দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : চিৰাঙৰ বিজনী ৰে’ল ষ্টেচনত কেতবোৰ দ্ৰুতগামী ৰে’ল ৰখোৱাৰ দাবীৰ লগতে ষ্টেচনটোৰ উন্নয়নৰ দাবীত আজি বিজনী ৰে’ল যাত্ৰী অধিকাৰ মঞ্চ চমুকৈ ব্ৰাইমৰ ( BRYAM) তৰফৰ পৰা বিজনী ৰে’ল ষ্টেচনৰ অধীক্ষক অৱিনাশ কুমাৰৰ জৰিয়তে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধকলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।
বিজনী ৰে’ল ষ্টেচনত ১৫৯৬১/৬২ কামৰূপ এক্সপ্ৰেছ (হাওৰা-ডিব্ৰুগড়), ১৫৯২৫/২৬ দেওঘৰ এক্সপ্ৰেছকে ধৰি ৮ খনকৈ দ্ৰুতগামী ৰে’ল ৰখোৱাৰ দাবীৰ লগতে এক্সপ্ৰেছ হিচাপে চলাচল কৰি থকা চিফুং ৰে’ল গাড়ীখনক যাত্ৰীবাহী ৰে’ল হিচাপে চলাচল কৰোৱা, বিজনী ৰে’ল ষ্টেচনৰ ২ নং প্লেটৰ্ফমত টিকট কাউণ্টাৰৰ ব্যৱস্থা কৰাৰ লগতে প্লেটফৰ্মটোৰ শ্বেদৰ সম্প্ৰসাৰণ কৰা , ১ নং আৰু ২ নং প্লেটৰ্ফমৰ অকামিলা হৈ থকা বিজুলী বাতি সমূহ কাৰ্যক্ষম কৰাৰ দাবীত উক্ত স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।
ইফালে, উত্তৰ- পূৱ পৰিষদৰ আৰ্হিত সুকীয়াকৈ উত্তৰ- পূৱ সীমান্ত ৰে’ল ক্ষেত্ৰীয় কাৰ্যালয় গঠন তথা বদপুৰত নতুন ডিভিজন স্থাপন কৰা, সুকীয়াকৈ ৰে’ল বাজেট প্ৰস্তুত কৰা নিয়ম পুনৰ প্ৰৱৰ্তন কৰাকে ধৰি ১১ দফীয়া দাবীৰ লগতে বিজনী ৰে’ল ষ্টেচনত ৮ খনকৈ দূৰণিবটীযা দ্ৰুতগামী ৰে’ল ৰখোৱাৰ দাবীত অসম ৰে’ল যাত্ৰী সংস্থাই বিজনী ৰে’ল যাত্ৰী অধিকাৰ মঞ্চৰ সভাপতি সুকুমাৰ বীৰ, যুটীয়া সম্পাদক শুভংকৰ ঘোষসহ নেতৃবৃন্দৰ সহযোগত ষ্টেচন অধীক্ষক অৱিনাশ কুমাৰৰ জৰিয়তে উত্তৰ -পূৱ সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধকলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।






























