CockroachJantaParty :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ককৰোচ জনতা পাৰ্টি (CJP)ৰ আহ্বায়ক অভিজিত দীপকে ‘দিল্লী চলো’ৰ আহ্বান জনাইছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত অহা ১০ অক্টোবৰত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে তেওঁ। শুকুৰবাৰে, অৰ্থাৎ দুই অক্টোবৰত মুম্বাই আৰু দিল্লীত আন্দোলনকাৰীসকল সমবেত হোৱাৰ পাছত শুকুৰবাৰে নিশাই ১০ অক্টোবৰৰ প্ৰতিবাদী কাৰ্যসূচীৰ কথা ঘোষণা কৰে অভিজিত দীপকে।
ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে দীপকে লিখিছে, ‘জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে সমগ্ৰ দেশৰ ককৰোছ বাহিনীয়ে সমদল কৰি দিল্লীলৈ যাব। ১০ অক্টোবৰত যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা হ’ব। দিল্লী আৰক্ষীয়ে আমাক বাধা দিয়াৰ চেষ্টা কৰিলে, য’ত আমাক আটক কৰা হ’ব, সেই স্থানেই আমাৰ যন্তৰ মন্তৰ হৈ পৰিব। আমাৰ আন্দোলন শান্তিপূৰ্ণ হ’ব। আমি মহাত্মা গান্ধীয়ে দেখুওৱা পথেৰেই আগবাঢ়িম। এয়া গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। অবাধ আৰু সফল নিৰ্বাচন বিচৰা প্ৰতিগৰাকী নাগৰিকেই এই আন্দোলনত অংশগ্ৰহণ কৰা উচিত।’
উল্লেখ্য যে, দুই অক্টোবৰত ‘ককৰোচ জনতা পাৰ্টি’য়ে বিভিন্ন ছাত্ৰ সংগঠনৰ স’তে মিলি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত নতুন দিল্লী আৰু মুম্বাইৰ শিৱাজী পাৰ্কত প্ৰতিবাদ সাব্যস্ত কৰিছিল। দিল্লীত কমেও ১১০০ জনক আটক কৰা হৈছিল। আটকাধীন লোকসকলৰ ভিতৰত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অতিশীও আছিল। যন্তৰ মন্তৰৰ পৰা দিল্লী আৰক্ষীয়ে তেওঁক টানি লৈ যোৱাৰ অভিযোগ উত্থাপিত হয়।
আটক হোৱা আনসকলৰ ভিতৰত চিপিএম পলিটব্যুৰ’ সদস্য বৃন্দা কাৰাট, আইছা নেত্ৰী নেহা বোৰা, আপ সাংসদ সঞ্জয় সিংসহ আপৰ কেইবাগৰাকীও শীৰ্ষ নেতা আছিল।
ইফালে, শুকুৰবাৰেই মুম্বইৰ শিৱাজী পাৰ্কত মূল সমাৱেশৰ আহ্বান জনাইছিল ককৰোচ জনতা পাৰ্টিয়ে। কিন্তু আৰক্ষীয়ে তাতো প্ৰতিবাদৰ অনুমতি দিয়া নাছিল। তাৰ পাছতো সমাৱেশ অনুষ্ঠিত হয়। মুম্বাইত অনুষ্ঠিত এই প্ৰতিবাদত নাছিৰুদ্দিন শ্বাহ, শ্বাবানা আজমী আৰু বিশাল দাদলানিৰ দৰে ব্যক্তিত্বও উপস্থিত থাকে।
ইয়াৰ পাছতে শুকুৰবাৰে নিশা অভিজিত দীপকৰ পোষ্টৰ পাছত ১০ অক্টোবৰত দিল্লীত পুনৰ বৃহৎ সমাৱেশ দেখা যাব নেকি, তাক লৈ চৰ্চা আৰম্ভ হৈছে।































