দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অহা তিনি অক্টোবৰত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন। বিজেপিয়ে এই নিগম দখল কৰিব বুলি দাবী কৰি থকাৰ সময়তে দলটোৰ কে’বাগৰাকী প্রার্থীয়ে জাল নথিৰে নির্বাচনত অৱতীর্ণ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
বুধবাৰে ইয়াত এক সংবাদমেলত অসম জাতীয় পৰিষদৰ নেত্রী কুংকি চৌধুৰীয়ে প্ৰশ্ন কৰে যে তেনে জালিয়াতিক চৰকাৰীভাবেই ৰক্ষণাবেক্ষণ দিব বিচৰা হৈছে নেকি? আকৌ জালিয়াতিত লিপ্তসকলৰ হকে মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাবলৈ যোৱাটোও দুর্ভাগ্যজনক। বিশেষকৈ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰত কেধাগৰাকী প্রার্থীয়ে জালিয়াতিত লিপ্ত হোৱাৰ অভিযোগ কৰি চৌধুৰীয়ে কয়, ‘আমাৰ মুখ্যমন্ত্রী শিক্ষাক লৈ যথেষ্ট সচেতন। তেওঁ শিক্ষামন্ত্রীও আছিল। গতিকে জাল নথিৰে যিসকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’বনে? অসম ৰাজ্যিক বিজেপিৰ সভাপতিয়েও কৈছে যে তেওঁলোকে প্রতিগৰাকী প্রার্থীৰ নথিসমূহ ভালদৰে পৰীক্ষা কৰিছে। তেন্তে তাৰ পাছতো এনে কিয় হ’ব পাৰিছে? একেদৰে এই নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া তথা জিলা আয়ুক্তজনে কি কৰি আছে? তেওঁলোকে মনোনয়নবোৰ ভালদৰে পৰীক্ষা নকৰিলে নে এনেকুৱা হ’বলৈয়ে এৰি দিছে? বিভিন্ন অভিযোগ থকা ১৩ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ আছে আৰু সেই অভিযোগ দাখিল কৰিবলৈ যোৱাত সময় উকলি যোৱা বুলি ঘূৰাই পঠিয়ায়। এয়াতো নিয়ম নহয়? গতিকে নির্বাচনটোৰ নামত এনেকুৱা কিয় কৰা হৈছে তাৰ উত্তৰ আমাক লাগে।’
চৌধুৰীয়ে অভিযোগ কৰি কয় যে ছয় নম্বৰ ৱাৰ্ডৰ বিজেপি প্রার্থী কাঞ্চন দেবে মনোনয়ন পত্ৰৰ লগত দিয়া শপতনামাত উল্লেখ কৰিছে যে তেওঁ ২০১৮ত ছিকিম ইণ্টাৰনেছনেল ইউনিভাৰ্চিটিৰ পৰা স্নাতক ডিগ্ৰী লৈছে। অথচ এই শিক্ষানুষ্ঠানখন স্থাপনৰ আইনখন ২০২১তহে গৃহীত হৈছিল।
গতিকে বিশ্ববিদ্যালয়খন হোৱাৰ তিনি বছৰ আগতেই তাৰ পৰা বিএ ডিগ্রী লোৱাটো বিৰল এক ঘটনা বুলি চৌধুৰীয়ে মন্তব্য কৰে। আনকি ছিকিম চৰকাৰে এই কথাও স্পষ্ট কৰিছে যে এই বিশ্ববিদ্যালয়খনে এতিয়ালৈকে কোনো শৈক্ষিক অৰু প্রশাসনিক কাম-কাজ আৰম্ভ কৰাই নাই। তদুপৰি ছিকিমত বিশ্ববিদ্যালয়খনৰ চৌহদ, আন্তঃগাঁথনি, অধ্যাপক, নামভৰ্তিৰ ব্যৱস্থাও নাই বুলিও চৌধুৰীয়ে উল্লেখ কৰে।
চৌধুৰীয়ে আকৌ কয় যে ১৪ আৰু ১৫ নম্বৰ ৱাৰ্ডৰ বিজেপিৰ প্ৰাৰ্থীদ্বয় হ’ল প্রতীক্ষা দেৱ আৰু পাপলি কৰ্মকাৰ। দুয়োগৰাকীয়ে শপতনামাত উল্লেখ কৰিছে যে তেওঁলোকে যোধপুৰ ইউনিভাৰ্চিটিৰ পৰা বিএ উত্তীর্ণ হৈছে। অথচ এইখন শিক্ষানুষ্ঠানে দিয়া ২৫.০০৩ টা ডিগ্ৰীয়েই ভুৱা বুলি ৰাজস্থান চৰকাৰেই ধৰা পেলাইছিল। শ্রেণীত উপস্থিত নথকাকৈ আৰু পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ ডিগ্রী প্রদান কৰা বুলিও পৰৱৰ্তী সময়ত কৰা তদন্তত পোহৰলৈ আহিছিল।
এনে ক্ষেত্রত প্রার্থী দুগৰাকীৰ শপতনামাৰ তথ্যৰ শুদ্ধতা ৰাজ্যিক নির্বাচন বিষয়াই এবাৰ পৰীক্ষা কৰি চাব লাগিছিল ।































