BurmaBetelNut : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: চুপাৰিক লৈ চলি থকা বৃহৎ চোৰাং ব্যৱসায়ৰ পৰিণাম স্বৰূপে শশ কোটি টকাৰ ৰাজহ হেৰুৱাইছে চৰকাৰে। ৰাজ্য তথা দেশৰ অর্থব্যৱস্থাৰ ওপৰত মাধমাৰ শোধোৱা এই চোৰাং ব্যৱসায় প্ৰতিৰোধত বিফল হৈছে অভিযানকাৰী সংস্থাসমূহ। দেশৰ বাহিৰে ভিতৰে অতি সক্রিয় চোৰাং চক্ৰৰ দৌৰাত্ম্যৰ ফলত অবৈধ বার্মিজ চুপাৰি জব্দ হোৱাৰ মাত্ৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ চৰকাৰী শুল্ক লোকচানৰ তথ্য শেহতীয়াকৈ নিশ্চিত কৰিছে প্ৰৱৰ্তক TATA সঞ্চালকালয় (ইডি) এ।
উল্লেখ্য যে বিগত বৰ্ষত মণিপুৰৰ পৰা অসম অভিমুখে প্ৰেৰণ কৰা ৩,০১৩ মেট্রিক টন অবৈধ বার্মিজ চুপাৰি আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত জব্দ হৈছিল। এই বৃহৎ পৰিমাণৰ চুপাৰি জব্দ হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা (চিবিআই)ই এটা গোচৰ ৰুজু কৰিছিল।
ধনৰ অবৈধ লেনদেন বিৰোধী আইনৰ অধীনত গোচৰটো ৰুজু কৰাৰ বাবে ইডিকো তদন্তৰ দায়িত্ব দিয়া হয়। ইডিৰ গুৱাহাটীস্থ কার্যালয়ে কৰা তদন্তত পোহৰলৈ আহে যে জব্দ কৰা চুপাৰিখিনিৰ বজাৰ মূল্য হ’ল প্রায় ১,০২২.২৫ কোটি টকা।
মূল্যৰ এই পৰিমাণৰ বিপৰীতে চৰকাৰে পাবলগীয়া শুল্কৰ পৰিমাণ হ’ল কমেও ৪০৮.৯০ কোটি টকা। ইয়াৰ পৰাই স্পষ্ট হয় যে চুপাৰিক লৈ চলি থকা বৃহৎ চোৰাং বজাৰখনৰ ফলত ৰাজহৰ এনেদৰেই বৃহৎ লোকচান হৈ আহিছে।
উক্ত বৃহৎ পৰিমাণৰ চোৰাং চুপাৰিৰ আমদানিক লৈ পোহৰলৈ অহা তথ্য অনুসৰি ম্যানমাৰ- মিজোৰামৰ অতি দুৰ্বল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুযোগৰে সমগ্ৰ ব্যৱসায় চলি আহিছে। জব্দ কৰা উক্ত বৃহৎ পৰিমাণৰ চুপাৰিখিনিও দুৰ্বল সীমান্ত পাৰ কৰি মিজোৰামৰ চাফাই জিলাৰ ঝোখাৱথাৰ নগৰলৈ অনা হৈছিল।
ঝোখাৱথাৰৰ স্থানীয় একাংশ ব্যৱসায়ীৰ সহযোগত চুপাৰিবোৰ গোপন ভঁৰালত মজুত ৰখা হৈছিল। তাৰ পাছত সেইবোৰ অসম অভিমুখে প্ৰেৰণ কৰিছিল। স্থানীয়ভাবে উৎপাদিত বুলি দেখুৱাই পৰিবহণ কৰা চুপাৰিবোৰ শিলচৰৰ গোপন স্থানত মজুত কৰাৰ পৰিকল্পনা কৰা হৈছিল।
পৰৱৰ্তী সময়ত সুযোগ বুজি চুপাৰিবোৰ দিল্লী, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আদি ৰাজ্যত থকা গুটখা উৎপাদন কৰা কোম্পানীৰ কাৰখানালৈ ভাগে ভাগে প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছিল। সম্পূর্ণ সংগঠিত ৰূপত চলি থকা এই চোৰাং ব্যৱসায়ৰ চুপাৰিবোৰ শিলচৰৰ পৰা গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা শিলিগুৰি হৈ বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰা হয়।
প্রসংগক্রমে উল্লেখ্য যে শেহতীয়াকৈ যোৱা পাঁচ অক্টোবৰত ইডিয়ে চোৰাং বার্মিজ চুপাৰিৰ ব্যৱসায়ত চলা ধনৰ অবৈধ লেনদেনক লৈ অসম আৰু পশ্চিমবংগৰ কে’বাটাও স্থানত অভিযান চলায়। সেই অনুসৰি গুৱাহাটীৰ লগতে পশ্চিমবংগৰ শিলিগুৰি, বাগডোগ্রা, কোচবিহাৰ আৰু ফাঞ্চিডেৱাত এই অভিযান চলোৱা হয়।
ইডিৰ তথ্য অনুসৰি অবৈধ বার্মিজ চুপাৰি পৰিবহণৰ ট্রেনজিট পইন্ট হ’ল গুৱাহাটী। একদৰে গুৱাহাটীৰ পৰাই বিত্তীয় লেনদেনৰ বিভিন্ন মাধ্যমৰে ধনৰ আদান প্রদানো চলি আহিছে। এই সন্দৰ্ভত সংস্থাটোৱে বিভিন্ন পর্যায়ত অভিযান আৰু তদন্ত অব্যাহত ৰাখিছে।































