HydropowerProject : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অৰুণাচলৰ আপাৰ ছিয়াং জিলাত নিৰ্মাণ কৰিবলৈ লোৱা ১১ হেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ ক্ষমতাযুক্ত জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে বুধবাৰে বৃহৎ ৰাজহুৱা প্রতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে।
প্রতিবাদকাৰীসকলে পথ অৱৰোধ কৰাৰ লগতে চৰম উত্তপ্ত পৰিস্থিতিত নিৰাপত্তাৰক্ষীৰ স’তে সংঘর্ষত লিপ্ত হয়। আপাৰ ছিয়াং জিলাৰ ইংকিয়ং চহৰত এই প্ৰতিবাদকাৰীসকলে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। প্রস্তাবিত ১১ হেজাৰ মেগাৱাটৰ ছিয়াং আপাৰ বহুমুখী জলবিদ্যুৎ প্রকল্পৰ প্ৰাৰম্ভিক কেন্দ্ৰ কৰি ক্ষুব্ধ স্থানীয় ৰাইজে টুটিং-ইংকিয়ঙৰ বিধায়ক আল’ লিবাঙৰ ইংকিয়ং চহৰৰ বাসগৃহ লণ্ডভণ্ড কৰে।
এই প্ৰকল্পৰ প্ৰাৰম্ভিক সম্ভাবনা অধ্যয়নৰ বাবে অঞ্চলটোত বৃহৎসংখ্যক কেন্দ্রীয় অর্ধসামৰিক বাহিনী নিয়োগ কৰাৰ প্ৰতিবাদত পৰিস্থিতিয়ে কালি হিংসাত্মক ৰূপ ধাৰণ কৰে। এই প্রকল্প পূব ছিয়াং জিলাৰ ছিয়াং নৈৰ ওপৰত বেগিঙত নিৰ্মাণ কৰা হ’ব। উল্লেখ্য যে এই ছিয়াঙেই অসমত ব্ৰহ্মপুত্র নাম লৈছে। প্রতিবাদকাৰীসকলে তাৎক্ষণিকভাৱে জৰীপৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ আৰু প্ৰকল্প নিৰ্মাণৰ ফলত ক্ষতিগ্রস্ত হ’ব পৰা অঞ্চলত নিয়োজিত নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ দাবী জনায়।
এই তীব্র প্রতিবাদৰ ফলত ইংকিয়ং-কংকাৰ-গেকু পথছোৱাৰে চলাচল বন্ধ হৈ পৰে। বিভিন্ন অঞ্চলত প্রতিবাদকাৰীসকলে অৱৰোধৰ সৃষ্টি কৰে। বিধায়ক লিবাঙৰ বাসগৃহত প্রতিবাদী দল প্রৱেশ কৰাত উত্তেজনা অধিক বৃদ্ধি পায়। নদীবান্ধবিৰোধী শ্ল’গান দি প্রতিবাদী ৰাইজে চৌহদ লণ্ডভণ্ড কৰা বুলি অভিযোগ উঠিছে।
বৃহৎ সংখ্যক চৰকাৰী বাহনো ভাঙিছে বুলিও অভিযোগ উঠিছে। আনহাতে, ডিটে ডিমেৰ অঞ্চলৰ সমীপত প্রতিবাদকাৰীয়ে এখন আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰাৰ অভিযোগ উঠিছে। ঠায়ে ঠায়ে নিৰাপত্তাৰক্ষী আৰু বাধা প্ৰদান কৰিব বিচৰা আৰক্ষীৰ সংঘাত হয়। ৰাজ্যখনৰ জ্যেষ্ঠ শাসকীয় নেতৃত্বৰ চলাচলো বাধাগ্রস্ত কৰে।
অৰুণাচলৰ উপ-মুখ্যমন্ত্রী চৌনা মেইন, মন্ত্রীসকল ক্রমে অজিন টাচিং আৰু ন্যাটো ডুকামৰ উপৰি মুখ্যমন্ত্ৰীৰ পৰামৰ্শদাতা নিনং এৰিন থকা এখন হোটেলৰ বাহিৰত প্ৰতিবাদকাৰীসকলে তীব্র প্রতিবাদ সাব্যস্ত কৰে আৰু চৌপাশে ঘেৰাও কৰাত এইসকল ভিতৰত আবদ্ধ হৈ পৰে।
পেমা খাণ্ডৰ ভ্ৰমণক লৈ উত্তেজনা
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ ভ্ৰমণক লৈ পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠে। প্রাপ্ত তথ্য অনুসৰি, মুখ্যমন্ত্রী খাণ্ডুৱে ইংকিয়ঙত উপস্থিতি হোৱাৰ পূৰ্বেই তেওঁৰ ভ্ৰমণসূচীক লৈয়ে বিবাদ-সংঘাত আৰম্ভ হয়। গেকুৰ গাঁওবাসীয়ে খাণ্ডুৰ ভ্ৰমণৰ বিৰোধিতা কৰে আৰু তাৎক্ষণিকভাৱে প্ৰকল্প সম্পর্কীয় কাম-কাজত নিয়োগ কৰা অতিৰিক্ত নিৰাপত্তাৰক্ষী বাহিনীক তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।
স্থানীয় সংগঠনসমূহে আৰু ক্ষতিৰ সম্মুখীন হ’বলগীয়া গাঁওসমূহৰ বাসিন্দাসকলে জৰীপৰ কাম ততাতৈয়াকৈ বন্ধ কৰিবলৈ তথা চৰকাৰক অধিক আগবাঢ়ি যোৱাৰ পূৰ্বে স্থানীয় লোকৰ স’তে পোনপটীয়াকৈ আলোচনা কৰিবলৈ দাবী জনায়।
উল্লেখ্য যে যোৱা ২৮ ছেপ্টেম্বৰত গেকুৰ প্ৰতিবাদত নিৰাপত্তাৰক্ষী আৰু স্থানীয় লোকৰ মাজত সংর্ঘষ হয়। পৰৱৰ্তী সময়ত চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াকে লৈ উত্তেজনা অব্যাহত থকাৰ মাজতে আজি পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লয়।
মুখ্যমন্ত্রী খাণ্ডুৰ ভ্ৰমণৰ মাজতে স্থানীয় শ শ লোকে ৰাজপথলৈ ওলাই আহি ‘ন’ পিএফআৰ, ন ছার্ভে’ শ্ল’গান দিয়ে। মুখ্যমন্ত্ৰীৰ কনভয়কো বাধা দিয়ে প্রতিবাদী লোকে। পৰিস্থিতি অধিক ভয়াৱহ হ’বলৈ ধৰাত মুখ্যমন্ত্রী পেমা খান্ডুরে অৱশেষত ইংকিয়ঙত এক বৈঠকত জনসাধাৰণক শান্ত হ’বলৈ আৰু চৰকাৰৰ স’তে আলোচনাত বহিবলৈ আহ্বান জনায়।
তেওঁ কয় যে প্ৰাৰম্ভিক প্রতিবেদন প্ৰস্তুত কৰাৰ অৰ্থ এয়া নহয় যে বান্ধ নিৰ্মাণ কৰা হ’বই। উল্লেখ্য যে খাণ্ডুবে তীব্র প্রতিবাদৰ মাজতে ছিয়াং আৰু আপাৰ ছিয়াং জিলালৈ দুদিনীয়া ভ্রমণসূচীৰে যায়। তেওঁ কয়, ‘বান্ধ নিৰ্মাণ কৰা নহয়, এয়া মাত্র পিএফআৰ। এই প্রতিবেদনত ভিত্তি কৰি চোৱা হ’ব যে বান্ধ নিৰ্মাণ কৰা হ’ব নে নহয়। পিএফআৰ কৰাত কোনো ক্ষতি নাই। ইয়াৰ বাবে খেতিপথাৰ, আপোনালোকৰ ঘৰ আৰু বনাঞ্চল একোৱেই ধ্বংস কৰা নহয়। প্রতিবেদনৰ পাছত ৰাজহুৱা শুনানি হ’ব, ৰাইজক সকলো কথা জনোৱা হ’ব। দুই-তিনি মাহ লাগিব এই জৰীপ কৰিবলৈ। যদি আমি অনুভর কৰো যে এই প্রকল্প আমি নিবিচাৰো তেতিয়া আৰু মই এই কথাও কওঁ যে আজিও মই চহী কৰি দিব পাৰো, যাতে চৰকাৰে প্রকল্প নির্মাণত কোনো বল প্রয়োগ নকৰে।’
তেওঁ ব্যাখ্যা কৰে যে এই প্রকল্প দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ জলবিদ্যুৎ উৎপাদনৰ উপৰি কৌশলগত গুৰুত্ব আছে। পিএফআৰক লৈ চৰকাৰৰ স্থিতি ৰাইজক বুজাবলৈ তেওঁ জিলা দুখন ভ্রমণ কৰা বুলি সাংবাদিকক জনায়।
উল্লেখ্য যে ২০০৮ত কেন্দ্ৰীয় চৰকাৰে এই প্ৰস্তাৱিত বান্ধক ৰাষ্ট্ৰীয় প্রকল্পৰূপে ঘোষণা কৰাৰ সময়ৰে পৰা ইয়াৰ বিৰোধিতা হৈ আহিছে। সময়ে সময়ে বিভিন্ন প্রতিবাদী কাৰ্যসূচী সম্পন্ন কৰা হৈছে।































