত অংশ লোৱাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ডেনমার্কে গ্রীণলেণ্ডক লৈ এক বুজাবুজি কৰে। আনহাতে অধিবেশনত তুৰস্কৰ বিৰুদ্ধে সৰৱ হৈ উঠে চাইপ্রাছ। দেশখনে অভিযোগ উত্থাপন কৰে যে তুৰস্কই চাইপ্ৰাছৰ একাংশ বেদখল কৰিছে।
লক্ষ্যণীয়ভাৱে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে অধিবেশনত ৰাষ্ট্ৰসংঘৰ কে’বাটাও শাখাৰ আমূল সালসলনি দাবী কৰে। তেওঁ সালসলনি বিচৰা ৰাষ্ট্ৰসংঘৰ শাখাসমূহৰ অন্যতম হ’ল মানৱ অধিকাৰ পৰিষদ, শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন (ইউনেস্ক’) আদি। একেদৰে তেওঁ আন্তর্জাতিক অপৰাধ আদালতৰ তীব্র বিৰোধিতা কৰে।






























