IndiGoFlight: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দিল্লীৰ পৰা উৰা মাৰিছিল ইণ্ডিগ’ৰ এখন বিমান। গন্তব্যস্থান আছিল চেন্নাই। কিন্তু মাজপথতে এজন যাত্ৰীৰ হেণ্ড লাগেজত থকা পাৱাৰ বেংকত বিস্ফোৰণ ঘটাত বিপত্তিৰ সৃষ্টি হয়। যাত্ৰীৰ আসনৰ ওপৰত থকা হেণ্ড লাগেজ ৰখা স্থানত দপদপকৈ জুই জ্বলি উঠে।
এই ঘটনাক লৈ মাজ আকাশতে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। আতংকত দিশহাৰা হৈ পৰে যাত্ৰীসকল। অৱশেষত বিমানকৰ্মীসকলৰ তৎপৰতাত জুই নিৰ্বাপিত কৰা হয় যদিও চেন্নাইৰ পৰিৱৰ্তে আগতীয়াকৈ হায়দৰাবাদত বিমানখন জৰুৰী অৱতৰণ কৰোৱা হয়। তথ্য অনুসৰি, সকলো যাত্ৰী আৰু বিমানকৰ্মী সুস্থ অৱস্থাত আছে।
এজন যাত্ৰীয়ে ৰেকৰ্ড কৰা এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিঅ’টোত এটা বেগৰ ভিতৰত দপদপকৈ জুই জ্বলি থকা দেখা গৈছে।
বিমানকৰ্মীসকল উপস্থিত হোৱাৰ পূৰ্বেই আন যাত্ৰীসকলে জুই নুমুৱাবলৈ চেষ্টা কৰা দেখা যায়। অৱশ্যে ঘটনাটো ঠিক কেতিয়া আৰু ক’ত সংঘটিত হৈছিল, সেয়া জানিব পৰা হোৱা নাই।
ইণ্ডিগ’ৰ ৬ই৬১১৫ নম্বৰৰ বিমানখনে দুপৰীয়া এক বাজি ১০ মিনিটত দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। বিমানখন বিয়লি প্ৰায় ৪.৩০ বজাত চেন্নাইত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু মাজপথতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত পাইলটে বিমানখন হায়দৰাবাদত জৰুৰী অৱতৰণ কৰায়।
বিমান পৰিচালনাকাৰী সংস্থাটোৱে প্ৰকাশ কৰা এক বিবৃতিত জনোৱা হৈছে যে কোনো কাৰণত এজন যাত্ৰীৰ বৈদ্যুতিন সঁজুলিত জুই লাগে। অৱশ্যে বিমানকৰ্মীসকলে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰাত কোনো বিপদৰ সৃষ্টি নহ’ল। ইয়াৰ পাছতো নিৰ্ধাৰিত নিয়ম অনুসৰি চেন্নাইৰ পৰিৱৰ্তে বিমানখন হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপদে জৰুৰী অৱতৰণ কৰোৱা হয়।
পৰৱৰ্তী সময়ত যাত্ৰীসকলৰ বাবে বিকল্প বিমানৰ ব্যৱস্থা কৰা হয়। সেই বিমানযোগে তেওঁলোকে নিৰাপদে চেন্নাইত উপস্থিত হয়। এনে ঘটনাৰ বাবে যাত্ৰীসকলৰ ওচৰত দুখ প্ৰকাশ কৰাৰ লগতে ইণ্ডিগ’ই জনায় যে যাত্ৰীৰ সুৰক্ষাক সংস্থাটোৱে সদায় সৰ্বাধিক অগ্ৰাধিকাৰ দিয়ে।































