SupremeCourtOfIndia :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ স’তে সাক্ষাৎ কৰাৰ দাবীত সোমবাৰে উচ্চতম ন্যায়ালয় অভিযানৰ আহ্বান জনাইছে ইণ্ডিয়া মিত্ৰজোঁটে। ‘ভোট চুৰি’, এছ আই আৰ বন্ধ কৰা আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুখ্য ন্যায়াধীশক এখন স্মাৰক-পত্ৰ প্ৰদান কৰাই আছিল এই কাৰ্যসূচীৰ উদ্দেশ্য।
কিন্তু দেওবাৰে নিশাই মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ৰ পৰা ই-মেইলযোগে জনোৱা হয় যে তেওঁ বিৰোধী নেতাসকলৰ স’তে সাক্ষাৎ নকৰে। মুখ্য ন্যায়াধীশৰ সাক্ষাৎ নাপালেও উচ্চতম ন্যায়ালয় অভিযানৰ পৰা পিছহুঁহকি অহা নাই ইণ্ডিয়া মিত্ৰজোঁট।
প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে দুপৰীয়া ১.৩০ বজাত কন’ট প্লেচ আৰু বাৰাখাম্বা ৰোডৰ সংযোগস্থলীত সমবেত হ’ব বিৰোধী নেতাসকল। তাত ৰাহুল গান্ধী, মমতা বেনাৰ্জী, অখিলেশ যাদৱ, তেজস্বী যাদৱ, মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত আৰম্ভ হ’ব পদযাত্ৰা।
ইণ্ডিয়া গে’টৰ পৰা উচ্চতম ন্যায়ালয়লৈ উলিওৱা এই পদযাত্ৰাৰ নাম দিয়া হৈছে ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’। মুখ্য ন্যায়াধীশে সাক্ষাৎ নকৰিলেও এই অভিযান অনুষ্ঠিত হ’ব বুলি বিৰোধী দলসমূহৰ তৰফৰ পৰা জনোৱা হৈছে।
অভিযানৰ পূৰ্বে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰিছে। তাত কোৱা হৈছে, ‘এই অভিযানৰ উদ্দেশ্য প্ৰেম, ভ্ৰাতৃত্ব আৰু দেশপ্ৰেম।’
ইফালে, ৰাহুল গান্ধীসকলৰ অভিযানৰ পূৰ্বে দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰক্ষীয়ে। মধ্য দিল্লীত কঠোৰ নিৰাপত্তাৰ মাজত মোতায়েন কৰা হৈছে ৰেপিড একচন ফ’ৰ্চ আৰু চি আৰ পি এফ। পুৱা ছয় বজাৰ পৰা বিয়লি চাৰি বজালৈ দিল্লীৰ ছটা গুৰুত্বপূৰ্ণ মেট্ৰ’ ষ্টেচন বন্ধ ৰখা হৈছে।
ষ্টেচনকেইটা হৈছে—পেটেল চক, জনপথ, ৰাজীৱ চক, মাণ্ডী হাউছ, চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট আৰু বাৰাখাম্বা ৰোড। ইয়াৰ উপৰি বিৰোধীৰ সমদলত বাধা দিবলৈ দিল্লীত ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে।
উল্লেখ্য যে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলক সাক্ষাতৰ বাবে সময় দিব নোৱাৰিব বুলি দেওবাৰেই জনাইছিল মুখ্য ন্যায়াধীশে। লগতে তেওঁ জনায় যে বিৰোধী নেতাসকলে উত্থাপন কৰাৰ পৰিকল্পনা কৰা বিষয়সমূহ ইতিমধ্যে বিচাৰাধীন হৈ আছে আৰু সেইবোৰৰ শুনানি উচ্চতম ন্যায়ালয়ত চলি আছে।
ইয়াৰ উপৰি মুখ্য ন্যায়াধীশে কয় যে কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধি দলৰ স’তে প্ৰশাসনিক পৰ্যায়ত এনেদৰে সাক্ষাৎ কৰাৰ এক্তিয়াৰ আদালতৰ নাই। আদালতৰ মূল কাম হৈছে আবেদনসমূহৰ শুনানি গ্ৰহণ কৰা আৰু ৰায় প্ৰদান কৰা।
তেওঁ লগতে কয় যে দেশৰ সৰ্বোচ্চ ন্যায়িক প্ৰতিষ্ঠান হিচাপে উচ্চতম ন্যায়ালয়ৰ দুৱাৰ ‘সকলোৰে বাবে ২৪ ঘণ্টাই খোলা’। আদালত ‘প্ৰতিগৰাকী নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ’ বুলিও তেওঁ উল্লেখ কৰে।































