AASU: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ হৈছে আছু সভাপতি উৎপল শৰ্মা। মৃত্যুৰ পাছতো এগৰাকী নাৰীৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন বা চৰিত্ৰহননৰ প্ৰচেষ্টাক লৈও প্ৰশ্ন উত্থাপন কৰিছে তেওঁ।
এটা ভিডিঅ’ বাৰ্তাযোগে উৎপল শৰ্মাই প্ৰশ্ন কৰে—এগৰাকী নাৰী আৰু জীয়াই নথকাৰ পাছতো তেওঁ নাৰী হোৱাৰ বাবেই তেওঁৰ চৰিত্ৰ হনন কৰাটো জৰুৰী নেকি? নাৰীৰ মৰ্যাদা আৰু সন্মান অটুট ৰখাৰ গুৰুত্বৰ কথাও উল্লেখ কৰে আছু সভাপতিগৰাকীয়ে।
গুৱাহাটীৰ এটা হোমষ্টে’ত নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ ঘটনাক লৈ তদন্ত অব্যাহত থকাৰ সময়তে উৎপল শৰ্মাৰ এই মন্তব্য আহিছে।
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক জিম্মাত লৈছে। অৱশ্যে নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ সঠিক পৰিস্থিতি আৰু মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে।































