ElectionCampaign : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামনি বৰাৰ সমৰ্থনত শনিবাৰে ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়।
এই সভাত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয় নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰি কয় যে নগাঁৱৰ এই উপ-নিৰ্বাচন কেৱল এখন আসন লাভৰ সাধাৰণ নিৰ্বাচন নহয়, বৰঞ্চ দেশৰ সংবিধান, গণতন্ত্ৰ আৰু জনসাধাৰণৰ ভোটাধিকাৰ সুৰক্ষিত কৰাৰ এক ঐতিহাসিক সংগ্ৰাম।
ভাষণ প্ৰসংগত গৌৰৱ গগৈয়ে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ গভীৰ সংশয় প্ৰকাশ কৰে। তেওঁ কয় যে নিৰ্বাচন আয়োগে শাসকীয় বিজেপিৰ শীৰ্ষ নেতৃত্বৰ হেঁচাত ভোটাৰ তালিকা আৰু প্ৰক্ৰিয়াত খেলিমেলি কৰিছে।
বিগত বিধানসভা নিৰ্বাচনত ৰহা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী উৎপল বণিয়াৰ নিশ্চিত জয়ৰ পিছতো অস্বাভাৱিক ফলাফল ওলোৱাৰ প্ৰসংগ টানি আনি তেওঁ কয় যে এতিয়া বেলট বক্সৰ পৰিৱৰ্তে ভোটাৰ তালিকাত জালিয়াতি কৰি নাম কৰ্তন কৰা হৈছে।
বিশেষকৈ ফৰ্ম-৬ৰ জৰিয়তে নাম অন্তৰ্ভুক্ত কৰিব বিচৰা নতুন প্ৰজন্মৰ ভোটাৰসকলক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ অপচেষ্টা চলিছে বুলিও তেওঁ অভিযোগ কৰে।
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে দেশৰ যুৱ প্ৰজন্মক ১৮ বছৰ বয়সতে ভোটাধিকাৰ প্ৰদান কৰি গণতন্ত্ৰক সুদৃঢ় কৰিছিল। কিন্তু বৰ্তমানৰ বিজেপিয়ে এজন সাধাৰণ দৰিদ্ৰ ব্যক্তি, ছাত্ৰ, মহিলা বা শ্ৰমিকৰ ভোটৰ মূল্য নাইকিয়া কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।
তেওঁ কয় যে অসম তথা দেশৰ নতুন প্ৰজন্মই এতিয়া বিজেপিৰ বিভাজনকাৰী আৰু সাম্প্ৰদায়িক ৰাজনীতিক সম্পূৰ্ণৰূপে নাকচ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আজান পীৰৰ এই সমন্বয়ৰ ভূমিত হিন্দু-মুছলমানৰ ৰাজনীতি চলিব নোৱাৰে বুলি স্পষ্ট কৰি দি তেওঁ কয় যে গণতন্ত্ৰ ৰক্ষাৰ বাবে যুৱ শক্তিয়ে ভয়ৰ পৰিৱেশ ওফৰাই থিয় দিছে।
প্ৰচাৰ অভিযানৰ সময়ত চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰাৰ কনভয়ত বিজেপি সমৰ্থকে কৰা আক্ৰমণৰ ঘটনাক সাংসদ গৌৰৱ গগৈয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে। এগৰাকী মহিলা প্ৰাৰ্থীৰ বাহনত শিল-বটল নিক্ষেপ কৰাৰ দৰে বৰ্বৰ কাণ্ড সংঘটিত হোৱাৰ পিছতো প্ৰশাসনে নিৰ্লিপ্ত ভূমিকা লোৱাত তেওঁ ক্ষোভ প্ৰকাশ কৰে। অপৰাধ আৰু ভাবুকিৰ ৰাজনীতি কৰা শক্তিক গণতান্ত্ৰিকভাৱে উচিত প্ৰত্যুত্তৰ দিয়াৰ আহ্বান জনাই তেওঁ কয় যে সংবিধান আৰু ভোটাধিকাৰ ৰক্ষাৰ বাবে ৰাইজে একগোট হৈ হাতৰ ছবিত ভোট দি কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰাক বিপুল ভোটত বিজয়ী কৰাব লাগিব।
ইফালে, সাংবাদিকৰে হোৱা বাৰ্তালাপত জ্ঞানেশ কুমাৰক বিজেপিয়ে তেওঁলোকৰ দলৰ সভাপতি পাতিব বুলি সভাপতি গৌৰৱ গগৈয়ে কটাক্ষ কৰে। তেওঁ কয়, ”বিজেপিৰ আইটি চেলৰ কথা শুনিছিলো৷ কিন্তু এতিয়া জ্ঞানেশ কুমাৰৰ কাৰ্যালয়তে বিজেপিৰ এটা আইটি চেল খোলা হৈছে৷ বিজেপিয়ে দেশৰ ভোটাৰ তালিকাত কব্জা কৰিব খুজিছে৷ জ্ঞানেশ কুমাৰে খোলাখুলিকৈ ক’ব লাগে যে তেওঁৰ দ্বাৰা কোনে এই অবৈধ কাম কৰাই আছে৷’’
উল্লেখ্য যে উক্ত প্ৰচাৰ সভাত এআইচিচিৰ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ সহ-তত্বাৱধায়ক মনোজ চৌহান, সাংসদ ৰকিবুল হুছেইন, বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক আশ্ৰাফুল ইছলাম, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণুমনি বৰা, যুৱ নেতা উৎপল বণিয়াৰ লগতে প্ৰদেশ, জিলা আৰু ব্লক কংগ্ৰেছৰ বহুসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে। সভাত উপস্থিত ৰাইজৰ স্বতঃস্ফূৰ্ত আৰু ব্যাপক সঁহাৰিয়ে নিৰ্বাচনৰ প্ৰাকক্ষণত দলৰ প্ৰতি জনসাধাৰণৰ আস্থা স্পষ্ট কৰি তুলিছে।































