দৈনিক অগ্ৰদূত: পুৰুষৰ দেহত উদ্ধাৰ হ’ল নাৰী শৰীৰৰ অংগ! অলপতে পশ্চিমবংগৰ ডায়মণ্ড হাৰ্বাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত এজন যুৱকৰ শৰীৰত কেতবোৰ নাৰীৰ অংগ উদ্ধাৰ হয়। চিকিৎসকে ২৪ বছৰীয়া যুৱকজনৰ হার্নিয়াৰ অস্ত্রোপচাৰ কৰিছিল।
এই অস্ত্রোপচাৰৰ সময়ত তেওঁৰ শৰীৰত জৰায়ু, ডিম্বনলী আদি উদ্ধাৰ হয়। স্বাভাৱিকতে এই ঘটনাই চিকিৎসকসকলক চমকিত কৰি তোলে। চিকিৎসকসকলে যুৱকজনৰ ক্ৰম’জম পৰীক্ষাৰ পৰামৰ্শ আগবঢ়াইছে। উল্লেখ্য যে নাৰীৰ দৰে জৰায়ু-ডিম্বনলী দেহত সংলগ্ন থকাৰ ফলত এই যুৱকজন গৰ্ভধাৰণৰ ক্ষমতাসম্পন্ন।
এই সম্পর্কত এজন চিকিৎসকে কয়, ‘পুৰুষৰূপে তেওঁ আমাৰ চিকিৎসালয়ত ভর্তি হৈছিল। পাছত অস্ত্রোপচাৰ কৰোতে তেওঁৰ দেহত জৰায়ু, ডিম্বনলী আদি চিকিৎসকে প্রত্যক্ষ কৰে। এনে আচহুৱা ঘটনাৰ বাবে আমি প্রস্তুত নাছিলো। জিনৰ বিসংগতিৰ বাবে এনে হ’ব পাৰে।’
গতিকে চিকিৎসকসকলে তেওঁৰ ক্ৰম’জম অধ্যয়নৰ পোষকতা কৰিছে।আনহাতে, উক্ত চিকিৎসালয়ৰ ইউৰ’লজী বিভাগৰ চিকিৎসক সৌভিক চেটার্জীৰ মতে, মানৱ শৰীৰৰ এনে বিসংগতিক ‘ছিউড’হেৰম্যাফ্রোডিটিজম’ বুলি কোৱা হয়। ইয়ে যৌন অংগৰ বিকাশৰ ভিন্নতা আনে।
কিন্তু এনে ভিন্নতা এই যুৱকজনৰ ক্ষেত্ৰত দেখা নগ’ল। ইয়াৰ কাৰণ উদ্ধাৰৰ বাবে চিকিৎসকে তেওঁৰ ক্ৰম’জমৰ পৰীক্ষাৰ পোষকতা কৰিছে। চিকিৎসা বিজ্ঞানৰ মতে, পৃথিৱীত এনে কিছু বিৰল ব্যক্তি আছে, যিসকল জিনগত, প্রজননগতভাৱে মহিলা হ’লেও তেওঁলোকৰ বাহ্যিক অংগসমূহৰ গঠন পুৰুষৰ দৰে।
এনে বিৰল বৈশিষ্ট্যৰ কাৰণ হ’ল হৰমনৰ অস্বাভাৱিকতা। অৰ্থাৎ ভ্রূণৰ বিকাশৰ সময়ত পুৰুষ হৰমনৰূপে পৰিচিত এণ্ড্ৰ’জেনৰ প্ৰভাৱ। স্বাভাৱিকতে এনে ঘটনা বিৰল। চিকিৎসা বিজ্ঞানৰ মতে, ক্ৰম’জম, হৰমন, আভ্যন্তৰীণ প্রজনন অংগ, বহিস্থ জনাংগৰ গঠনতো বিষয়টো নিৰ্ভৰ কৰে।
চিকিৎসকসকলে প্রকাশ কৰা অনুসৰি পুৰুষত্বৰ বৈশিষ্ট্য সৃষ্টিৰ ক্ষেত্ৰত এন্ড্র’জেনে ভূমিকা পালন কৰে। নাৰীৰ শৰীৰতো ইয়াৰ প্ৰভাৱ বৃদ্ধি পালে সেই নাৰীৰ বহিঃগঠন পুৰুষৰ লেখীয়া হয়।































