EiffelTower : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : কিছুদিন পূর্বে এটা হিন্দু ধর্মীয় সংগঠনে পেৰিছৰ বিশ্ববিখ্যাত আইফেল টাৱাৰ দৰ্শন কৰাৰ সময়ত টাৱাৰৰ মহিলা কৰ্মচাৰীসকলক আঁতৰাই ৰখাৰ ঘটনাক লৈ প্রতিক্রিয়া অব্যাহত আছে।
এই প্রতিক্ৰিয়াৰ মাজতে আইফেল টাৱাৰ পৰিচালনাকাৰী সংস্থাৰ মুৰব্বীজনে পদত্যাগৰ যো-জা চলাইছে। এছইটিই নামৰ সংস্থাটোৱে প্রকাশ কৰা ইয়াৰ মুৰব্বীজনে চলিত বছৰৰ অন্তিমত পদত্যাগ কৰিব। তেওঁ পদত্যাগ কৰিবলৈ লোৱাৰ কাৰণ হৈছে হিন্দু সংগঠনটোৰ দৰ্শনৰ সময়ত আইফেল টাৱাৰৰ মহিলা কৰ্মচাৰীসকলক কৰ্মস্থলীৰ পৰা আঁতৰাই ৰখা।
এই কাণ্ড কোনোপধ্যে গ্রহণযোগ্য নহয় বুলি সৰ্বত্রে প্রতিক্ৰিয়াৰ সৃষ্টি হয়। আনকি ঘটনাৰ এক তদন্তৰ নিৰ্দেশ জাৰি কৰিছে পেৰিছৰ মেয়ৰ এন হিদালগোৱে। এনে অৱস্থাতে টাৱাৰ পৰিচালনাকাৰী সংস্থাটোৰ মুৰব্বী পেট্রিক ব্রেনকো কইভ’ই পদত্যাগৰ যো-জা চলাইছে।
হিন্দু সংগঠনটোৰ আইফেল টাৱাৰ ভ্ৰমণৰ সময়ত মহিলা কৰ্মচাৰীসকলক কৰ্মস্থলীৰ পৰা আঁতৰাই ৰখা কাণ্ডত পৰিচালনাগত প্রক্রিয়াত ত্রুটি আৰু আসোঁৱাহ আছিল বুলি এক আভ্যন্তৰীণ তদন্তত পোহৰলৈ আহিছে। সেয়েহে কইভ’ই পদত্যাগৰ যো-জা চলাইছে।
তেওঁ ২০১৮ৰ পৰা সংস্থাটোৰ মুৰব্বীৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। উল্লেখ্য যে হিন্দু সংগঠনটোরে যোৱা ছয় ছেপ্টেম্বৰত আইফেল টাৱাৰ দৰ্শন কৰাৰ সময়ত এই ঘটনা সংঘটিত হয়। ইয়াৰ প্ৰতিবাদত পিছদিনা গোটেই দিন আইফেল টাৱাৰ বন্ধ ৰখা হয়।
এই হিন্দু সংগঠন স্বামীনাৰায়ণ শাখাৰ অন্তভুক্ত । বিশ্বজুৰি শাখা-প্রশাখা আছে। বিষয়টোক লৈ ভাৰত চৰকাৰেও প্রতিক্রিয়া প্রকাশ কৰিছে।দেশৰ বৈদেশিক মন্ত্রণালয়ে ঘটনাটোক অৱশ্যে সম্পূৰ্ণৰূপে দুটা পক্ষৰ মাজৰ বিষয় বুলি আখ্যা দিছে।
আনহাতে, এই হিন্দু সংগঠনে কয় যে যোৱা ছয় ছেপ্টেম্বৰত সংগঠনটোৰ এশ লোকে আইফেল টাৱাৰ ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত দৰ্শনস্থলীত কৰ্মচাৰী আৰু দৰ্শনাৰ্থীৰ সংখ্যাহে ন্যূনতম কৰিবলৈ টাৱাৰ কৰ্তৃপক্ষক অনুৰোধ জনোৱা হৈছিল বুলি সংগঠনটোৱে দাবী কৰে।
এই ক্ষেত্ৰত লিংগৰ দিশটো বিচাৰ কৰা নহৈছিল বুলিও সংগঠনটোৱে ক’ব খোজে। এই সম্পর্কত সংগঠনটোৱে লগতে কয়, ‘আমি জাতি, ধর্ম, বর্ণ নির্বিশেষে সমতা, পাৰস্পৰিক সন্মানৰ নীতিক দৃঢ়তাৰে বিশ্বাস কৰি আহিছো। আমি লিংগ নির্বিশেষে কৰ্মচাৰী আৰু দৰ্শনাৰ্থীৰ সংখ্যাহে ন্যূনতম কৰিবলৈহে অনুৰোধ জনাইছিলো।’































