দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ভাৰতৰ নিৰ্বাচনী তালিকা হেৰফেৰ কৰাৰ অভিযোগ আৰু নিৰ্বাচনী সংস্কাৰৰ দাবীত পুনৰ ৰাজপথলৈ ওলাব দেশৰ ‘ককৰোচ’ প্ৰতিবাদকাৰীসকল। মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীতো প্ৰতিবাদ সাব্যস্ত কৰিব তেওঁলোকে।
অনলাইন ব্যংগাত্মক আন্দোলন হিচাপে আৰম্ভ হোৱা ‘ককৰোচ জনতা পাৰ্টী’ (CJP) নামৰ চাপ সৃষ্টি কৰা গোটটোৱে জুলাই মাহত প্ৰথমটো ডাঙৰ সাফল্য লাভ কৰা বুলি দাবী কৰিছিল। শিক্ষা সংস্কাৰৰ দাবীত কেবা সপ্তাহ ধৰি চলোৱা প্ৰতিবাদৰ পাছত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছিল বুলি CJPৰ পক্ষৰ পৰা কোৱা হৈছিল।
এইবাৰ CJPৰ নেতাসকলে শুকুৰবাৰে স্থানীয় সময় অনুসৰি বিয়লি চাৰি বজাত মুম্বাইৰ শিৱাজী পাৰ্কৰ বিস্তৃত প্ৰাংগণত সমৰ্থকসকলক সমবেত হ’বলৈ আহ্বান জনাইছে। ‘গণতন্ত্ৰ ৰক্ষা’ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত এই প্ৰতিবাদৰ আহ্বান জনোৱা হৈছে।
CEC জ্ঞানেশ কুমাৰ অথবা নিৰ্বাচন আয়োগে CJP বা বিৰোধী দলসমূহে উত্থাপন কৰা তেওঁৰ পদত্যাগৰ দাবীৰ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ভোট চুৰি অথবা নিৰ্বাচনত হেৰফেৰ কৰাৰ অভিযোগৰ সন্দৰ্ভতো তেওঁলোকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। এই বিষয়ত BBCয়ে তেওঁলোকৰ মন্তব্য বিচাৰিছে।
শেহতীয়াকৈ CJPয়ে ইনষ্টাগ্ৰামত থকা ২৫ মিলিয়ন অনুসৰণকাৰী আৰু ‘X’ত থকা চাৰি লাখৰো অধিক অনুসৰণকাৰীৰ স’তে কেবাটাও বাৰ্তা, ৰীল আৰু পোষ্টাৰ শ্বেয়াৰ কৰি বৃহৎ সংখ্যক লোকক প্ৰতিবাদত উপস্থিত হ’বলৈ আহ্বান জনাইছে। তেওঁলোকৰ দাবী, ইয়াৰ জৰিয়তে “গণতন্ত্ৰৰ কণ্ঠ শক্তিশালী” কৰিব পৰা যাব।
বৃহস্পতিবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত CJPয়ে জনায় যে মুম্বাইৰ প্ৰতিবাদটো অক্টোবৰত দেশজুৰি অনুষ্ঠিত কৰিবলৈ পৰিকল্পনা কৰা প্ৰতিবাদসমূহৰ প্ৰথমটো কাৰ্যসূচী। ইয়াৰ অন্তত দিল্লীত এটা সমাৱেশ অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছে।
CJPৰ দাবী অনুসৰি, মুম্বাই আৰক্ষীয়ে তেওঁলোকক প্ৰতিবাদৰ অনুমতি দিয়া নাই। কিন্তু বৃহৎ সংখ্যক লোক সমবেত হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। ৰাজ্যখনৰ কেবাটাও প্ৰধান বিৰোধী দলেও এই প্ৰতিবাদক সমৰ্থন কৰাৰ কথা জনাইছে।
যোৱা সপ্তাহত প্ৰকাশিত এটা প্ৰতিবেদনৰ পাছতে CJPয়ে এই প্ৰতিবাদৰ আহ্বান জনায়। প্ৰতিবেদনটোত দাবী কৰা হৈছিল যে CEC জ্ঞানেশ কুমাৰৰ দুজন সহকাৰী নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সন্ধু আৰু বিবেক যোশীয়ে ১০ মাহত অন্তত ১৪বাৰ এনে সিদ্ধান্ত আৰু নিৰ্দেশৰ বিৰুদ্ধে আনুষ্ঠানিক আপত্তি দৰ্শাইছিল, যিবোৰ তেওঁলোকৰ মতে তেওঁলোকৰ জ্ঞাত নোহোৱাকৈ জাৰি কৰা হৈছিল।
এই মতভেদসমূহ মূলত দেশৰ নিৰ্বাচনী তালিকাৰ বিতৰ্কিত সংশোধন প্ৰক্ৰিয়া ‘স্পেচিয়েল ইনটেনছিভ ৰিভিজন’ (SIR)ক লৈ হোৱা বুলি প্ৰতিবেদনটোত উল্লেখ কৰা হৈছিল। বিহাৰত আৰম্ভ হোৱা এই প্ৰক্ৰিয়াৰ পাছত ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ খচৰা ভোটাৰ তালিকাৰ পৰা ১৩ কোটিতকৈ অধিক নাম বাদ পৰিছে বুলি এক অনুসন্ধানমূলক প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
নিৰ্বাচন আয়োগে জনোৱা মতে, SIRৰ উদ্দেশ্য হৈছে ভোটাৰ তালিকাৰ পৰা একাধিকবাৰ থকা আৰু অযোগ্য নাম আঁতৰোৱা। কিন্তু বিৰোধী দল আৰু কৰ্মীসকলে দাবী কৰিছে যে বাদ পৰা বহু লোক যোগ্য ভোটাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ জৰিয়তে এই প্ৰক্ৰিয়া প্ৰভাৱিত কৰা হৈছে যাতে নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতীয় জনতা পাৰ্টী (BJP) লাভান্বিত হয়। BJP আৰু নিৰ্বাচন আয়োগে এই অভিযোগ অস্বীকাৰ কৰিছে।
যোৱা সপ্তাহৰ এক প্ৰতিবেদন অনুসৰি, দুগৰাকী নিৰ্বাচন আয়ুক্তই ভোটাৰ ডাটাবেছৰ নিৰ্ভৰযোগ্যতা, নতুন ভোটাৰ অন্তৰ্ভুক্ত কৰাৰ পদ্ধতিত হোৱা পৰিৱৰ্তন আৰু ভোটাৰ তালিকাৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল।
নিৰ্বাচন আয়োগে নিজৰ কাৰ্যপদ্ধতিৰ পক্ষত বক্তব্য ৰাখি এক বিবৃতিত কয় যে “ভিন্ন মত”সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ অংশ আৰু সকলো সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছিল।
ইয়াৰ পাছতে বিৰোধী নেতাসকলে জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী উত্থাপন কৰে। কংগ্ৰেছ নেতা তথা বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে আয়োগে “বিৰোধীৰ পৰা ভোট চুৰি” কৰা বুলি বাৰে বাৰে অভিযোগ উত্থাপন কৰিছে। আন এগৰাকী বিৰোধী নেত্ৰী মমতা বেনাৰ্জীয়েও CECৰ গ্ৰেপ্তাৰৰ দাবী জনাইছে।
বুধবাৰে INDIA মিত্ৰজোঁটে, য’ত প্ৰায় দুই ডজন বিৰোধী দল অন্তৰ্ভুক্ত আছে আৰু গান্ধী আৰু বেনাৰ্জীও সদস্য, দেশজুৰি আগন্তুক দিনসমূহত প্ৰতিবাদী সমাৱেশ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। তেওঁলোকে জনোৱা মতে, ৬ অক্টোবৰত সকলো বিৰোধী সাংসদে দিল্লীৰ নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ সমদল উলিয়াব।
মুম্বাইৰ প্ৰতিবাদকো বহু বিৰোধী দলে সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছে।মুম্বাই আৰক্ষীয়ে প্ৰতিবাদৰ অনুমতি নিদিলেও CJPৰ দীপকে জনাইছে যে তেওঁলোকে সমবেত হ’বই। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ‘জেল ভৰো আন্দোলন’ আৰম্ভ কৰাৰ কথাও তেওঁ ঘোষণা কৰিছে।
বুধবাৰে CJPয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰকাশ কৰা এটা চমু এনিমেচন ভিডিঅ’ত কয় যে ভোটদান কৰিব পৰাটো নাগৰিকৰ অধিকাৰ আৰু কোনো যোগ্য ভোটাৰক ভোটদানৰ সুযোগ নিদিয়াটো গণতন্ত্ৰৰ বাবে “গুৰুতৰ উদ্বেগৰ বিষয়”।
CJPয়ে লগতে কয়, “আমি আয়োগৰ পৰা স্বচ্ছতা আৰু জবাবদিহিতা দাবী কৰোঁ আৰু CECৰ পদত্যাগ বিচাৰোঁ। এয়া কোনো এটা দলৰ বাবে যুঁজ নহয়, এয়া মুক্ত আৰু নিকা নিৰ্বাচন আৰু প্ৰতিজন নাগৰিকৰ ভোটদানৰ অধিকাৰৰ বাবে যুঁজ।”
































