EcoFriendlyDurgaPuja : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিশ্বজুৰি কেনে জটিল অৱস্থাৰ সৃষ্টি কৰি আহিছে সেয়া কোৱা বাহুল্য মাথোঁ। মূলতঃ অবাধ বনধ্বংসৰ পৰিণতিত বিশ্বত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। সেয়েহে পৰিৱেশ সংক্রান্তীয় সচেতনতা গঢ়াৰ বিশ্বজুৰি চেষ্টা চলি আহিছে।
চৰকাৰী-বেচৰকাৰীভাৱে চলি থকা এই চেষ্টালৈ যেন সঁহাৰি দিছে পশ্চিমবংগৰ পূজা সমিতিসমূহে। কাৰণ এইবাৰ ৰাজ্যখনৰ দুৰ্গা পূজাৰ মণ্ডপসমূহ সেউজ থীমৰে ভৰি পৰিছে। অৱশ্যে বিগত দুটা দশক ধৰি ৰাজ্যখনত এনেদৰে পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গাপূজা উদ্যাপন কৰা হৈছে।
ইয়াৰ জৰিয়তে সাধাৰণ লোকৰ মাজত পৰিৱেশ সংক্রান্তীয় সচেতনতা বৃদ্ধি কৰিবলৈ বিচৰা হৈছে। লগতে পৰিৱেশ ৰক্ষাত সাধাৰণ লোকক জড়িত কৰাটো এনে পূজাৰ প্ৰধান উদ্দেশ্য। লক্ষ্যণীয়ভাবে বহু লোকে পৰিৱেশ ৰক্ষা বা জলবায়ু সংক্রান্তীয় বিষয়ক লৈ সচেতন নহয়।
এনে লোকৰ মাজতো উৎসৱৰ আনন্দ-উৎসৱৰ জৰিয়তে পৰিৱেশ সংক্রান্তীয় সচেতনতা সৃষ্টিৰ চেষ্টা কৰা হৈছে। এনে প্ৰয়াস কৰা ৰাজ্যখনৰ পূজা সমিতিক পুৰস্কৃতও কৰা হৈছে। এইবাৰ সেউজ পূজা উদ্যাপনৰ বাবে ছেৰাদেৰ ছেৰা নির্মল পূজা সমিতিক এই বঁটা প্ৰদান কৰা হয়। এই সমিতিয়ে বিগত ১৯ বছৰ ধৰি এনেদৰে পূজা উদ্যাপন কৰি আহিছে।
আনহাতে, এনেদৰে সেউজ পূজা উদযাপনৰ জৰিয়তে পৰিৱেশ সচেতনতা সৃষ্টি সন্দৰ্ভত দুলাল বসু নামৰ অৱসৰপ্ৰাপ্ত চিকিৎসকজনে কয়, ‘ভূমি হ’ল গুৰুত্বপূৰ্ণ। ভূমি ৰক্ষাৰ বাবে পৰিৱেশ সচেতনতাৰ প্রয়োজন।’
তেওঁ নেতৃত্ব প্ৰদান কৰা ‘এনজিঅ’ নামৰ এক সংস্থাই সেউজ পূজা উদ্যাপন কৰা সমিতিক পুৰস্কৃত কৰি আহিছে। এই ক্ষেত্রত তেওঁলোক সহযোগিতা আগবঢ়াই আহিছে পশ্চিমবংগ প্রদূষণ নিয়ন্ত্রণ ব’র্ড তথা ব্যক্তিগত সংস্থা আৰু প্রতিষ্ঠানে। এই সম্পৰ্কত ডাঃ বসুৱে আৰু কয়, ‘আমাৰ এই পদক্ষেপে বিগত বছৰসমূহতো কলকাতাৰ দুৰ্গা পূজাক অধিক পৰিৱেশ অনুকূলৰূপে উদ্যাপনত সহায় কৰিছে। ইয়াৰ জৰিয়তে আমি পূজা আয়োজক আৰু জনসাধাৰণৰ মাজত পৰিৱেশ সংক্রান্তীয় সচেতনতা গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছো।’
তেওঁলোকে প্রদান কৰা বঁটালৈ একাংশ আন্তর্জাতিক সংস্থায়ো সহযোগিতা আগবঢ়াই আহিছে। এনে এক সংস্থা হ’ল ব্রিটেইনৰ দ্য কিংছ ফাউণ্ডেছন। এনেদৰে দুর্গা পূজা উদ্যাপনৰ অভ্যাস দেশৰ আন স্থানলৈ সম্প্ৰসাৰিত হোৱাৰো পোষকতা কৰিছে ডাঃ বসুৱে।
আনহাতে, পশ্চিমবংগৰ পূজাসমূহৰ থীম এনেদৰে সলনিক লৈ কলকাতা বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক অনিৰুদ্ধ মুর্খাজীয়ে কয়, ‘২০০৭ত পূজা সমিতিক সেউজ পূজা আয়োজনৰ বাবে এই বঁটা প্রদান আৰম্ভহয়। তেতিয়া আমি ছল্ট লেকৰ মাথোঁ এখন পূজা সমিতিক সেউজ পূজা উদ্যাপনৰ বাবে ইচ্ছুক কৰিবলৈ সক্ষম হৈছিলো। আমি গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই উদ্যোগ আৰম্ভ কৰিছিলো।’
ইয়াৰ জৰিয়তে ভূমি সংৰক্ষণৰ পৰা আৰম্ভ কৰি জল সংৰক্ষণ, প্লাষ্টিকৰ প্ৰদূষণ আৰু সুন্দৰবনক লৈ সচেতনতা সৃষ্টিৰ চেষ্টা কৰি আহিছে এই বঁটাৰ উদ্যোক্তাসকলে। এইবাৰ এনেদৰে পূজা উদ্যাপন কৰা দুই শতাধিক সমিতিয়ে এই বঁটাৰ বাবে আবেদন জনায়। ইয়াৰ ৭৫ খন আবেদনে সংক্ষিপ্ত বাছনিত স্থান লাভ কৰে।পৰিৱেশ সংক্ৰান্তীয় থীমৰে এইসমূহে পূজা উদ্যাপন কৰিছে।





























