Pakistan :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত এইবাৰ জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। প্ৰদেশখনৰ চৰকাৰৰ ওপৰত ৰাজ্যপালৰ শাসন জাৰি কৰা হৈছে। পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীয়ে দেওবাৰে জৰুৰী অৱস্থা ঘোষণাৰ সিদ্ধান্তত অনুমোদন জনায়।
এই ঘোষণাৰ ফলত খাইবাৰ পাখতুনখোৱাৰ মুখ্যমন্ত্ৰীসহ সমগ্ৰ মন্ত্ৰীসভা, উপদেষ্টামণ্ডলী আৰু এডভোকেট জেনেৰেলক নিজৰ নিজৰ পদৰ পৰা আঁতৰি যাবলগীয়া হৈছে। এতিয়াৰে পৰা প্ৰদেশখনত ৰাজ্যপালৰ শাসন জাৰি হৈছে।
পাকিস্তানৰ সংবাদ মাধ্যম ‘ডন’ৰ প্ৰতিবেদন অনুসৰি, দেশখনৰ কেন্দ্ৰীয় চৰকাৰে খাইবাৰ পাখতুনখোৱাৰ মুখ্য সচিব পদত ড০ মুহাম্মদ ফখৰ আলম ইৰফানক নিযুক্তি দিছে।
পাকিস্তানৰ উত্তৰ-পশ্চিমাঞ্চলৰ এই প্ৰদেশখন দীৰ্ঘদিন ধৰি বিদ্ৰোহীৰ আক্ৰমণত জৰ্জৰিত হৈ আছে। আফগানিস্তানৰ সীমান্তৱৰ্তী এই প্ৰদেশখনত সক্ৰিয় হৈ আছে ‘তেহৰিক-ই-তালিবান পাকিস্তান’ (TTP)। এই বিদ্ৰোহী সংগঠনটোৰ সদস্যসকলক পাকিস্তানী তালিবান বুলিও কোৱা হয়।
পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ স,’তে প্ৰায়ে তেওঁলোকৰ সংঘৰ্ষ হয়। এই বিদ্ৰোহী সংগঠনটোক আফগানিস্তানে সহায়-সমৰ্থন আগবঢ়াইছে বুলিও অভিযোগ কৰি আহিছে ইছলামাবাদে।
খাইবাৰ পাখতুনখোৱাৰ শাসনভাৰ ইমানদিনে আছিল ইমৰান খানৰ দল ‘পাকিস্তান তেহৰিক-ই-ইনছাফ’ৰ (PTI) হাতত। ইছলামাবাদৰ শ্বাহবাজ শ্বৰিফ চৰকাৰে বাৰে বাৰে দাবী কৰি আহিছে যে বিদ্ৰোহীসকলক দমন কৰাত ইমৰানৰ দলৰ প্ৰাদেশিক চৰকাৰ ব্যৰ্থ হৈছে। পাকিস্তানৰ কেন্দ্ৰীয় চৰকাৰৰ বক্তব্য অনুসৰি, প্ৰাদেশিক চৰকাৰখনে সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত পৰ্যাপ্ত উদ্যোগ গ্ৰহণ কৰা নাছিল।
নিৰাপত্তা পৰিস্থিতিৰ অৱনতি আৰু প্ৰাদেশিক চৰকাৰখনে সন্ত্ৰাসবাদবিৰোধী যুঁজৰ পৰা আঁতৰি থকাৰ অভিযোগক জৰুৰী অৱস্থা ঘোষণাৰ কাৰণ হিচাপে দেখুওৱা হৈছে।
পিটিআইৰ মুৰব্বী ইমৰান খানৰ মুক্তি আৰু উপযুক্ত চিকিৎসাৰ দাবীত প্ৰদেশখনৰ সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী ছোহেইল আফ্ৰিদীয়ে ধাৰাবাহিকভাৱে ইছলামাবাদৰ ওপৰত হেঁচা সৃষ্টি কৰি আহিছে। যোৱা ৪ অক্টোবৰৰ পৰা তেওঁ একেৰাহে সমদল উলিয়াই আহিছে।
ইয়াৰ পূৰ্বে ইছলামাবাদলৈ গৈ অৱস্থান ধৰ্মঘট কৰাৰো পৰিকল্পনা কৰিছিল ছোহেইল আফ্ৰিদী আৰু তেওঁৰ সহযোগীসকলে। কিন্তু শ্বাহবাজ শ্বৰিফৰ চৰকাৰে প্ৰতিবাদকাৰীসকলক ইছলামাবাদত প্ৰৱেশৰ অনুমতি দিয়া নাছিল।
এনে পৰিস্থিতিত খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা আৰু ৰাজ্যপালৰ শাসন জাৰি কৰাৰ সিদ্ধান্ত বিশেষ তাৎপৰ্যপূৰ্ণ। কেন্দ্ৰীয় চৰকাৰৰ দাবী, সন্ত্ৰাসবাদ দমনত প্ৰাদেশিক চৰকাৰৰ ব্যৰ্থতাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আনহাতে, ইমৰান খানৰ দল পিটিআইয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। ফলত নিৰাপত্তা পৰিস্থিতিৰ লগতে কেন্দ্ৰ আৰু প্ৰদেশৰ মাজৰ ৰাজনৈতিক সংঘাতেও নতুন মাত্ৰা লাভ কৰিছে।































