UttarKampithCollege: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : হয়তো অভিলেখ গঢ়িব পৰাৰ জোখাৰে সমৃদ্ধ হৈ উঠিছে নলবাৰীৰ এখন মহাবিদ্যালয়! পাছে বিদ্যায়তনিক ফলাফলৰ বাবে নহয়, অসংখ্য গোচৰৰ বাবেহে এই অভিলেখ সম্ভৱ হ’ব পাৰে। এই মহাবিদ্যালয়খন হৈছে জিলাখনৰ জাগাৰাত অৱস্থিত উত্তৰ কামপীঠ মহাবিদ্যালয়। এটা সময়ত তদানীন্তন অধ্যক্ষ তৰুণ শৰ্মাৰ বয়সৰ জালিয়াতি, শিক্ষাগত নথি-পত্ৰৰ জালিয়াতি,বিত্তীয় খেলিমেলি আদিৰ বাতৰিৰে সঘনে চৰ্চিত হৈ পৰা এইখন মহাবিদ্যালয় শেহতীয়াভাবে পুনৰ চৰ্চালৈ আহিছে ইয়াৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়, জিলা সত্র ন্যায়ালয় আদি বিভিন্ন আদালতত চলি থকা গোচৰক কেন্দ্ৰ কৰি।
এটা-দুটা নহয়, সম্প্রতি ৩০ৰো অধিক গোচৰত ককবকাইছে এই মহাবিদ্যালয়খনে। সেয়া তদানীন্তন অধ্যক্ষ তৰুণ শৰ্মাৰ কৰ্মকাণ্ডক কেন্দ্ৰ কৰি। লক্ষ্যণীয় যে তদানীন্তন অধ্যক্ষ তৰুণ শৰ্মাই দিয়া ৮২ লাখ টকাৰ চেকক কেন্দ্ৰ কৰি এতিয়া বিভিন্ন আদালতত চলি আছে এই বৃহৎ সংখ্যক গোচৰ।
ফলত মাহটোৰ অধিক দিনেই কান্ধত নথিপত্ৰৰ মোনা লৈ আদালতে আদালতে ঘুৰি ফুৰিব লগা হয় ইয়াৰ বৰ্তমানৰ অধ্যক্ষজন।উল্লেখ্য যে এটাৰ পাছত আন এটা কেলেংকাৰিত অভিযুক্ত হোৱাৰ লগতে একাংশ শিক্ষক, ছাত্র-ছাত্রী আৰু মহাবিদ্যালয় কর্তৃপক্ষই আৰক্ষী বেলশৰ থানাত দিয়া গোচৰ (গোচৰ নম্বৰ ১০৭/২০১৫ আৰু ০৯/২০১৫) মর্মে শর্মাই ২০১৪ৰ অক্টোবৰৰ পৰা মহাবিদ্যালয়লৈ অহা বাদ দিয়ে।
সেই বৰ্ষৰে ৩১ ডিচেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণৰ সময়ত মহাবিদ্যালয় কর্তৃপক্ষক যাৱতীয় নথি আৰু স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ হিচাপ দাখিল নকৰাৰ লগতে পৰৱৰ্তী অধ্যক্ষক দায়িত্বভাৰো হস্তান্তৰ নকৰিলে। অৱশ্যে পাছত ২০১৫ৰ ১০ ফেব্ৰুৱাৰীত সঞ্চালকৰ প্ৰত্যক্ষ হস্তক্ষেপতহে দায়িত্বভাৰ হস্তান্তৰ কৰে।
কিন্তু অৱসৰ গ্ৰহণৰ আগদিনা অর্থাৎ ২০১৪ ৰ ৩০ ডিচেম্বৰত তেওঁ কেইজনমান ব্যৱসায়ীক ৰহস্যজনকভাৱে ৮২ লাখ টকাৰ চেক ইছু্যু কৰে। মহাবিদ্যালয়খনত বিভিন্ন সামগ্রী যোগানৰ বিপৰীতে এই চেকসমূহ ইছ্যু কৰা বুলি ব্যৱসায়ীসকলে পাছত মহাবিদ্যালয় কর্তৃপক্ষক দাবী কৰে।
ইপিনে, মহাবিদ্যালয় কর্তৃপক্ষই সদৰী কৰা মতে, ইয়াৰ সাক্ষ্য হিচাপে ইয়াৰ কোনো এজন ব্যবসায়ীয়ে সামগ্রী যোগানৰ নথি-পত্ৰ মহাবিদ্যালয় কর্তৃপক্ষক এই পর্যন্ত জমা দিব পৰা নাই। তাৰ বিপৰীতে তেওঁলোকক যদিও ২০১৪ৰ ৩০ ডিচেম্বৰত তৰুণ শৰ্মাই চেক ইছ্যু কৰি দিছিল, ব্যৱসায়ীকেইজনে ৰহস্যজনকভাৱে ২০২৫ৰ মাৰ্চতহে সংশ্লিষ্ট ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পিপলিবাৰী শাখাত জমা দি চেকসমূহ বাউঞ্চ কৰায়।
তদুপৰি যি সময়ত তৰুণ শৰ্মাই ৮২ লাখকৈ টকাৰ চেক ইছ্যু কৰিছিল সেই সময়ত বেংকত ৮২ হেজাৰ টকাও জমা নাছিল বুলি মহাবিদ্যালয় কর্তৃপক্ষই সদৰী কৰে। লক্ষ্যণীয় যে এইসকল ব্যৱসায়ীয়ে পাছত আদালতত এটাৰ পাছত আন এটাকৈ গোচৰ ৰুজু কৰে। যাৰ ফলত এতিয়া মহাবিদ্যালয় পৰিচালনা সমিতি আৰু ইয়াৰ বৰ্তমানৰ অধ্যক্ষজন ব্যস্ত থাকিব লগা হৈছে কেবলমাত্র আদালতৰ গোচৰক লৈয়ে।
১২ বছৰ ধৰি পোৱা নাই ইউজিচিৰ অনুদান
২০১৩ ৰ পৰা সুদীর্ঘ ১২ বছৰ ধৰি বিশ্ববিদ্যালয় অনুদান আয়োগ ইউজিচিৰ অনুদানৰ পৰা বঞ্চিত হ’ব লগা হৈছে জাগাৰাৰ উত্তৰ কামপীঠ মহাবিদ্যালয়। এয়াও তদানীন্তন অধ্যক্ষ তৰুণ শৰ্মাৰেই কর্মফল বুলি অভিযোগ কৰিছে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সূত্রই।
সূত্ৰটোৱে অভিযোগ কৰা মতে, তৰুণ শৰ্মাৰ কার্যকালত মহাবিদ্যালয়খনে পোৱা বিভিন্ন আঁচনি-অনুদানৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ (ইউচি) বা অন্যান্য যাৱতীয় নথি ইউজিচিক জমা নিদিয়াৰ কুফল ভুগিব লগা হৈছে মহাবিদ্যালয়খনে। ছাত্র-ছাত্রী, একাংশ শিক্ষক আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ এজাহাৰ অনুসৰি শৰ্মাই সংহত কলেজ (কমিউনিটি কলেজ)ৰ নামত লাভ কৰা ৩০,৩০,০০০ টকা, পুথিভঁৰালৰ ১০ লাখ আৰু অন্যান্য বৃহৎ বিত্তীয় খেলিমেলি কৰাৰ উপৰি এনে আঁচনি-অনুদানসমূহ সন্দর্ভত সংশ্লিষ্ট বিভাগক কোনো ধৰণৰ প্ৰতিবেদন বা অন্যান্য নথি জমা নিদিলে।
আনকি মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাৰ প্ৰস্তাৱ অনুসৰি ২০১৫ৰ এক এপ্ৰিলত পৰৱৰ্তী অধ্যক্ষই পত্রযোগে (নং- UKM/SR? Jagara?2015/10) মহাবিদ্যালয়ৰ সকলো নথি-পত্র জমা দিয়াৰ আহ্বান জনাইছিল। কিন্তু তৎসত্ত্বেও তেওঁৰ গা নলৰিল।
বিজ্ঞাপন দিলেও প্রার্থী নাহে অধ্যক্ষৰ আসনৰ বাবে
ইপিনে, ডেৰকুৰিৰো অধিক গোচৰৰ বোজাৰ বাবে মহাবিদ্যালয়খনত এই পর্যন্ত হৈ উঠা নাই স্থায়ী অধ্যক্ষৰ নিযুক্তি। বিতর্কিত তৰুণ শৰ্মাৰ পাছৰে পৰা জ্যেষ্ঠ শিক্ষক ড° পংকজ ৰয়ে এই পর্যন্ত ভাবপ্রাপ্ত অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।
মহাবিদ্যালয়খনৰ এনে গোচৰৰ বোজাৰ বাবেই বিজ্ঞাপন প্রকাশৰ পাছতো প্রার্থী নহা হৈছে ইয়ালৈ। কালি মহাবিদ্যালয় পৰিচালনা সমিতিৰ এক সূত্রই সদৰী কৰে যে ২০২৫ত ইয়াৰ বাবে এক বিজ্ঞাপন প্রকাশ কৰা হৈছিল। সেই মর্মে অসমৰ বিভিন্ন প্ৰান্তৰ চাৰিজনকৈ প্রার্থীয়ে আবেদন কৰিছিল। সেই মর্মে সাক্ষাৎকাৰো অনুষ্ঠিত কৰা হৈছিল যদিও যথা সময়ত এজনো প্রার্থী সাক্ষাৎকাৰত উপস্থিত নহ’ল। পাছত মহাবিদ্যালয় পৰিচালনা সমিতিয়ে প্রত্যক্ষভাৱে যোগাযোগ কৰে যদিও প্রার্থীকেইজন আহিবলৈ অসম্মত হয়। উপায়বিহীন হৈ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° পংকজ ৰয়কে পুনৰ দায়িত্ব দিব লগা হয় পৰিচালনা সমিতিয়ে।
পৰিচালনা সমিতিয়ে উদ্বেগ প্রকাশ কৰে যে এজন মানুহৰ বাবে জাগাৰাৰ দৰে অঞ্চল এটাত স্থাপিত এখন শিক্ষানুষ্ঠানে আজি যন্ত্রণা ভুগিব লগা হৈছে। এইখিনিতে প্রশ্ন উঠিছে-চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ অভাৱ ঘটাৰ বিপৰীতে ছয় শতাধিক শিক্ষার্থীয়ে বর্তমানে এই মহাবিদ্যালয়ত শিক্ষাগ্রহণ কৰি থকাৰ পাছতো ইউজিচিৰ পৰা বঞ্চিত হৈ ৰ’ব লগা হৈছে। এয়া কাৰ ভুলৰ পৰিণতি?































