Pune : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মধ্যযুগীয় প্রতিকূল অৱস্থাৰ মাজতো অসমত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে আৰু মহাৰাষ্ট্ৰত সন্ত দীনেশ্বৰ আৰু সন্ত টোকাৰাম মহাৰাজে শিকনি-লিখনিৰ জৰিয়তে সমাজক জাগ্রত কৰিছিল। পুনেত মহাৰাষ্ট্ৰৰ প্ৰথমটো নামঘৰ মুকলি অনুষ্ঠানত বক্তব্য আগবঢ়াই এই মন্তব্য কৰে স্বত্বাধিকাৰ ড° শ্ৰীশ্ৰী পিতাম্বৰ দেৱগোস্বামীয়ে।
ড° দেৱ গোস্বামীয়ে মত পোষণ কৰে যে পোনেত এই নামঘৰ প্ৰতিষ্ঠাই প্রতীকাত্মকভাৱে মহাৰাষ্ট্ৰ আৰু অসমৰ কণ্ঠক ঐক্যৱদ্ধ কৰিছে। নামঘৰে অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনৰ কেন্দ্ৰবিন্দু ৰূপে ভূমিকা পালন কৰি অহাৰ কথা উনুকিয়াই লগতে কয় যে পুনেত এই নামঘৰ প্ৰতিষ্ঠাই এক অর্থবহন কৰিছে। পুনেত এই নামঘৰ প্ৰতিষ্ঠাৰ স্বীকৃতি তেওঁ সন্ত সাহিত্যৰ প্ৰখ্যাত পণ্ডিত সঞ্জয় নাহাৰক প্ৰদান কৰে।
নাহাৰ ছাহাদ শীৰ্ষক সংস্থাৰ প্ৰতিষ্ঠাপক অধ্যক্ষও। এই অনুষ্ঠানত সৰ্বভাৰতীয় মাৰাঠী সাহিত্য সম্মিলনত প্রাক্তন সভাপতি ড° সদানন্দ মোৰে, নগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য ড° সমুদ্রগুপ্ত কাশ্যপ আদিও উপস্থিত থাকে। এই নামঘৰ মুকলিৰ পূৰ্বে এক বর্ণিল সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়।
পৰম্পৰাগত অসমীয়া শৈলীত উলিওৱা এই শোভাযাত্রাত অসমীয়া বাদ্যযন্ত্র স্থান লাভ কৰে। শোভাযাত্ৰাত অংশগ্রহণকাৰীসকলে পৰম্পৰাগত অসমীয়া সাজপাৰ পৰিধান কৰি আছিল। পাছত অনুষ্ঠানত ভাষণত সত্ৰাধিকাৰ ড° দেৱ গোস্বামীয়ে লগতে কয়, ‘নামঘৰে ভক্তিৰ পৰম্পৰা সবাতোকৈ বিশুদ্ধ ৰূপক প্রতিনিধিত্ব কৰে। নামঘৰে আধ্যাত্মিক চর্চা, শুভ ইচ্ছা, সঠিক আচৰণ আৰু পুণ্য কর্মক লালন-পালন কৰে। হৰি, বিষ্ণু আৰু ভগৱান কৃষ্ণৰ নাম বন্দনাৰে ঈশ্বৰক তুতি কৰা হয়।’
আনহাতে, অনুষ্ঠানত ড° সদানন্দ মোৰে অসমৰ বৈষ্ণৱ ভক্তি পৰম্পৰা আৰু মহাৰাষ্ট্ৰৰ ভাগৱত পৰম্পৰাৰ মাজৰ সংযোগ তুলি ধৰে। তেওঁ কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, সন্ত দীনেশ্বৰ আৰু সন্ত তুকাৰাম মহাৰাজে সমতা, মানৱতা আৰু সামাজিক বান্ধোন সৃষ্টিৰ প্ৰয়াস কৰিছিল। আনহাতে, অনুষ্ঠানত ড° কাশ্যপে উল্লেখ কৰে যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ মানৱতা, সমতা আৰু সামাজিক সম্প্ৰীতিৰ বাণী সমগ্ৰ মানৱজাতিৰ প্ৰতি আছিল।
অনুষ্ঠানত সঞ্জয় নাহাৰে কয় যে মানুহৰ মাজত একতাৰ আদর্শক আগুৱাই নিয়াৰ উদ্দেশ্যে ছাহাদে কাম কৰি আছে। নামঘৰৰ জৰিয়তে অসম আৰু মহাৰাষ্ট্ৰৰ মাজত পুনৰ সংযোগ স্থাপন হোৱাত তেওঁ সন্তুষ্টি প্রকাশ কৰে।































