ForestManOfIndia : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অসুস্থ হৈ চিকিৎসাধীন হৈ আছে ‘অৰণ্য মানৱ’ হিচাপে পৰিচিত পদ্মশ্ৰী যাদৱ পায়েং। বৃহস্পতিবাৰে অসুস্থতাৰ বাবে তেওঁক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয়।
তথ্য অনুসৰি, প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে যাদৱ পায়েঙৰ জ্বৰ আৰু কাহ হোৱা বুলি চিকিৎসকক অৱগত কৰিছিল। সেই অনুসৰি তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নি বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰা হয়।
পৰীক্ষাৰ পাছত তেওঁৰ শৰীৰত অক্সিজেনৰ মাত্ৰা কম পোৱা যায়। ইয়াৰ পাছতে তেওঁক চিকিৎসা মহাবিদ্যালয়খনৰ আইচিইউত ভৰ্তি কৰোৱা হয়।
প্ৰাপ্ত তথ্য অনুসৰি,বৰ্তমান আইচিইউত চিকিৎসাধীন হৈ থাকিলেও যাদৱ পায়েঙৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ ।
ইফালে আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ ‘অৰণ্য মানৱ’ পদ্মশ্ৰী যাদৱ পায়েঙৰ স্বাস্থ্যৰ বুজ লয় বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
উল্লেখ্য যে যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ প্ৰায় ৫৫০ হেক্টৰ অঞ্চলত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল যাদৱ পায়েঙে। বৰ্তমান সেই অৰণ্যত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ উপস্থিতি দেখা পোৱা যায়।
যাদৱ পায়েঙৰ কৰ্মৰাজীৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘ভাৰতৰ অৰণ্য মানৱ’ তথা ‘ফৰেষ্ট মেন অৱ ইণ্ডিয়া’ উপাধি প্ৰদান কৰিছে।






























