DurgaPuja : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বালিময় উপকূলত কেনভাছত এইবাৰ কেৱল বলুকাৰ স্পৰ্শ নহয়, তাৰ লগতে মিহলি হৈ পৰিছে প্ৰকৃতিৰ নানা উপহাৰ। চলিত দুর্গাপূজাত পুৰীৰ সাগৰতীৰত এক অভিনৱ ভাস্কর্য গঢ়ি তুলিলে প্রখ্যাত বলুকাশিল্পী তথা পদ্মশ্রী প্রাপক সুদর্শন পাটনায়কে। পুৰীৰ উপকূলত বালিৰে বিভিন্ন ভাস্কর্য তৈয়াৰ বাবেই প্রখ্যাত এই শিল্পীজন।
সম্প্ৰতি চিৰাচৰিত বালিৰ লগতে প্রায় ৩২ প্ৰকাৰৰ শাক-পাচলি আৰু ফলমূল ব্যৱহাৰ কৰি মা দুৰ্গাৰ এক অনন্য প্রতিমা ৰূপ দিলে পাটনায়কে। উৎসৱৰ আৱহ ফুটাই তোলাৰ সমান্তৰালকৈ প্ৰকৃতিৰ অনাবিল সৌন্দর্য আৰু ইয়াৰ সৃজনীশীল ব্যৱহাৰৰ বাৰ্তা দিয়াই আছিল এই সৃষ্টিৰ মূল উদ্দেশ্য।
ভাস্কর্য শিল্পী পাটনায়কে জনাইছে যে এই ভাস্কর্যত মুঠ ২২ প্ৰকাৰৰ শাক-পাচলি আৰু ১০ বিধ ফল ব্যৱহাৰ কৰা হৈছে। সংবাদ মাধ্যমৰ আগত পাটনায়কে কয় যে দুর্গাপূজাৰ সময়ত শিল্পীসকলে সকলো সময়তে মা দুর্গাক ভিন ভিন আংগিকত তুলি ধৰাৰ চেষ্টা কৰে।
সেই চিন্তাৰ পৰাই পুৰীৰ বেলাভূমিত এইবাৰ শাক-পাচলি আৰু ফলৰ সমন্বয়ত এই ‘ইনস্টলেচন স্কাল্পচাৰ’ সৃষ্টিৰ সিদ্ধান্ত লয় তেওঁ। ইয়াৰ মাধ্যমেৰে প্ৰকৃতি যে কিমান সুন্দৰ আৰু প্রাকৃতিক সম্পদক কিমান নান্দনিকভাবে ব্যৱহাৰ কৰিব পাৰি, সেই ইতিবাচক বার্তা দিয়াৰ চেষ্টা কৰিছে শিল্পীজনে।
একে সময়তে বিশ্বশান্তি আৰু সকলোৰে ওপৰত মা দুৰ্গাৰ আশীৰ্বাদ বৰ্ষণৰ প্ৰাৰ্থনাও জনায় তেওঁ।উল্লেখ্য যে দুর্গাপূজা কেৱল এক ধর্মীয় আচাৰ নহয়, বৰঞ্চ ই সৃষ্টিশীলতা, ঐতিহ্য আৰু মিলনৰ এক বিশাল মঞ্চ। অশুভৰ ওপৰত শুভৰ জয় উদ্যাপনৰ এই উৎসৱত মহাসপ্তমীৰ পৰা বিজয়া দশমী পর্যন্ত মতলীয়া হৈ পৰে সমগ্র দেশ।
বিশেষকৈ পশ্চিমবংগত এই শাৰদীয় দুর্গাপূজা জাতীয় উৎসৱৰূপে পৰিচিত। ২০২১ৰ ডিচেম্বৰত ইউনেস্কোৰ আৱহমান সাংস্কৃতিক ঐতিহ্য (ইন্টেনজিবল কালচাৰেল হেৰিটেজ)ৰ স্বীকৃতি লাভ কৰিছিল কলকাতাৰ দুর্গাপূজাই। কোনো পাথৰৰ স্থাপত্য নহয়, বৰঞ্চ এটা প্ৰজন্মৰ পৰা আন এটা প্রজন্মলৈ বহ্নিমান শিল্পভাৱনা, কাৰিকৰী দক্ষতা আৰু সৰ্বস্তৰৰ মানুহৰ আন্তৰিক অংশগ্ৰহণৰ কাৰণেই এই স্বীকৃতি লাভকৰিছিল।
উৎসৱৰ এই চিৰাচৰিত ঐতিহ্য আৰু সৃষ্টিশীলতাৰ আঁত ধৰিয়েই এইবাৰ পুৰীৰ উপকূলতো ধৰা পৰিল মা দুৰ্গাৰ এক অপূর্ব তথা পৰিৱেশবান্ধৱ ৰূপ।





























