BurhanWani : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ কমাণ্ডাৰ বুৰহান ৱানিক শ্বহীদৰ মৰ্যাদা! জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত বুৰহানক ‘শ্বহীদ’ বুলি অভিহিত কৰিলে মেহবুবা মুফতিৰ দল পিডিপিৰ জ্যেষ্ঠ নেতা আব্দুল কবিৰে।
তেওঁৰ বক্তব্যৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে এই বিষয়টোক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। ঘটনাৰ পৰিপ্ৰেক্ষিতত পিডিপি নেতা আব্দুলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
দলীয় কাৰ্যসূচীত ভাষণ প্ৰদান কৰি বুৰহানৰ প্ৰশংসা কৰি আব্দুলে কয়, “যেতিয়া বুৰহান ৱানিয়ে শ্বহীদ হৈছিল, তেতিয়া বিজেপিৰ নেতাসকলে ক্ষতিপূৰণ লৈ তেওঁৰ ঘৰত উপস্থিত হৈছিল।”
তেওঁৰ এই মন্তব্যক লৈ ব্যাপক চৰ্চা আৰম্ভ হয়। সংবাদ মাধ্যমৰ তৰফৰ পৰা তেওঁক এজন সন্ত্ৰাসবাদীক কিয় শ্বহীদৰ মৰ্যাদা দিলে বুলি প্ৰশ্ন কৰা হয়। ইয়াৰ প্ৰত্যুত্তৰত নিজৰ স্থিতিত অটল থাকি আব্দুলে কয়, “মই কাক কি ক’ম, সেয়া মোৰ পছন্দ। আমি এখন গণতান্ত্ৰিক দেশত বাস কৰোঁ। গতিকে মোৰ যিটো উচিত বুলি অনুভৱ হয়, সেয়া মুক্তভাৱে কোৱাৰ অধিকাৰ মোৰ আছে।”
ইফালে, এজন সন্ত্ৰাসবাদীক শ্বহীদৰ মৰ্যাদা দিয়াৰ ঘটনাক লৈ যথেষ্ট ক্ষুব্ধ হৈ পৰিছে কাশ্মীৰী পণ্ডিতসকল। গৃহহীন হোৱা কাশ্মীৰী পণ্ডিতসকলক প্ৰতিনিধিত্ব কৰা সংগঠন ‘ৰুটছ ইন কাশ্মীৰ’ৰ মুখপাত্ৰ অমিত ৰাইনাই কয়, “এজন সন্ত্ৰাসবাদী কমাণ্ডাৰক শ্বহীদৰ মৰ্যাদা দি তেওঁ সন্ত্ৰাসবাদী আক্ৰমণত নিহত লোকসকলৰ পৰিয়ালৰ ঘাত নিমখ ছটিয়াইছে।”
এই ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বিজেপিয়েও। গেৰুৱা শিবিৰৰ তৰফৰ পৰা কোৱা হৈছে যে পিডিপিয়ে প্ৰকৃততে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি তুষ্টিকৰণৰ ৰাজনীতি কৰিছে। বিজেপি নেতা যুধবীৰ ছেট্টিয়ে আব্দুলৰ মন্তব্যক ‘মৰ্মান্তিক’ বুলি অভিহিত কৰি ক্ষমা বিচৰাৰ দাবী জনাইছে। তেওঁ কয়, “কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিয়া জোৱানসকলৰ পৰিয়ালৰ ওচৰত পিডিপিৰ নেতাসকলে ক্ষমা বিচৰা উচিত। এইদৰে সন্ত্ৰাসবাদীৰ প্ৰশংসা কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।”
উল্লেখ্য যে বুৰহান ৱানি আছিল হিজবুল মুজাহিদিনৰ এগৰাকী প্ৰচাৰমুখ। জম্মু-কাশ্মীৰত ধাৰাবাহিকভাৱে ভাৰতবিৰোধী ভাষণ দিয়া আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ অভিযোগত তেওঁৰ নাম চৰ্চালৈ আহিছিল। এটা সময়ত তেওঁৰ সন্ধান দিব পৰা ব্যক্তিৰ বাবে চৰকাৰৰ তৰফৰ পৰা ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। ২০১৬ চনত নিৰাপত্তা বাহিনীৰ অভিযানত বুৰহানৰ মৃত্যু হৈছিল।






























