PilotSmitMachhar : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ‘ফ্লাইদুবাই’ৰ সেই বিমানখনৰ আহত ভাৰতীয় পাইলট স্মিত মচ্ছৰ স’তে কথা পাতিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে পুৱা ভিডিঅ’ কলযোগে দুয়োগৰাকীৰ মাজত কথা-বতৰা হয়। প্ৰধানমন্ত্ৰীয়ে পুনৰ এবাৰ স্মিতৰ সাহসিকতাৰ প্ৰশংসা কৰে। মোদীৰ স’তে কথা পাতি দৃশ্যতঃ আৱেগিক হৈ পৰা স্মিতে বিপদৰ সময়ত কেনেদৰে সাহস সঞ্চয় কৰিছিল, সেই বিষয়ে কয়।
প্ৰধানমন্ত্ৰীৰ স’তে কথা পতাৰ সময়তো স্মিতৰ মূৰত বেণ্ডেজ আৰু নাকত অক্সিজেনৰ নলী লগোৱা আছিল।মোদীক স্মিতে জনায় যে তেওঁ যেতিয়াই বিপদত পৰে, তেতিয়াই হনুমান চালিছা পাঠ কৰে। বুধবাৰে বিমানখনত সহ-পাইলটৰ হাতত আক্ৰমণৰ সন্মুখীন হোৱাৰ পাছতো মনোবল বৃদ্ধি কৰিবলৈ তেওঁ একেই কৰিছিল।
সেইদিনা বিমানখনত কি ঘটিছিল, সেই বিষয়েও প্ৰধানমন্ত্ৰীক বৰ্ণনা কৰে ভাৰতীয় পাইলটগৰাকীয়ে।
তেওঁ কয়, “১৭ বছৰ ধৰি বিমান চলাই আছোঁ। যোৱা ১১ বছৰ ধৰি কেপ্টেইনৰ ভূমিকা পালন কৰি আহিছোঁ। মই জানিছিলোঁ, এটা শেষ চেষ্টা কৰিব লাগিব। কোনো প্ৰকাৰে ককপিটৰ দুৱাৰখন খুলি দিওঁ। ফলত সকলোৱে ভিতৰলৈ সোমাব পাৰিছিল।”
স্মিতৰ সাহসিকতাৰ প্ৰশংসা কৰি মোদীয়ে কয়, “এইবাৰ দেশে গৌৰৱেৰে ক’ব পাৰিব যে ভাৰতীয়ই জীৱন কাঢ়ি নলয়, বৰং নিজৰ জীৱন বিপদত পেলাই আনক ৰক্ষা কৰে।”ভাৰতীয়সকলক গৌৰৱান্বিত কৰাৰ বাবে স্মিতক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰীয়ে।
কথা-বতৰাৰ এটা পৰ্যায়ত দুয়োগৰাকীৰ মাজত ব্যক্তিগত আলাপো হয়। মোদীক উদ্দেশ্য কৰি স্মিতে কয়, “আপুনি মোৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা। এইদৰে ফোন কৰি মোক উৎসাহিত কৰাৰ বাবে মই গৌৰৱ অনুভৱ কৰিছোঁ। মই বহু যন্ত্ৰণা সহ্য কৰিছোঁ। কিন্তু নিজকে কৈছিলোঁ যে উঠি থিয় হৈ কিবা এটা কৰিব লাগিব।”
কথা পাতি থাকোঁতেই কান্দি পেলায় স্মিতে। মোদীয়ে জনায় যে সমগ্ৰ দেশে স্মিতৰ দ্ৰুত আৰোগ্য কামনা কৰিছে।
বুধবাৰে ‘ফ্লাইদুবাই’ৰ এফজেড ১০৭৩ বিমানখন ডুবাইৰ পৰা তেল আভিভলৈ গৈ আছিল। স্থানীয় সময় অনুসৰি পুৱা ছয় বাজি ৪৯ মিনিটত বিমানখন যাত্ৰা আৰম্ভ কৰে। উৰণৰ পাছত প্ৰায় আঢ়ৈ ঘণ্টা সকলো ঠিকেই আছিল। বিমানখন যেতিয়া ৩৪ হেজাৰ ফুট উচ্চতাত আছিল, তেতিয়া ককপিটত পাইলটক ছুৰীৰে আক্ৰমণ কৰে সহ-পাইলটে। কেৱল সেয়াই নহয়, তেওঁ বিমানখন ‘ক্ৰেছ’ কৰোৱাৰ চেষ্টা কৰা বুলিও অভিযোগ উঠিছে।
সহ-পাইলটৰ ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱাৰ পাছতো বিমানখন তললৈ পেলাবলৈ নিদিলে ভাৰতীয় পাইলট স্মিতে। তেওঁৰ মূৰ, হাত আৰু শৰীৰৰ বিভিন্ন স্থানত ছুৰীৰে আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ। বিমানখনত থকা এগৰাকী চিকিৎসক যাত্ৰীয়ে মাজ আকাশতে স্মিতৰ চিকিৎসা কৰে।
বিমানখন ছৌদি আৰৱত জৰুৰী অৱতৰণ কৰাৰ পাছত তাতেই তেওঁৰ চিকিৎসা চলি আছিল। পৰৱৰ্তী সময়ত তেওঁক সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইলৈ স্থানান্তৰ কৰা হয়।
ইয়াৰ পূৰ্বে মোদীৰ উপৰি স্মিতৰ সাহসিকতাৰ প্ৰশংসা কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে। জন্মসূত্ৰে গুজৰাটী স্মিতক সাহসিকতাৰ বাবে গুজৰাটৰ বিজেপি চৰকাৰে ‘বিশিষ্ট গুজৰাট গৰিমা’ প্ৰদান কৰিছে।
শুকুৰবাৰে ভিডিঅ’ কলৰ শেষৰ ফালে স্মিতৰ স’তে কিছু সময় গুজৰাটী ভাষাতো কথা পাতে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীয়ে জনায় যে পৰৱৰ্তী সময়ত মুখামুখি সাক্ষাৎ কৰি বিমানখনৰ ঘটনাক লৈ আৰু বহু কথা শুনিব বিচাৰে তেওঁ, যিবোৰ ফোনযোগে আলোচনা কৰাটো উচিত নহয়।































