HomestayDeath : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ধাৰাপুৰৰ হোমষ্টে’ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তত ক্ৰমাৎ নতুন তথ্য পোহৰলৈ আহিছে। ঘটনাটোৰ মূল অভিযুক্ত আছিক আলীক গড়চুক থানাত আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।
আজি তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব। তদন্ত আগবঢ়োৱাৰ স্বাৰ্থত আছিক আলীক সাত দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে।
ইফালে, যুৱতীগৰাকীৰ মৃত্যুৰ স’তে আছিক আলীৰ উপৰি আন কোনো লোক জড়িত আছিল নেকি, সেই বিষয়টোও তদন্তৰ আওতাত ৰাখিছে আৰক্ষীয়ে। সম্ভাৱ্যভাৱে জড়িত আন লোকসকলৰ সন্ধানতো তদন্তকাৰী বিষয়াসকলে তথ্য সংগ্ৰহ কৰি আছে।
আৰক্ষীৰ সূত্ৰৰ দাবী অনুসৰি, আছিক আলীৰ অতীতৰ কাৰ্যকলাপ সন্দৰ্ভতো তথ্য সংগ্ৰহ কৰা হৈছে। পূৰ্বে বিভিন্ন অপৰাধমূলক ঘটনাৰ স’তে তেওঁৰ নাম জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱা বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে।
চুৰি আৰু ডকাইতিকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপৰ অভিযোগৰ বিষয়েও তদন্ত চলিছে। একাংশ ড্ৰাগছ সৰবৰাহকাৰীৰ স’তে তেওঁৰ ঘনিষ্ঠ যোগাযোগ আছিল নেকি, সেই দিশটোও পৰীক্ষা কৰি থকা হৈছে।
ইয়াৰ উপৰি, কিছুদিন পূৰ্বে মেঘালয়ত গ্ৰেপ্তাৰ হোৱা অসমৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীৰ স’তে আছিক আলীৰ কোনো সম্পৰ্ক আছিল নেকি, সেই বিষয়তো মহানগৰ আৰক্ষীয়ে অনুসন্ধান চলাইছে।
আনহাতে, মৃত যুৱতীগৰাকীৰ স’তে পৰিচয়ৰ সময়ত আছিক আলীয়ে নিজৰ পৰিচয় আৰু পেছা সন্দৰ্ভত কি তথ্য দিছিল, সেই বিষয়েও আৰক্ষীয়ে তদন্ত কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, যুৱতীগৰাকীৰ আগত আছিকে নিজকে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত অধ্যয়নৰত বুলি পৰিচয় দিয়া তথ্য পোৱা গৈছে।
নিজৰ প্ৰকৃত পৰিচয় বা পেছা সম্পৰ্কে আছিকে কোনো তথ্য গোপন কৰিছিল নেকি, সেই দিশতো অনুসন্ধান অব্যাহত আছে।
সমান্তৰালভাৱে, ঘটনা সংঘটিত হোৱা হোমষ্টে’টোৰ পৰিচালনা ব্যৱস্থা আৰু নথি-পত্ৰও আৰক্ষীৰ তদন্তৰ আওতালৈ আহিছে। হোমষ্টে’টো পৰিচালনাৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়ম-নীতি পালন কৰা হৈছিল নে নাই, সেই বিষয়েও পৰীক্ষা কৰা হৈছে।
ইতিমধ্যে হোমষ্টে’টোৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসহ মুঠ চাৰিজন লোকক আৰক্ষীয়ে আটক কৰিছে। তেওঁলোকক আজি গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে।
ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু ইয়াৰ স’তে কোন কোন লোক জড়িত, সেই বিষয়ে আৰক্ষীৰ তদন্ত অব্যাহত আছে।
































