DelhiProtests : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ঔপনিবেশিক ব্রিটিছকো চেৰাই অভূতপূর্ব দমন নীতিৰে গণতান্ত্রিক প্রতিবাদ ৰোধৰ কৌশল প্রয়োগকাৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ ৰঙা চকুলৈ পৰোৱা নকৰি শনিবাৰে দিল্লী কঁপালে লক্ষাধিক লোকে। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ বিৰোধী প্রতিবাদ দমনৰ উদ্দেশ্যে বিগত কিছুদিন ধৰি নিৰাপত্তাৰক্ষীৰ দ্বাৰা অভেদ্য দুৰ্গত পৰিণত কৰি ৰখা ৰাজধানী দিল্লীত ৰেল-ইণ্টাৰনেট সংযোগ বাতিল কৰিও প্রতিবাদ নিষ্ফল কৰাত ব্যর্থ হয় প্ৰৱল প্রতাপী মোদী চৰকাৰ।
বিগত ১২ বছৰত প্ৰথমবাৰৰ বাবে সম্প্রতি বৃহৎ জনজাগৰণৰ সম্মুখীন হোৱা চৰকাৰে কালি দিল্লীত বিৰোধী নেতা-নেত্রী-সাংসদ, অধিবক্তা, ককৰোচ জনতা পার্টিৰ নেতৃত্ব, সাংবাদিকসহ সাত সহস্রাধিক শান্তিপূর্ণ প্রতিবাদকাৰীক আটক কৰে। ককৰোচ জনতা পার্টিয়ে শনিবাৰে আহ্বান জনোৱা প্রতিবাদত অংশগ্ৰহণৰ উদ্দেশ্যে যন্ত্ৰৰ মন্তৰলৈ ৰাওনা হোৱাৰ সময়ত আৰক্ষীৰ দ্বাৰা অনেক প্রতিবাদকাৰী আটক লগা হয়।
এই প্রতিবাদত বিশ্ববিখ্যাত অর্থনীতিবিদ জঁ ড্রেজে, কৃষক নেতা ৰাকেশ টিকাইটসহ বিভিন্ন ক্ষেত্ৰৰ অসংখ্যজনে স্বেচ্ছাই অংশগ্রহণ কৰে। লক্ষ্যণীয় যে গণতান্ত্রিক প্রতিবাদৰ প্রতি চৰম অসহিষ্ণু আচৰণ প্ৰদৰ্শন কৰি ব্ৰিটিছ শাসক আৰু পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জৰুৰীকালীন অৱস্থাতকৈ অধিক কঠোৰ নীতি গ্রহণ কৰিছে মোদী চৰকাৰে। ইয়াৰ অংশৰূপে শান্তিপূর্ণ প্রতিবাদকাৰীসকলক দমনৰ উদ্দেশ্যে কালি ৰাজধানী মহানগৰত মোদী চৰকাৰে ৪০ হেজাৰৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰে।
ইয়াৰে ৩০ হেজাৰেই হ’ল কেন্দ্রীয় সশস্ত্র বাহিনীসমূহৰ। যোৱা আঠ অক্টোবৰৰ পৰা যন্ত্ৰৰ মন্তৰ আৰু ইয়াৰ ওচৰে-পাঁজৰে কেন্দ্ৰীয় সশস্ত্র বাহিনীৰ জোৱানে পিয়াপি দি আছে। কালি প্রতিবাদ দমনৰ উদ্দেশ্যে শুকুৰবাৰৰ পৰা অধিক তৎপৰ হৈ পৰে দিল্লী আৰক্ষী। যন্তৰ মন্তৰ সংযোগী পথসমূহত সাত তৰপীয়া বেৰিকেড স্থাপন কৰাৰ উপৰি মধ্য দিল্লীত ইণ্টাৰনেট কর্তনো কৰে।
অৱশ্যে এনে দমনমূলক ব্যৱস্থা লৈ পৰোৱা নকৰি পুৱাৰে পৰা অগণন প্রতিবাদকাৰী যন্তৰ মন্তৰলৈ ৰাওনা হয়। পাছত বাটৰ পৰাই ইয়াৰে বহুতক নিৰাপত্তা আৰক্ষীয়ে আটক কৰি বাহনত উঠাই বিভিন্ন স্থানলৈ লৈ যায়। আনকি চিজেপিৰ নেতাসকল ক্রমে অভিজিত দিপকে, সৌৰভ দাস আৰু আশুতোষ বাংকাক বিমানৰ পৰাই আৰক্ষীয়ে নামিবলৈ নিদিলে। যন্তৰ মন্তৰৰ প্ৰতিবাদত অংশগ্ৰহণৰ উদ্দেশ্যে মুম্বাইৰ পৰা আহি দিল্লী বিমানকোঠত অৱতৰণ কৰাৰ পাছতে তিনিওকে বিমানৰ ভিতৰৰ পৰাই আৰক্ষীয়ে আটক কৰি নিয়ে।
একেদৰে জনপ্রিয় ইউটিউবাৰ ধ্ৰুৱ ৰাৰ্থীক আৰক্ষীয়ে তেওঁৰ গুৰুগ্ৰামৰ বাসভৱনৰ পৰা আটক কৰে। অনুৰূপ ধৰণে মমতা বেনার্জী, অৰবিন্দ কেজৰিৱাল আদি বিৰোধী নেতা-নেত্রীকো আৰক্ষীয়ে প্ৰতিবাদৰ সময়ত আটক কৰে। পাছত নিশা চিজেপিৰ তিনি শীর্ষ নেতাক বাদ দি আনসকলক আৰক্ষীয়ে মুক্তি দিয়ে। মধ্যনিশালৈ চিজেপি নেতাকেইজনক ক’ত ৰখা হৈছে সেই বিষয়ে কোনো তথ্য সদৰী কৰা নাই আৰক্ষীয়ে।
ইয়াৰ পাছত আৰক্ষীয়ে অজ্ঞাত স্থানত গ্ৰেপ্তাৰ কৰি ৰখা সংগঠনটোৰ তিনি নেতা ক্রমে দিপকে, ৰাংকা আৰু দাসৰ সম্পৰ্কত তাৎক্ষণিকভাবে তথ্য প্ৰকাশৰ দাবী উত্থাপন কৰিছে চিজেপিয়ে। লগতে তেওঁলোকক অধিবক্তাক সাক্ষাতৰ সুযোগ দিয়াৰ উপৰি তিনিওকে শীঘ্ৰে মুক্তি প্ৰদানৰ দাবীও উত্থাপন কৰিছে সংগঠনটোৱে।
ইপিনে, প্রতিবাদৰ মাত্রা বৃদ্ধি পোৱাৰ সময়তে ইমতিয়াজ আলী মার্গস্থিত আকাশবাণী ভৱনৰ ওচৰত একাংশ প্রতিবাদকাৰীয়ে শিলবৰ্ষণ কৰাত দুজন আৰক্ষী আহত হোৱাৰ অভিযোগ উত্থাপন হৈছে। উক্ত স্থানত ২৫-৩০ জন প্রতিবাদকাৰীয়ে বেৰিকেডত জঁপিয়াই উঠি নিৰাপত্তাৰক্ষীৰ স’তে খণ্ডযুদ্ধত লিপ্ত হয়। পাছত ইয়াৰে একাংশক আৰক্ষীয়ে আটক কৰে।
অনুৰূপ খণ্ড যুদ্ধ কনাট প্লেছৰ বাবা খৰগ সিং মাৰ্গতো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। তদুপৰি ঝাণ্ডেৱালা অঞ্চলত আৰক্ষীয়ে আটক কৰি একাংশ প্ৰতিবাদকাৰীক উঠোৱা এখন বাছ বহু প্ৰতিবাদকাৰীয়ে আগুৰি ধৰি অগ্ৰসৰ হোৱাত বাধা দিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আনকি দুর্বৃত্তই বাছখনলৈ লক্ষ্য কৰি শিল বৰ্ষণ কৰে।
আনহাতে, কালি পুৱা দিল্লীলৈ ৰাওনা হোৱাৰ প্ৰাকক্ষণতো মোদী চৰকাৰৰ এনে দমন নীতিক সমালোচনা কৰি সৰৱ হৈ উঠে অভিজিত দিপকে। প্রধানমন্ত্রী মোদীয়ে ভয়ত উপায়হীন হৈ ৰাজধানীত শান্তিপূর্ণ প্রতিবাদকাৰীক আটক কৰাইছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে। মোদীক তেওঁ একনায়কত্ববাদী বুলিও সমালোচনা কৰে।
আনহাতে, প্রতিবাদ নিষ্ফল কৰাৰ উদ্দেশ্যে দিল্লী আৰক্ষীয়ে মহানগৰৰ বিভিন্ন স্থানৰ হোটেল-ৰেস্তোৰাঁ, পেয়িং গেষ্ট আদিত উপস্থিত হৈ ছাত্র-যুৱৰ সন্ধান কৰি আহিছে। তদুপৰি আজি নিশালৈকে ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন হৈ থাকিব বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইয়াৰ সমান্তৰালভাৱে ছয় শতাধিক ৰেলৰ প্ৰৱেশ বাতিল কৰে চৰকাৰে। একেদৰে মেট্ৰ’ ৰেলৰ ৪৫টাকৈ ষ্টেছন অনির্দিষ্ট কালৰ বাবে বন্ধ ৰখা হৈছে।
গণতান্ত্রিক প্রতিবাদকাৰীৰ ওপৰত মোদী চৰকাৰৰ বৰ্বৰতা: ৰাষ্ট্ৰসংঘৰো উদ্বেগ
বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ভাৰতত কালি চৰকাৰে গণতান্ত্রিক প্রতিবাদকাৰীৰ ওপৰত বৰ্বৰতা প্ৰদৰ্শন কৰি সূচনা কৰা কলংকিত অধ্যায়ে চমকিত কৰিছে বিশ্ব সম্প্রদায়কো। দিল্লীত নিৰাপত্তা বাহিনী নিৰস্ত্ৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত জঁপিয়াই পৰা ঘটনাক লৈ ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংস্থায়ো উদ্বেগ প্রকাশ কৰিছে। প্রতিবাদকাৰী নেতৃত্ব, নাগৰিক সমাজৰ সদস্য, অধিবক্তা আৰু সাংবাদিকক নিৰাপত্তা বাহিনীয়ে আটক কৰা কাৰ্য উদ্বেগৰ বিষয় বুলি সংস্থাটোৱে আখ্যা দিছে।































