GovindDevGoswami : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় প্রবীণ নাগৰিক দিৱস উপলক্ষে শুকুৰবাৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই কামৰূপ জিলাৰ পালৰাৰ বাসিন্দা ১০১ বছৰীয়া শিক্ষক তথা সংস্কৃত পণ্ডিত গোবিন্দ দেৱ গোস্বামীক তেওঁৰ বাসগৃহত গৈ সম্বর্ধনা জনায়। ৰাজ্যপালজনে গোস্বামীক ‘ৰাজ্যপাল অসম বৰিষ্ঠ নাগৰিক সম্মান’ প্রদান কৰে। শিক্ষা, সমাজসেৱা আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁৰ জীৱনজোৰা অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান প্রদান কৰা হয়।
এই উপলক্ষে ৰাজ্যপালে তেওঁক পৰম্পৰাগত ফুলাম গামোচা, চেলেং চাদৰ, চল, ধৃতি, ছাতি আৰু ফুলৰ থোপাৰে সম্বর্ধনা জনায়। লগতে তেওঁৰ অৱদানৰ প্ৰতি সন্মান জনাই ৫১ হেজাৰ টকাৰ এখন চেকো প্রদান কৰে। অনুষ্ঠানত ৰাজ্যপাল আচার্যই কয় যে জ্যেষ্ঠ নাগৰিকসকলৰ জীৱন আৰু অভিজ্ঞতা যুৱ প্ৰজন্মৰ বাবে জ্ঞান আৰু প্ৰেৰণাৰ অমূল্য উৎস।
গোস্বামীৰ শিক্ষা আৰু সমাজৰ প্ৰতি জীৱনজোৰা নিষ্ঠাই ত্যাগ আৰু নিস্বার্থ সেৱাৰ মনোভাৱক প্রতিফলিত কৰে।ৰাজ্যপালজনে কয়, ‘আমাৰ জ্যেষ্ঠ নাগৰিকসকলক সন্মান জনোৱাটোৱে আমাৰ সমাজ আৰু জাতি গঠনত অৰিহণা যোগোৱা এটা প্ৰজন্মৰ মূল্যবোধ, অভিজ্ঞতা আৰু সংগ্ৰামৰ প্ৰতি সন্মান শিৰনত কৰাৰ সমান। তেওঁলোকৰ জীৱন আৰু অভিজ্ঞতাৰ পৰা আমাৰ শিকিবলগীয়া বহু আছে। মই গোবিন্দ দেৱ গোস্বামীৰ সু-স্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলো।’
তেওঁ লগতে কয় যে জ্যেষ্ঠ নাগৰিকসকলক কেৱল সন্মান আৰু স্বীকৃতিয়েই নহয়, নিৰন্তৰ যত্ন, মর্যাদা আৰু সমাজত অর্থপূর্ণ অংশগ্রহণৰো প্রয়োজন। প্ৰজন্মৰ মাজৰ বন্ধন শক্তিশালী কৰা আৰু বয়োজ্যেষ্ঠসকলৰ জ্ঞান আৰু অভিজ্ঞতাক সমাজে মূল্য দিয়াটো অতি প্রয়োজনীয়।































