Puja’s discarded flowers can also used : বহু প্ৰত্যাশিত দুৰ্গা পূজা শেষ হল । এতিয়া আহিল লক্ষী পূজা । যিকোনো পূজাৰে অতি আৱশ্যকীয় এবিধ সামগ্ৰী হৈছে ফুল । অৰ্থাৎ পূজাত ফুল অৰ্পণ কৰিয়েই দেৱ-দেৱীক পূজা অৰ্চনা কৰা হয় ।


পূজা শেষ হোৱাৰ পিছত অৱশ্যে এই ফুলৰ আদৰ কমি যোৱা দেখা যায় । কিন্তু আমি হয়তো নাজানো যে , এই পেলনীয়া ফুলো বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি । বিশেষকৈ এই পেলনীয়া ফুলৰ পৰা কাপোৰত ৰং দিয়া, ছালৰ তেল আদি তৈয়াৰ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি । গতিকে আজি আমি এই প্ৰতিবেদনত পেলনীয়া ফুলৰ পৰা কি কি তৈয়াৰ বা কেনেকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি , তাৰ বিষয়ে আলোচনা কৰিম |
১। পুৰণা কাপোৰত ৰং দিব পাৰি – পেলনীয়া ফুল এবাল্টি পানীত কিছু সময় ডুবাই ৰাখি , তাত পুৰণা বগা, গোলপীয়া বা পাতল নীলা কাপোৰ ডুবাই ৰাখিলে আপোনাৰ পুৰণা কাপোৰৰ ৰং পৰিৱৰ্তন হৈ নতুন হৈ পৰিব ।
২। মজিয়া চাফা কৰা ক্লিনাৰ তৈয়াৰ কৰিব পাৰি – আধা বাল্টি গৰম পানীত পেলনীয়া ফুল ঢালি কিছু সময় ৰখাৰ পিছত সেই পানীৰে ঘৰ মচিলে মজিয়াখন পৰিষ্কাৰ হোৱাই নহয় , ই আপোনাৰ ঘৰখনত এক সু-গন্ধ বিয়পাই ৰাখিব ।
৩। অত্যাৱশ্যকীয় তেল তৈয়াৰ কৰিব পাৰি – অলপ নাৰিকল তেল গৰম কৰি তাত পেলনীয়া ফুল দি কিছু সময় ৰখাৰ পিছত পুনৰ চেকি ঘৰতেই আপুনি এই অত্যাৱশ্যকীয় তেল তৈয়াৰ কৰিব পাৰিব । পিছত এই তেল আপুনি দৈনিক মুখ , ডিঙি , পিঠি আদিত লগালে আপোনাৰ ছাল মসৃণ হোৱাৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি পাব ।
সতৰ্কবাণী—আপোনাৰ যদি এলাৰ্জি বা অন্য ৰোগ আছে , তেন্তে আপুনি এই সামগ্ৰী ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিতান্তই আৱশ্যক ।

































