MaharashtraAccident : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : টেম্পোত দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়াৰ সময়তে মহাৰাষ্ট্ৰত সংঘটিত হ’ল মৰ্মান্তিক দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশা অমৰাৱতী জিলাৰ সমৰূদ্ধি হাইৱেত সংঘটিত এই দুৰ্ঘটনাত সাতজন লোকৰ মৃত্যু হয়। আনহাতে, আহত হৈছে ১৯জন। তথ্য অনুসৰি আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক । মৰ্মান্তিক দুৰ্ঘটনাটোক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি,বুলঢানা জিলাৰ শ্বেগাঁৱৰ পৰা দেৱী দুৰ্গাৰ প্ৰতিমা টেম্পোত কঢ়িয়াই বৰ্ধাৰ দিশে গৈ আছিল বাহনখন। আৰক্ষী সূত্ৰ অনুসৰি, নিশা প্ৰায় ১২ বাজি ৪৫ মিনিটত ধমনগাঁও ষ্টেচনৰ সমীপত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী বাহনে টেম্পোখনত মুখামুখিকৈ খুন্দা মাৰে। ভয়ংকৰ দুৰ্ঘটনাটোত টেম্পোখন প্ৰায় সম্পূৰ্ণৰূপে চূৰ্ণ বিচুৰ্ণ হৈ যায়।
দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষী দ্ৰুতগতিত ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰ অভিযানত স্থানীয় লোকেও সহায়ৰ হাত আগবঢ়ায়। আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যোৱা হয়। এতিয়ালৈকে দুৰ্ঘটনাটোত সাতজনৰ মৃত্যু আৰু ১৯জন আহত হোৱাৰ খবৰ পোৱা গৈছে।
দুৰ্ঘটনাৰ পাছত ধামাঙ্গা ৰে’লৱে আৰক্ষী আৰু স্থানীয় থানাৰ আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি ধামাঙ্গা গ্ৰাম্য হাস্পতাললৈ লৈ যায়। অমৰাৱতী গ্ৰাম্য আৰক্ষীৰ অধীক্ষক (এছ পি) নিকেতন কদমে সাংবাদিকক জনোৱা অনুসৰি, এই দুৰ্ঘটনাত ৭জন লোকৰ মৃত্যু আৰু ১৯জন আহত হৈছে।
এছ পিৰ মতে, আহতসকলৰ ভিতৰত এজন-দুজনৰ অৱস্থা সংকটজনক। আনহাতে, ১৬-১৭জন লোক সামান্যভাৱে আহত হৈছে যদিও বৰ্তমান তেওঁলোক বিপদমুক্ত। আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।































