ElectionCommission : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছে প্ৰকাশ ৰাজপুৰোহিতে। ৰাজস্থান কেডাৰৰ ২০১০ বৰ্ষৰ এই IAS বিষয়াগৰাকীক সঞ্জয় কুমাৰৰ স্থানত নিযুক্তি দিয়া হৈছে। যোৱা বছৰৰ ২৪ জুনত বিশেষ নিবিড় সংশোধন (SIR) প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ নথিত সঞ্জয়ৰ স্বাক্ষৰ আছিল। কিন্তু কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বেই যোৱা আগষ্ট মাহত তেওঁক আয়োগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল। এইবাৰ সঞ্জয়ৰ স্থানত প্ৰকাশক নিযুক্তি দিয়া হৈছে।
নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ কাৰ্যপ্ৰণালীক কেন্দ্ৰ কৰি শেহতীয়াকৈ সৃষ্টি হোৱা আলোচনা আৰু বিতৰ্কৰ পৰিপ্ৰেক্ষিতত এই নিযুক্তি অধিক তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। কিয়নো প্ৰাক্তন উপ-নিৰ্বাচন আয়ুক্ত সঞ্জয়ৰ দায়িত্বত আছিল আয়োগৰ ভোটাৰ তালিকা আৰু তথ্য-প্ৰযুক্তি বিভাগ।২০২৪ চনৰ আগষ্টৰ পৰা চলিত বছৰৰ আগষ্ট মাহলৈকে তেওঁ এই দায়িত্ব পালন কৰিছিল।
আনহাতে, যোৱা বছৰ নেচনেল ইনফৰ্মেটিক্স চেণ্টাৰৰ পৰা ডেপুটেচনত আয়োগৰ কামত যোগ দিছিল সীমা খান্নাই। তেওঁ আয়োগৰ তথ্য-প্ৰযুক্তি বিভাগৰ মুৰব্বী আৰু ভোটাৰ তালিকাৰ সৈতে জড়িত ডিজিটেল আন্তঃগাঁথনিকে ধৰি সকলো ধৰণৰ ডিজিটেল আন্তঃগাঁথনি পৰিচালনাৰ দায়িত্বত আছে।
শেহতীয়া এক প্ৰতিবেদন অনুসৰি, আয়োগৰ আভ্যন্তৰীণ কাৰ্যপদ্ধতিক লৈ আপত্তি প্ৰকাশ কৰি কেবিনেট সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল দুই আয়ুক্ত সুখবিন্দৰ সিং সন্ধু আৰু বিবেক যোশীয়ে। প্ৰতিবেদনটো অনুসৰি, সীমাৰ ভূমিকাক লৈও আপত্তি প্ৰকাশ কৰিছিল সন্ধুৱে। আয়োগৰ তথ্য-প্ৰযুক্তি বিভাগৰ কাম-কাজক লৈও আপত্তি উত্থাপন কৰা হৈছিল।
তথ্য-প্ৰযুক্তি বিভাগৰ দায়িত্বত থকা বিষয়া সঞ্জয়ক সেই দায়িত্বৰ পৰা আঁতৰোৱাৰ সিদ্ধান্তক লৈ সন্ধুসকলে আপত্তি প্ৰকাশ কৰিছিল বুলি এক প্ৰতিবেদনত দাবী কৰা হৈছে।
‘দ্য হিন্দু’ই নিৰ্বাচন আয়োগৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি, সঞ্জয়ক আয়োগৰ কামৰ পৰা অব্যাহতি দিয়াৰ পূৰ্বে সীমাৰ ফাইলসমূহ সঞ্জয়ৰ জৰিয়তেহে প্ৰেৰণ কৰা হৈছিল। কিন্তু সীমাই পদোন্নতি লাভ কৰাৰ পাছত এই কাৰ্যপদ্ধতিৰ পৰিৱৰ্তন ঘটে। সেই সময়ত জ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্ত মনীশ গাৰ্গে এখন আভ্যন্তৰীণ নিৰ্দেশনা জাৰি কৰিছিল। তাত কোৱা হৈছিল যে ইয়াৰ পৰা সীমাৰ ফাইলসমূহ পোনপটীয়াকৈ নিৰ্বাচন আয়ুক্তসকলৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব।
অৱশ্যে, ‘দ্য হিন্দু’ৰ প্ৰতিবেদনত এই কথাও প্ৰকাশ পাইছে যে উক্ত আভ্যন্তৰীণ নিৰ্দেশনা কাৰ্যকৰী হোৱা নাছিল। সঞ্জয়ে আয়োগৰ কামৰ পৰা আঁতৰি যোৱাৰ পাছত ফাইলসমূহ মনীশৰ জৰিয়তেই প্ৰেৰণ কৰা হৈছিল। কিয়নো মনীশেই আছিল ‘লিংক অফিচাৰ’। ফলত সঞ্জয়ৰ অনুপস্থিতিত তেওঁৰ বিভাগৰ দায়িত্ব মনীশৰ ওপৰতে ন্যস্ত হৈছিল।
ইয়াৰ মাজতে শনিবাৰে নিশা কেন্দ্ৰীয় কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে নিযুক্তি সম্পৰ্কীয় এখন নিৰ্দেশনা প্ৰকাশ কৰে। তাত কোৱা হৈছে যে প্ৰকাশক উপ-নিৰ্বাচন আয়ুক্ত পদত নিযুক্তি দিয়াৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি সম্পৰ্কীয় সমিতিয়ে অনুমোদন জনাইছে। ২০৩০ চনৰ ৮ এপ্ৰিললৈকে এই পদত তেওঁৰ কাৰ্যকাল থাকিব।































