Landslide : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : প্ৰকৃতিৰ ওপৰত চলা মানুহৰ চৰম অত্যাচাৰৰ ভয়াৱহ পৰিণতি কালি প্রতিফলিত হ’ল গুৱাহাটীৰ সমীপৰ যোৰাবাটৰ দহ মাইলত। অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা ইণ্ডিয়ান অইলৰ এটা ডিপ’ত শুকুৰবাৰে আগবেলা ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়; অথচ কালি বৰষুণৰ বতৰো নাছিল।
প্ৰখৰ ৰ’দৰ বতৰতেই ডিপ’টোৰ পিছফালৰ পাহাৰৰ এটা অতি বৃহৎ অংশ হুৰমূৰকৈ তলত খহি পৰে। সেই সময়ত ডিপ’টোত ব্যস্ততাও অব্যাহত আছিল। তাৰ মাজতে প্রচণ্ড শব্দৰে প্রকাণ্ড প্রকাণ্ড শিল, গছ আদি সহ ওখ পাহাৰৰ অংশটো খহি পৰে আৰু নিমিষতে ডিপ’টোৰ চৌহদৰ বেৰ ভাঙি পেলোৱাৰ উপৰি একেবাৰে তেল বুথলৈকে মাটিয়ে পুতি পেলায়।
তদুপৰি কাষৰ এটা পকী ঘৰৰ গাতে লাগি থকা কে’বাটাও কোঠা ধ্বংস হয়। আকস্মিক এনে ঘটনাত ডিপ’টোৰ কৰ্মচাৰীসকলে দৌৰি সেই স্থানৰ পৰা আঁতৰি যায়। ঘটনাৰ সময়ত পেট্র’ল আৰু ডিজেল ভৰাই থকা কে’বাখনো বাহন ক্ষতিগ্রস্ত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে। ইয়াৰ বিপৰীতে ডিপ’ৰ চৌহদত ৰখাই থোৱা এখন বাছ আৰু আন এখন বাহনৰ সম্মুখৰ ভাগ মাটিয়ে পুতি পেলায়।
পাহাৰৰ মাটিয়ে ডিপ’টোৰ পাছফালৰ এটা ঘৰৰো ক্ষতিসাধন কৰে। মাটি খহি পৰাৰ বহু সময় পাছলৈও শিল বাগৰি আহি থকাত সকলোৱে আতংকিত হৈ পৰে।
উল্লেখ্য যে মেঘালয়ৰ সীমাৰ ভিতৰৰ পাহাৰখনত দীর্ঘদিনৰ পৰা খনন চলি আহিছে। পাহাৰ খনন কৰি বিভিন্ন নির্মাণ কাৰ্যও কৰা হৈছে। পাহাৰখন এঢলীয়াকৈও কটা হৈছিল। তাৰ পাছতো কালি সংঘটিত ঘটনাটো প্রকৃতিৰ ওপৰত চলা মানুহৰ অত্যাচাৰৰেই যে পৰিণাম সেয়া স্পষ্ট হৈছে।
নিশা বহুপৰৰ লৈকে খহি পৰা অংশটোৰ ওপৰৰ পৰা বিভিন্ন আকাৰৰ শিল তললৈ বাগৰিয়েই আছে। ফলত ঘটনাস্থলী যথেষ্ট স্পৰ্শকাতৰ হৈ আছে। উল্লেখ্য যে অসম-মেঘালয় সীমান্তৰ গুৱাহাটীক স্পৰ্শ কৰি থকা সমগ্র অঞ্চলতে ব্যাপক হাৰত পাহাৰ ধ্বংস কৰি খনন চলাই থকা হৈছে।কালিৰ ঘটনাটো তাৰেই পৰিণাম।






























