CJP: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : গণতান্ত্রিক প্রতিবাদ বোধত নিকৃষ্ট কৌশল অৱলম্বন কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে। ৪০ সহস্রাধিক নিৰাপত্তাৰক্ষীৰে ৰাজধানীক অভেদ্য দুৰ্গলৈ পর্যবসিত কৰা চৰকাৰ দিল্লী আৰক্ষীয়ে শনিবাৰে প্রতিবাদকাৰীক প্ৰতিৰোধৰ নামত যম্ভৰ মন্তৰ সংযোগী পথত গজালো পোতে।
কে’বা তৰপীয়া নিৰাপত্তা বেষ্টনী তথা বেৰিকেড ক্ষান্ত নথকা দিল্লী আৰক্ষীৰ এই কাণ্ডৰ বিৰুদ্ধে সর্বত্রে ধিক্কাৰ ধ্বনি উঠিছে। তদুপৰি দিল্লী পৌৰ নিগমে যন্তৰ মন্তৰ সংযোগী কেতবোৰ স্থানত গেলা-পচা জাবৰ পেলায়ো প্রতিবাদকাৰীসকলক প্ৰতিৰোধৰ নিকৃষ্ট কৌশল অৱলম্বন কৰে।
প্ৰতিবাদ দমনৰ উদ্দেশ্যে নতুন দিল্লী জিলাক ২০টা মণ্ডলত ভাগ কৰি জ্যেষ্ঠ আৰক্ষী বিষয়াবৰ্গই নেতৃত্ব দিছে নিৰাপত্তা বাহিনীক, অৱশ্যে এনে অৱস্থাতো প্রতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে চিজেপিয়ে। কালি সংগঠনৰ নেতৃবৰ্গক গ্ৰেপ্তাৰক লৈ সৰৱ হৈ উঠি সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণ নকৰালৈকে চিজেপিয়ে নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব।
একেদৰে গ্ৰেপ্তাৰৰ প্ৰাক্ষণত অভিজিত দিপকেই প্রধানমন্ত্রী মোদীক হুংকাৰ দি কয়, ‘দেশৰ তৰুণ প্রজন্ম ৰাজপথলৈ ওলাই অহা দেখি মোদীয়ে ভয় খাইছে। দেশৰ তৰুণ প্ৰজন্মক ভয় কৰি তেওঁ কেনেদৰে প্ৰধানমন্ত্ৰীৰ আসনত উপবিষ্ট হৈ আছে? মোদী-শ্বাহে দেশৰ নাগৰিকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলৈ বিচাৰিছে নেকি? আমাৰ যুঁজৰ অস্ত্ৰ হ’ল মহাত্মা গান্ধীৰ শান্তিপূর্ণ আন্দোলনৰ পথ।’
একেদৰে জ্ঞানেশৰ পদত্যাগ আৰু এছআইআৰ বাতিলৰ দাবীত অহা সোমবাৰে দিল্লীত প্রতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিছে কংগ্ৰেছে। শনিবাৰে নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এই হুংকাৰ দি কয়, ‘জ্ঞানেশ কুমাৰক মোদী-শ্বাহে সুৰক্ষা দিবলৈ বিচাৰি নিজৰ পতন মাতিবলৈ লৈছে। প্রধানমন্ত্রী মোদীয়ে পতনৰ ওচৰ চপাৰ লেখীয়াকৈ আচৰণ কৰিছে। তেওঁ বিৰোধীৰ প্ৰতিবাদক লৈ ভয় খাইছে।’
প্রতিবাদকাৰী শতাধিক অধিবক্তাকো গ্রেপ্তাৰ: মুখ্য ন্যায়াধীশৰ হস্তক্ষেপত মুক্তি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত কালি উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সমাজেও প্রতিবাদ সাব্যস্ত কৰে। আশ্চর্যজনকভাৱে দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰী শতাধিক অধিবক্তাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ এই কাৰ্যই উচ্চতম ন্যায়ালয়তো জোঁকাৰণিৰ সৃষ্টি কৰে। বিষয়টোক লৈ সৰৱ হৈ উঠি উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সমাজ মুখ্য ন্যায়াধীশ সূর্য কান্তৰ দ্বাৰস্থ হয়। পাছত মুখ্য ন্যায়াধীশৰ নিৰ্দেশত ধৃত অধিবক্তাসকলক আৰক্ষীয়ে মুক্তি দিয়ে। বিষয়টোত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতায়ো হস্তক্ষেপ কৰে।































