SmallSavingsSchemes : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: পিপিএফ, ৰাষ্ট্ৰীয় সঞ্চয় পত্র, সুকন্যা সমৃদ্ধি যোজনা, জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিকে ধৰি ডাকঘৰৰ বিভিন্ন ক্ষুদ্র সঞ্চয় আঁচনিৰ অক্টোবৰ-ডিচেম্বৰ ত্রিমাসিকৰ সুতৰ হাৰত কোনো পৰিৱৰ্তন কৰা হোৱা নাই।
ফলস্বৰূপে উক্ত আঁচনিৰ উপভোক্তাই পূৰ্বৰ দৰে একেই হাৰত সুত পাব। উল্লেখ্য যে জুলাই-ছেপ্টেম্বৰ ত্রিমাসিকতো ক্ষুদ্র সঞ্চয় আঁচনিসমূহৰ সুতৰ হাৰ অপৰিৱৰ্তিত আছিল।
স্থায়ী জমাৰ নিয়মত পৰিৱৰ্তন তিনি কোটি টকা বা তাতকৈ অধিক পৰিমাণৰ বৃহৎ জমাৰাশিৰ ক্ষেত্রত নতুন নিয়ম প্রযোজ্য হৈছে। এনে বৃহৎ জমাৰাশিৰ সুতৰ হাৰ নির্ধাৰণৰ ক্ষেত্ৰত বেংকসমূহে এতিয়াৰে পৰা অধিক স্বাধীনতা লাভ কৰিব।আনহাতে, একে সময়তে প্রযোজ্য সুতৰ হাৰৰ তথ্য গ্ৰাহকৰ বাবে স্পষ্টভাবে প্রকাশ কৰাটো বাধ্যতামূলক কৰা হৈছে।
এটিএম ব্যৱহাৰত নতুন সীমা
ভাৰতীয় ষ্টেট বেংকৰ দৰমহা একাউন্টধাৰীয়ে আন বেংকৰ এটিএম ব্যৱহাৰ কৰাৰ ক্ষেত্রত এতিয়াৰে পৰা মাহত পাঁচটা বিনামূলীয়া লেনদেনৰ সুবিধা পাব।
এই সীমা অতিক্রম কৰিলে প্রতিবাৰ ধন উলিওৱা প্পলেনদেনৰ বাবে ২৩ও টকা আৰু ধন নোলোৱাকৈ কৰা লেনদেনৰ বাবে ১১ টকা মাচুল লোৱা হ’ব। ইয়াৰ উপৰি প্ৰযোজ্য হাৰত কৰো যোগ হ’ব।
এচি, টিভি, ফ্ৰীজৰ দামত প্ৰভাৱ
উৎসৱৰ বতৰত বৈদ্যুতিন সামগ্ৰীৰ বজাৰত মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে। তাম, এলুমিনিয়াম, তীখা আৰু পৰিবহণ ব্যয় বৃদ্ধিৰ ফলত শীত-তাপ নিয়ন্ত্রক যন্ত্ৰৰ দাম পাঁচ-আঠ শতাংশ বৃদ্ধি পোৱাৰ তথ্য পোৱা গৈছে।আনহাতে, এলইডি টিভি, ফ্রীজ আৰু কাপোৰ ধোৱা যন্ত্ৰৰ দাম প্রায তিনি-চাৰি শতাংশলৈ বৃদ্ধি পাইছে।






























