LondonSharadUtsav : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : সম্প্ৰতি ভাৰতত পালন কৰা হ’ল বেতাৰ সম্প্ৰচাৰৰ শতবর্ষ। এশ বছৰ কেবাৰে কম সময় নহয়। ভাৰতীয় মানুহৰ সুখ-দুখত দীর্ঘকালৰ পৰাই সংগী হৈ আহিছে ৰেডিঅ’। ঠিক যেন এটা জাতিৰ সংস্কৃতিক ধাৰণ কৰি আহিছে ৰেডিঅ’ই। দুর্গোৎসৱৰ স’তেও ৰেডিঅ’ অংগাংগীভাৱে জড়িত হৈ আছে।
১৯৩১ত আকাশবাণী কলকাতাৰ পৰা প্ৰথমবাৰলৈ বীৰেন্দ্ৰকৃষ্ণ ভদ্ৰৰ কণ্ঠত সম্প্ৰচাৰিত হৈছিল ‘মহিষাসুৰমদিনী’। তাৰ পাছৰে পৰা আকাশবাণী কলকাতাই অব্যাহত ৰাখিছে দেৱী বন্দনা। এইবাৰ দুর্গোৎসৱত একাংশ ভক্তই সাত সাগৰৰ সিপাৰে জীৱন্ত কৰি তুলিলে কলকাতাৰ ৰেডিঅ’-স্মৃতি।
লণ্ডনৰ থেমছ নদীৰ পাৰত অনুষ্ঠিত হ’ব দুর্গা পূজা। ‘বেংগল হেৰিটেজ ফাউণ্ডেচন’ নামৰ প্রবাসী ভাৰতীয় লোকৰে গঠিত সংস্থাটোৱে এই পূজাৰ আয়োজন কৰিছে। ১৫ৰ পৰা ১৮ অক্টোবৰলৈ ইলিঙৰ গাণাৰ্ছবাৰী পার্ক স্পর্টছ হাবত আয়োজিত হ’ব জাকজমকীয়া ‘লণ্ডন শাৰদ উৎসৱ ২০২৬’।
১০ হেজাৰ বৰ্গফুটৰ বিশাল প্রাংগণত চলি উৎসৱ। দাবী কৰা হৈছে যে এয়াই হ’ব ইউৰোপৰ সবাতোকৈ ডাঙৰ দুর্গাপূজা। জাতি-ধর্ম নির্বিশেষে সকলোকে এই উৎসৱলৈ আমন্ত্রণ জনোৱা হৈছে।
এইবাৰৰ উৎসৱৰ মূল থীম সম্পূর্ণ ভিন্ন ধৰণৰ। আকাশবাণী কলকাতাৰ সম্প্ৰচাৰৰ ১০০ বছৰ পূৰ্তিক সম্মান জনাবলৈকে এই আয়োজন কৰা হৈছে। ১৯২৭ৰ ২৬ আগষ্টত এই বেতাৰ কেন্দ্ৰৰ যাত্ৰা আৰম্ভ হৈছিল। খবৰ, গান, কাহিনী আৰু নাটকৰ গ্ৰন্থিত যি যুগে যুগে আকাশবাণীৰ শ্রোতাক বান্ধি ৰাখিছে।
প্রবাসত বহি মহালয়াৰ পুৱা ৰেডিঅ’ত সেই পুৰণি আমেজ ঘূৰাই অনাই হৈছে মূল লক্ষ্য। ইয়াত প্রবীণসকলে বিচাৰি পাব শৈশৱৰ স্মৃতি। আনহাতে, নতুন প্রজন্মই চিনি পাব নিজৰ শিপাক।
উৎসৱৰ প্ৰাণকেন্দ্ৰ হৈছে ‘ঠাকুৰ দালান’। ইয়াত প্রথা অনুসৰি সকলো নিয়ম পালন কৰা হ’ব। বোধনৰ পৰা আৰম্ভ কৰি সপ্তমী, মহাষ্টমী, কুমাৰী পূজা, সন্ধিপূজা, মহানৱমী আৰু দশমী- একোৱেই বাদ নপৰে। লগতে থাকিব বিখ্যাত পোহৰৰ কেৰামতালি।
লণ্ডনৰ বুকুতো সৃষ্টি হ’ব তিলোত্তমাৰ ৰূপ-ৰস-গন্ধ। উল্লেখ্য যে সাংস্কৃতিক মঞ্চ ‘ৰংগমঞ্চ’ত থাকিব আকাশবাণীৰ ছাঁ। ‘বিবিধ ভাৰতী’, ‘গীতমালা’ আদিৰ আলমত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আকাশবাণীৰ বিভিন্ন জনপ্রিয় কার্যসূচীক এই সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে নৱ প্ৰজন্মৰ আগত চিনাকি কৰাই দিয়াৰ কথা চিন্তা কৰা হৈছে।
আয়োজক সংস্থাৰ তৰফৰ পৰা কৌশিক চেটার্জীয়ে জনাইছে যে এইবাৰৰ আয়োজন ইউৰোপৰ বুকুত সবাতোকৈ বৃহৎ দুর্গাপূজা উদ্যাপন হ’বলৈ গৈ আছে।































