DelhiProtests : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নজিৰবিহীন অৰাজকতাৰ কৱলত পৰিছে দেশৰ ৰাজধানী দিল্লী। কালি ককৰোচ জনতা পাৰ্টিৰ যন্তৰ মন্তৰৰ প্ৰতিবাদৰ সময়ত নিৰাপত্তা বাহিনীৰ চকুৰ সন্মুখতে গেৰুৱা বসন পিন্ধা হিন্দু সুৰক্ষা দল নামৰ এটা সংগঠনৰ লোকে একাংশ প্ৰতিবাদকাৰীক নির্মমভাৱে প্ৰহাৰ কৰে।
আশ্চর্যজনক যে নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত এই বীৰত্ব প্ৰদৰ্শন কৰাৰ কথাও গৌৰৱৰে স্বীকাৰ কৰিছে সংগঠনটোৱে। সংগঠনটোৰ এজন নেতাৰ এই স্বীকাৰোক্তি সম্বলিত এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।
অৱশ্যে এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে দিল্লী আৰক্ষীয়ে নিজাববীয়া এটা গোচৰ ৰুজু কৰি ঘটনাত জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজনক ৰমন ছাইনী (৫০), বিবেকানন্দ ওৰফে বিবেক (৩২), কপিল কুমাৰ (২৭), ৰবীন্দৰ সিং ওৰফে গোবিন্দ হিন্দু (৩৫) বুলি চিনাক্ত কৰা হৈছে।
আনহাতে, ভাইৰেল হোৱা ভিডিঅ’টোত উন্মত্ত লোকৰ দলটোৰ একাংশই চিঞৰি চিঞৰি দিল্লীৰ আৰক্ষীৰ লোকক ‘দিল্লী আৰক্ষী তোমালোকে লাঠিৰে কোবোৱা, আমি তোমালোকৰ লগত আছো’ বুলি কোৱা দেখিবলৈ পোৱা গৈছে।
কেৱল হিন্দু সুৰক্ষা দলেই নহয়, হনুমান সেনা দিল্লী নামৰ এটা সোঁপন্থী সংগঠনেও শনিবাৰেও প্ৰতিবাদকাৰীৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰে। একাংশ প্রতিবাদকাৰীক আৰক্ষীৰ উপস্থিতিতে দুয়োটা সংগঠনৰ লোকে চৰ শোধোৱাৰ লগতে ৰাজপথৰ পৰা খেদি পঠিয়ায়।
ইয়াৰে হিন্দু সুৰক্ষা দলে ডিডিইউ মাৰ্গত ছাত্ৰ-ছাত্ৰী আৰু মহিলা প্ৰতিবাদকাৰীৰ ওপৰত তাণ্ডৱ চলায়। আশ্চর্যজনক যে নিৰস্ত্ৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত বৰ্বৰতা প্ৰদৰ্শন কৰা এইসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে দিল্লী আৰক্ষীয়ে জধে-মধে প্রতিবাদকাৰীকহে আটক কৰে।
ইপিনে, এনে অৰাজক পৰিৱেশৰ মাজতে উক্ত সংগঠনৰ এটা দলে এগৰাকী কিশোৰীকো কাপোৰ-কানি ফালি মাৰধৰ কৰে। এই নাৰকীয় ঘটনা কনাট প্লেচত সংঘটিত হয়। ইয়াৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।
ভিডিঅ’টোত দেখা গৈছে যে উন্মত্ত লোকৰ দলটোৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰা কিশোৰীগৰাকীক খেদি খেদি একাংশ যুৱকে মাৰধৰ কৰে। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। স্বয়ং ৰাজধানী এনেদৰে ভয়ংকৰ অৰাজকতাৰ কৱলত পৰাত দেশৰ চৌদিশে প্ৰৱল প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।































