দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিশ্বৰ একাংশ দেশে কিশোৰ-কিশোৰীৰ সামাজিক মাধ্যম ব্যৱহাৰ নিষিদ্ধ কৰিলেও ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালী ভাৰতত ইণ্টাৰনেট ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে। ইণ্টাৰনেটক ভাৰতীয় সংবিধানৰ ২১ অনুচ্ছেদ (জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ) আৰু ভাব প্ৰকাশৰ স্বাধীনতা প্ৰদান কৰা ১৯ (১) (ক) অনুচ্ছেদৰ অন্তৰ্গত আখ্যা দি ন্যায়ালয়ৰ এখন দুজনীয়া বিচাৰপীঠে কিশোৰ-কিশোৰীৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অস্বীকাৰ কৰে।
যোৱা ১৫ অক্টোবৰত এই সংক্রান্তীয় আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ জে বি পার্ডিৱালা আৰু কে ভি চন্দ্ৰনৰ বিচাৰপীঠে কয়, ‘দেশৰ সংবিধানৰ ২১ আৰু ১৯ (১) (ক) অনুচ্ছেদ অধিকাৰ বয়স নির্বিশেষে আমাৰ ল’ৰা-ছোৱালীসকলেও উপভোগ কৰে। তেওঁলোকৰ এই অধিকাৰ অস্বীকাৰ কৰাটো এটা উদ্ভট ধাৰণা। ভাব প্ৰকাশৰ স্বাধীনতাক অস্বীকাৰ কৰিব নোৱাৰি।’
উল্লেখ্য যে এই আবেদনকাৰী পক্ষই যুক্তি প্ৰদৰ্শন কৰিছিল যে সামাজিক মাধ্যমত শিশু যৌন শোষণৰ ভুক্তভোগী হ’ব পৰা বিষয়বস্তু সম্পর্কে সামাজিক মাধ্যমসমূহে ভাৰতৰ চৰকাৰী কর্তৃপক্ষসমূহক অৱগত কৰাত ব্যর্থ হৈছে। গতিকে ১৮ অনূর্ধ্বৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত ইণ্টাৰনেট ব্যৱহাৰ নিষিদ্ধ হ’ব লাগে বুলি আবেদনকাৰীয়ে যুক্তি প্ৰদৰ্শন কৰিছিল।
আবেদনকাৰীৰ এই যুক্তি সত্ত্বেও দুজনীয়া বিচাৰপীঠখনে কয়, ‘আমাৰ ল’ৰা-ছোৱালীৰ সুৰক্ষা আৰু স্বাধীনতা ইটো-সিটোৰ পৰিপন্থী নহয়। আমাৰ ল’ৰা-ছোৱালী দুয়োটাই পোৱাৰ যোগ্য।’ বিচাৰপীঠখনে লগতে আঙুলিয়াই দিয়ে যে ইণ্টাৰনেট শিশুৰ মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত।
আনহাতে, এই শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ন্যায়ালয়ক জনায় যে ১৮ বছৰ অনূর্ধ্বৰ কিশোৰ-কিশোৰীৰ সামাজিক মাধ্যম ব্যৱহাৰত চৰকাৰে বাধা নিষেধ অনাৰ পৰিকল্পনা কৰিছে। কেন্দ্ৰৰ এনে স্থিতিৰ বিৰোধিতা কৰে ন্যায়ালয়ে। ন্যায়ালয়ে কয়, ‘শিশুৰ ক্ষেত্ৰত ইণ্টাৰনেট ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাটো যুক্তিসংগত নহয়। অনলাইন নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা উচিত।’





























