SaudiArabia : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : হাউথিৰ আক্ৰমণত বাৰে বাৰে ক্ষতিগ্ৰস্ত হৈছে ছৌদি আৰব। শেহতীয়াকৈ দেশখনত সংঘটিত আটাইতকৈ ভয়াৱহ আক্ৰমণটো হয় শনিবাৰে পুৱতি নিশা। ৰাজধানী ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আঘাত হানে ক্ষেপণাস্ত্ৰই। এই আক্ৰমণত কমেও ১২ জনৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৩০০ জন।
এই শোকাৱহ ঘটনাৰ তীব্ৰ নিন্দা কৰিছে ভাৰতে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে সাধাৰণ নাগৰিকৰ ওপৰত এনে আক্ৰমণ কোনোপধ্যে গ্ৰহণযোগ্য নহয়।
বছৰৰ আৰম্ভণিৰে পৰা চলি থকা ইৰান-আমেৰিকা যুদ্ধৰ মাজতে ছৌদি আৰবত আক্ৰমণ সংঘটিত হৈ আহিছে। কিন্তু শনিবাৰৰ দৰে বৃহৎ পৰিসৰৰ আক্ৰমণ এতিয়ালৈকে দেশখনত হোৱা নাছিল।
চলিত সপ্তাহত এই লৈ তিনিবাৰ আক্ৰমণৰ সন্মুখীন হৈছে ৰিয়াধৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো। অৱশ্যে এইবাৰেই প্ৰথমবাৰৰ বাবে তাত প্ৰাণহানিৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, নিহতসকলৰ অধিকাংশই বিদেশী নাগৰিক।
নিহতসকলৰ তালিকাত বাংলাদেশ, পেলেষ্টাইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজিপ্ত, জৰ্ডান, ছিৰিয়া আৰু ছুডানৰ নাগৰিকো আছে। এই আক্ৰমণৰ বাবে হাউথিসকলৰ দিশে আঙুলি উঠিছে।
শনিবাৰে নিশা সংঘটিত আক্ৰমণৰ পাছতে ‘বন্ধু’ ছৌদি আৰবৰ কাষত থিয় দি বিবৃতি প্ৰকাশ কৰে ভাৰতে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক্স হেণ্ডেলত এই বিবৃতি পোষ্ট কৰে।
বিবৃতিটোত কোৱা হৈছে, ‘যোৱা কেইদিনমান ধৰি ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চলি থকা আক্ৰমণৰ আমি তীব্ৰ নিন্দা কৰিছোঁ। সাধাৰণ নাগৰিক আৰু দেশখনৰ অসামৰিক আন্তঃগাঁথনিৰ ওপৰত এনেদৰে আক্ৰমণ কোনোপধ্যে গ্ৰহণযোগ্য নহয়। এই আক্ৰমণ তৎক্ষণাৎ বন্ধ কৰা উচিত। ছৌদি আৰবৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত ভাৰত দেশখনৰ কাষত আছে।’
ইয়াৰ দুদিনমান পূৰ্বেই ছৌদি আৰবত থকা ভাৰতীয় নাগৰিকসকলক সতৰ্ক কৰি দিছিল ৰিয়াধস্থিত ভাৰতীয় দূতাবাসে। হাউথিৰ আক্ৰমণৰ মাজত বিপদৰ পৰা হাত সাৰিবলৈ ভাৰতীয় নাগৰিকসকলক আপাতত ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছিল।
বিবৃতিটোত কোৱা হৈছে, ‘ভাৰতীয় নাগৰিকসকলক চলিত ঘটনাক্ৰমৰ সৈতে জড়িত কোনো ভিডিঅ’ বা বাতৰি প্ৰচাৰ অথবা পোষ্ট কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।’
উল্লেখ্য যে বৃহস্পতিবাৰেও কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু আভা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এটাৰ পাছত এটাকৈ বিস্ফোৰণ সংঘটিত হৈছিল। কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এখন বিমানৰ পৰা ধোঁৱা নিৰ্গত হোৱা দেখা গৈছিল। ইয়াৰ পাছৰে পৰা বিমানবন্দৰটোত বিমান চলাচল বন্ধ কৰি দিয়া হৈছে।































