NarendraModi : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : যোৱা সাত অক্টোবৰত দেশসেৱাৰ ২৫ বছৰ সম্পূৰ্ণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষ উপহাৰ দিবলৈ আগবাঢ়িছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। শুকুৰবাৰে যোগী আদিত্যনাথৰ মন্ত্ৰীসভাই এই প্ৰস্তাৱত অনুমোদন জনায়।
শুকুৰবাৰে সংবাদ মাধ্যমৰ সন্মুখত নিজেই এই সিদ্ধান্তৰ কথা ঘোষণা কৰে যোগী আদিত্যনাথে। তেওঁৰ স’তে উপস্থিত আছিল দুই উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক তথা মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহৰ নেতৃবৃন্দ।
যোগীয়ে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰীয়া জনসেৱাৰ প্ৰশংসা কৰি আজি উত্তৰ প্ৰদেশৰ মন্ত্ৰীসভাত এটা প্ৰস্তাৱ গৃহীত হৈছে। উত্তৰ প্ৰদেশৰ মন্ত্ৰীসভাই মোদীক আন্তৰিকতাৰে ধন্যবাদ জনাইছে।
উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী মোদীৰ অৱদানৰ কথা বিস্তৃতভাৱে উল্লেখ কৰি যোগীয়ে কয়, “মোদীজীয়ে উত্তৰ প্ৰদেশৰ মাটিৰ পৰাই দেশক নেতৃত্ব দি আহিছে। তেওঁৰ দেশসেৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে তেওঁৰ নামেৰে নয়ডাৰ বিমানবন্দৰৰ নামকৰণ কৰা হ’ব।”
উল্লেখ্য যে চলিত বৰ্ষৰ ২৮ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জেৱাৰ বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰিছিল। চাৰিটা পৰ্যায়ত নিৰ্মাণ হ’বলগীয়া এই বিমানবন্দৰৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে ই এছিয়াৰ সৰ্ববৃহৎ বিমানবন্দৰ হিচাপে পৰিগণিত হ’ব।
বিমানবন্দৰটোৰ প্ৰথম পৰ্যায়ত প্ৰায় ৩,৩০০ একৰ ভূমিত এটা টাৰ্মিনেল আৰু ৰানৱে নিৰ্মাণ কৰা হৈছে। এই বিমানবন্দৰৰ জৰিয়তে প্ৰতি বছৰে প্ৰায় এক কোটি ২০ লাখ যাত্ৰীয়ে যাতায়াত কৰিব পাৰিব।






























