RoadCondition: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জৰাজীৰ্ণ গড়কাপ্টানী পথসমূহ পুনৰ নিৰ্মাণ কৰি ৰাইজৰ যাতায়াতৰ সমস্যা দূৰ কৰাৰ কথা ঘোষণা কৰি অহাৰ সময়তে যোৰহাটত চৰকাৰৰ ঘোষণাৰ বিপৰীত ছবি এখন পৰিস্ফুট হৈছে।
যোৰহাট নগৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগৰ মালৌআলি-মনাইমাজিৰ ভোগদৈ দলঙৰ পৰা এলেংমৰালৈ যোৱা গড়কাপ্টানী পথছোৱাৰ বিধ্বস্তৰূপে ৰাইজক জীয়াতু ভোগাইছে। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভোগদৈ দলঙলৈকে পথছোৱাৰ নিৰ্মাণ সম্পূর্ণ হ’লেও দলঙৰ পৰা এলেংমৰালৈ যোৱা অংশটো দীর্ঘদিন ধৰি মেৰামতি বা নিৰ্মাণৰ অপেক্ষাত আছে।
পথছোৱাত সৃষ্টি হোৱা দ-কুঁৱা আৰু পুখুৰীসদৃশ গাঁতে যাতায়াত বিপজ্জনক কৰি তুলিছে। ইতিমধ্যে পথটোত কে’বাটাও সৰু-বৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে একাধিক লোক আহত হৈছে।
চৰকাৰৰ পথ নিৰ্মাণৰ ঘোষণাই বাস্তৱত কিমান দূৰ ৰূপ পাইছে, মালৌআলি-এলেংমৰা পথৰ দুৰৱস্থাই তাক লৈ প্রশ্ন উত্থাপন কৰিছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অভিযোগ কৰা মতে, পথটোৰ ক্ষেত্ৰত লোকনির্মাণ বিভাগৰ উদাসীনতা আৰু দায়িত্বহীনতাৰ বাবেই ৰাইজে এনে দুর্ভোগ ভুগিবলগীয়া হৈছে।
ইয়াৰ মাজতে বিধ্বস্ত পথছোৱাৰে মাটি-বালি আৰু ব্ৰহ্মপুত্ৰৰ পলস ডাম্পাৰেৰে কঢ়িয়াই নিয়াত পথৰ অৱস্থা অধিক শোচনীয় হৈ পৰাৰ অভিযোগ উঠিছে।
এই ঘটনাক লৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মালৌআলি আঞ্চলিক সমিতিয়ে তীব্র ক্ষোভ প্রকাশ কৰি শীঘ্ৰে পথছোৱা নিৰ্মাণৰ দাবী জনাইছে। সংগঠনটোৱে অন্যথা ৰাইজৰ ক্ষোভে অধিক তীব্র ৰূপ ল’ব পাৰে বুলি সকীয়াই দিয়ে।































