GyaneshKumar : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত দিল্লীৰ যন্তৰ মন্তৰত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে কেবাটাও ৰাজনৈতিক আৰু ছাত্ৰ সংগঠনে। কিন্তু অভিযোগ অনুসৰি, আন্দোলন আৰম্ভ হোৱাৰ পূৰ্বেই ইয়াক বিফল কৰিবলৈ উঠি-পৰি লাগিছে কেন্দ্ৰীয় চৰকাৰ।
দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা আন্দোলনকাৰীসকলক দিল্লীত উপস্থিত হোৱাত বাধা দিবলৈ ৰে’ল, আৰক্ষী আৰু প্ৰশাসনক ব্যৱহাৰ কৰি এটাৰ পাছত এটাকৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ১০ অক্টোবৰৰ কাৰ্যসূচীৰ বাবে ককৰ’চ জনতা পাৰ্টিৰ তৰফৰ পৰা বিচৰা অনুমতিও প্ৰদান কৰা নাই দিল্লী আৰক্ষীয়ে।
আটাইতকৈ বেছি প্ৰভাৱ পৰিছে ৰে’ল সেৱাত। তথ্য অনুসৰি,হাওৰা আৰু শিয়ালদহৰ পৰা দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছ বাতিল কৰা হৈছে ।দেশৰ আন আন অঞ্চলৰ পৰাও নতুন দিল্লী আৰু হজৰত নিজামুদ্দিন অভিমুখী বহু দূৰণিবটীয়া মেইল আৰু এক্সপ্ৰেছ ৰে’লৰ যাত্ৰাপথ সলনি কৰা হৈছে আৰু কিছুমান ৰে’ল বাতিল কৰা হৈছে।
প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পথত দেশৰ বিভিন্ন স্থানত আন্দোলনকাৰীসকলক বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে। মধ্যপ্ৰদেশৰ ইটাৰচী জংচনত ১২৭৭৯ নম্বৰৰ গোৱা এক্সপ্ৰেছকে ধৰি কেবাখনো ৰে’ল ৰখাই অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেচন (এআইএছএফ) আৰু বিভিন্ন ছাত্ৰ সংগঠনৰ কৰ্মীসকলক বলপূৰ্বকভাৱে ৰে’লৰ পৰা নমাই আৰক্ষীৰ জিম্মাত লোৱা হয়।
ৰে’ল চলাচলৰ ক্ষেত্ৰত এনেদৰে হঠাতে আৰোপ কৰা নিষেধাজ্ঞাৰ ফলত সাধাৰণ যাত্ৰীসকলো দুৰ্ভোগৰ সন্মুখীন হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ এই কঠোৰ পদক্ষেপৰ বিৰুদ্ধে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অধিবক্তা কপিল ছিবাল, ড০ অভিষেক মনু সিংভি, গোপাল শংকৰনাৰায়ণন আৰু বৃন্দা গ্ৰ’ভাৰ। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠত জৰুৰী শুনানিৰ আবেদন জনাই কপিল ছিবালে ক্ষোভ প্ৰকাশ কৰি প্ৰশ্ন কৰে, “মোৰ দেশত এইবোৰ কি ঘটিছে?”
আদালতত অধিবক্তা সিংভিয়ে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ তালিকা দাখিল কৰে। ৰাজধানীত প্ৰতিবাদ ৰোধ কৰিবলৈ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) ২২১টা কোম্পানী মোতায়েন কৰা হৈছে। আন্দোলনকাৰীসকলক আটক কৰি ৰাখিবলৈ কমেও ১০টা অস্থায়ী আটক কেন্দ্ৰ সাজু কৰি ৰখা হৈছে। দিল্লীৰ প্ৰায় ৫৭টা গুৰুত্বপূৰ্ণ মেট্ৰ’ ষ্টেচনৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি ৰখাৰ বাবে আবেদন জনোৱা হৈছে। দিল্লীৰ স্থানীয় হোটেল আৰু অতিথিশালাসমূহক নতুনকৈ কোনো অতিথিক কোঠা নিদিবলৈ নিৰ্দেশ দিয়া হৈছে।
আন্দোলনৰ ভিডিঅ’ তোলা বা প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত ইউটিউবাৰসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সাংবাদিকসকলৰ বাবে পৰিচয়-পত্ৰ লগত ৰখাটো বাধ্যতামূলক কৰা হৈছে আৰু বিভিন্ন অঞ্চলত ইণ্টাৰনেট সেৱা সীমিত কৰা হৈছে।
ইফালে, দিল্লী আৰক্ষীয়ে চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীৰ অনুমতিৰ আবেদন নাকচ কৰিছে। ছাউথ ব্লকৰ যুটীয়া আৰক্ষী আয়ুক্ত নুপুৰ প্ৰসাদে জনোৱা অনুসৰি, নিয়ম অনুসৰি কমেও ১০ দিন পূৰ্বে আবেদন জনাব লাগে। কিন্তু মাত্ৰ তিনি দিন পূৰ্বে, অৰ্থাৎ ৭ অক্টোবৰত আবেদন দাখিল কৰা হৈছিল। ইয়াৰ উপৰি পূৰ্বতে আন্দোলনকাৰীসকলে নিয়ম উলংঘা কৰাৰ লগতে আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকা থকাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই। আনকি সাধাৰণ ৰাইজক এই প্ৰতিবাদত অংশগ্ৰহণ নকৰিবলৈ পৰামৰ্শ দি আৰক্ষীয়ে বিশেষ নিৰ্দেশনাও জাৰি কৰিছে।
কিন্তু ছাত্ৰ-যুৱ সংগঠনসমূহৰ দাবী, প্ৰশাসনিক দমন-পীড়ন চলাই এই প্ৰতিবাদ স্তব্ধ কৰিব পৰা নাযাব। সকলো বাধা অতিক্ৰম কৰিও ১০ অক্টোবৰত হাজাৰ হাজাৰ লোকে দিল্লীৰ বুকুত তেওঁলোকৰ দাবী উত্থাপন কৰিব।






























