DelhiProtests : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: দিল্লীত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ ৰোধৰ বাবে পথত লোৰ জোঙো স্থাপন কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰৰ আৰক্ষীয়ে।
যন্তৰ মন্তৰ সংযোগী বিভিন্ন স্থানৰ উপৰি মধ্য দিল্লী আৰু দিল্লীৰ চাৰিও সীমাৰ বাট-পথত পটি সংলগ্ন জোং স্থাপন কৰে আৰক্ষীয়ে।
এই জোং লগোৱা একোটা পতি পথলৈ নিক্ষেপ কৰিলে স্বয়ংক্রিয়ভাবে এই পটি খোল খাই জোংসমূহ উন্মুক্ত হৈ পৰে। এই জোঙেৰে যানবাহনৰ চকা পাৰ হৈ গ’লে ফুটাৰ লগতে মানুহে অতিক্ৰম কৰিলে ভৰিত সোমাই ধৰে।
সাধাৰণ গজালতকৈ এই জোংসমূহ ডাঙৰ আৰু শক্তিশালী হয়। শান্তিপূর্ণ প্রতিবাদ নিয়ন্ত্ৰণৰ বাবে দিল্লী আৰক্ষীয়ে অৱলম্বন কৰা এই এনে নিকৃষ্ট কৌশলক লৈ চৌদিশে তীব্র নিন্দা ধ্বনি উঠিছে।































