NarendraModi :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পুনৰ এবাৰ নিজৰ ভাষণেৰে যুৱ প্ৰজন্মক কাষ চপাই আনিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এদিন চেন্নাইত মেট্ৰ’ৰ নতুন পথ উদ্বোধন কৰাৰ পাছত জয়গোপাল গাৰোডিয়া হিন্দু বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত ভাষণ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তাত চমু ভাষণত তেওঁ কয় যে বিশ্বৰ বাবে অতি প্ৰয়োজনীয় সমাধানৰ সূত্ৰ জেন জিৰ হাততে আছে। এয়া তেওঁলোকৰ বাবে বৃহৎ পৰিসৰত ভৱিষ্যতৰ কথা চিন্তা কৰাৰ উপযুক্ত সময়।
‘বিকশিত ভাৰত’ গঢ়িবলৈ জেন জিক আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয়, “এখন উন্নত ভাৰতৰ বাবে প্ৰয়োজনীয় নতুন ধাৰণা আৰু সমাধানে কেৱল দেশখনৰেই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰ ভৱিষ্যতো গঢ় দিব।” তেওঁ লগতে কয়, “আজি বিশ্বই (বিভিন্ন সমস্যাৰ) সমাধানৰ পথ বিচাৰি আছে। এই পথ দেখুওৱাৰ সম্ভাৱনা তোমালোকৰ মাজতে আছে। মই বিচাৰোঁ, প্ৰতিগৰাকী যুৱকে নিজৰ ভৱিষ্যতক এই বৃহত্তৰ পৰিপ্ৰেক্ষিতত চাওক। কাৰণ এয়া তোমালোকৰ সময়, এয়া তোমালোকৰ সন্মুখত থকা সুযোগ।”
চেন্নাইৰ ভাষণত বিখ্যাত তামিল কবি, স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক চিন্নস্বামী সুব্ৰহ্মণ্য ভাৰতীক স্মৰণ কৰে মোদীয়ে। তেওঁ কয়, “তেওঁৰ বাণীয়ে আমাক নিৰ্ভয়ে জীয়াই থাকিবলৈ অনুপ্ৰাণিত কৰে।”
তেওঁ লগতে কয়, “ইয়াত উপস্থিত আপোনালোক সকলোকে মই আহ্বান জনাইছোঁ—নিজকে নিৰ্ভীক হৈ উঠাৰ সুযোগ দিয়া। নিজৰ ধাৰণাসমূহক লৈ কাম কৰা। ডাঙৰ সপোন দেখা, বেলেগ ধৰণে চিন্তা কৰা আৰু নিৰ্ভীক হোৱা।”
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, আজি “ভাৰতৰ সন্মুখত অসীম সুযোগ আছে… এয়া তোমালোকৰ সময়। আমি সকলোৱে মিলি সপোন সফল কৰিমেই।”
উল্লেখ্য যে শনিবাৰে এছ আই আৰৰ নামত ভোট চুৰিৰ অভিযোগ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তাল হৈ পৰে দিল্লী। দেওবাৰে পুনৰ কংগ্ৰেছ আৰু চিজেপিয়ে নতুনকৈ প্ৰতিবাদী আন্দোলনৰ আহ্বান জনায়।
প্ৰশ্নকাকত ফাদিলৰ পাছত পুনৰ ৰাজধানীৰ ৰাজপথলৈ ওলাই আহিছে জেন জি। এনে পৰিস্থিতিত যুৱ প্ৰজন্মৰ প্ৰতি মোদীৰ এই বাৰ্তা তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।






























