CockroachJantaParty : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত শনিবাৰে যন্তৰ-মন্তৰত সমৱেত হোৱাৰ আহ্বান জনাইছে ককৰোচ জনতা পাৰ্টিয়ে (CJP)। দলটোৰ এই প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি দিল্লী যেন দুৰ্গত পৰিণত হৈছে।
সমগ্ৰ চহৰখনত কমেও ২৬ হেজাৰ আৰক্ষী আৰু আধাসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰা হৈছে। নতুন দিল্লী ৰে’ল ষ্টেচনলৈ ৰে’লৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে। একেই পৰিস্থিতি হজৰত নিজামুদ্দিন ৰে’ল ষ্টেচনতো। ফলত আন বহু ৰে’লৰ লগতে কলকাতাৰ পৰা দিল্লী অভিমুখী দুখন ৰাজধানী এক্সপ্ৰেছো বাতিল কৰা হৈছে।
এই সিদ্ধান্তৰ প্ৰতিবাদত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বিৰোধী পক্ষ।কেইদিনমান পূৰ্বে জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত সমৱেত হৈছিল CJP।
সেই প্ৰতিবাদস্থলীৰ পৰাই পুনৰ যন্তৰ-মন্তৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ ঘোষণা কৰা হৈছিল। অৱশ্যে দিল্লী আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি, ১০ অক্টোবৰত যন্তৰ-মন্তৰত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে দাখিল কৰা আবেদন মঞ্জুৰ কৰা হোৱা নাই।
এনে অবৈধ সমাৱেশত যাতে কোনেও অংশগ্ৰহণ নকৰে, তাৰ বাবে সাধাৰণ ৰাইজৰ মাজতো প্ৰচাৰ চলাইছে আৰক্ষীয়ে।ইয়াৰ সমান্তৰালকৈ দিল্লীৰ সকলো সুৰাৰ বিপণী বন্ধ কৰি দিছে আবকাৰী বিভাগে।
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদক কেন্দ্ৰ কৰি আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিব পাৰে বুলি আশংকা কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে শুকুৰবাৰ আৰু শনিবাৰে প্ৰতিখন সুৰাৰ বিপণী বন্ধ ৰখা হ’ব বুলি জনোৱা হৈছে।
খবৰ অনুসৰি, ৰাজধানী দিল্লীত অতিৰিক্ত ১১ হেজাৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (CAPF) জোৱান মোতায়েন কৰা হৈছে। সকলো মিলি দিল্লীত নিয়োগ কৰা কেন্দ্ৰীয় বাহিনীৰ সংখ্যা ২৬ হেজাৰত উপনীত হৈছে।
পৰিস্থিতিৰ বিষয়ে অৱগত মহলৰ মতে, ২০২০ চনত দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ সময়তহে ইমান বৃহৎ সংখ্যক বাহিনী নিয়োগ কৰা হৈছিল।
বাহিৰৰ পৰা যাতে কোনেও দিল্লীত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবেই দুয়োটা ৰে’ল ষ্টেচন বন্ধ কৰি দিয়া হৈছে বুলি উল্লেখ কৰা হৈছে। ইয়াৰ ফলত শুকুৰবাৰে শিয়ালদহ আৰু হাওৰাৰ পৰা নতুন দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছ বাতিল কৰা হয়।
শনিবাৰে পুৱা চাৰি বজাৰ পৰা দুপৰীয়া দুই বজালৈ নতুন দিল্লী ষ্টেচনলৈ সকলো ৰে’লৰ প্ৰৱেশ বন্ধ ৰখা হৈছে। সেই সময়ছোৱাত চলাচল কৰিবলগীয়া ৰে’লসমূহো বাতিল কৰা হৈছে। দিল্লীৰ ৫৭টা মেট্ৰ’ ষ্টেচনো বন্ধ কৰি দিয়া হৈছে।
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচীত বিৰোধী দলসমূহেও অংশগ্ৰহণ কৰিব পাৰে। ইয়াৰ পূৰ্বে নিৰাপত্তাৰ এনে কটকটীয়া ব্যৱস্থাক লৈ কটাক্ষ কৰিছে কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে। সামাজিক মাধ্যমৰ মঞ্চ এক্সত তেওঁ লিখিছে, ‘একেৰাহে চাৰি দিন ধৰি ইণ্ডিয়া জোঁটৰ প্ৰতিবাদ দেখি আতংকিত হৈ পৰিছে, নিৰাপত্তাৰ এই বিশাল আয়োজন দেখিয়েই সেয়া বুজিব পাৰি।’
ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কপিল ছিবাল। শান্তিপূৰ্ণ প্ৰতিবাদৰ পূৰ্বে এইদৰে কিয় পৰিবহণ ব্যৱস্থা বন্ধ কৰা হৈছে, কিয় হোটেল পোৱা নাযায় আৰু কিয় সাধাৰণ ৰাইজক বাহিৰলৈ ওলাই নাযাবলৈ কোৱা হৈছে—এই প্ৰশ্নসমূহ উত্থাপন কৰিছে বিৰোধী সাংসদগৰাকীয়ে।































