MysoreDasara : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দছেৰা মানেই কেৱল ৰাৱণ বধ নহয়, ভাৰতৰ বিভিন্ন অঞ্চলত এই উৎসৱৰ স’তে জড়িত হৈ আছে নানা ইতিহাস আৰু ঐতিহ্য। তেনে এক ইতিহাস হৈছে কৰ্ণাটকৰ মহীশূৰৰ দছেৰা, যি চাৰিশ বছৰৰো অধিক কাল ধৰি পালিত হৈ আহিছে। ৰাজকীয় আড়ম্বৰ, সুসজ্জিত হাতীৰ শোভাযাত্রা, সাংস্কৃতিক অনুষ্ঠান আৰু চকু চাট মাৰি ধৰা আলোকসজ্জাৰে এই সময়ত অনন্য ৰূপ পায় সমগ্র চহৰখনে। এইবাৰ মহীশূৰৰ দছেৰা পালন কৰা হৈছে ১১ৰ পৰা ২১ অক্টোবৰলৈ।
মহীশূৰৰ দছেৰাৰ ইতিহাসৰ শিপা আছে বিজয়নগৰ সাম্ৰাজ্যৰ মহা নৱমী উৎসৱত। ১৬১০৩ ৰজা ৱাদিয়াৰ প্ৰথমে শ্ৰীৰংগপট্টনত এই উৎসৱৰ সূচনা কৰে বুলি ঐতিহাসিক সূত্রত প্রকাশ। পৰৱৰ্তী সময়ত ৱাদিয়াৰ ৰাজবংশৰ জৰিয়তেই এই উদ্যাপন মহীশূৰৰ ৰাজকীয় পৰিচয়ৰ স’তে জড়িত হৈ পৰে। ১৯ আৰু ২০ শতিকাত উৎসৱৰ পৰিসৰ অধিক বিস্তৃত হয়। সম্প্রতি কর্ণাটকৰ ৰাজ্যিক উৎসৱৰূপে পৰিচিত এই দছেৰা।
মহীশূৰৰ দছেৰাৰ অন্যতম বৃহৎ। এই আকর্ষণ হৈছে বিজয়া দশমীৰ দিনা আয়োজিত জাম্বু ছাভাৰি। শোভাযাত্রাত সুসজ্জিত হাতীৰ পিঠিত সোণৰ হাওদাত বহন কৰা হয় দেৱী চামুণ্ডেশ্বৰীৰ প্ৰতিমা। ৰাজপ্রাসাদৰ পৰা শোভাযাত্রা আগুৱাই যায় বান্নিমন্তপৰ দিশে। আগতে এই ৰাজকীয় শোভাযাত্ৰাত মহাৰাজৰ উপস্থিতি আছিল গুৰুত্বপূৰ্ণ। সম্প্ৰতি ৰজাৰ ঠাইত স্থান পাইছে দেৱী চামুণ্ডেশ্বৰীৰ প্ৰতিমাই। এইবাৰ ২১ অক্টোবৰত আয়োজিত হ’ব এই শোভাযাত্রা।
দছেৰাৰ দিনসমূহত মহীশূৰৰ ৰাজপ্রাসাদ হেজাৰ হেজাৰ পোহৰৰ সাজত উজ্জ্বল হৈ উঠে। চহৰৰ বিভিন্ন স্থানত আয়োজন কৰা হয় সংগীত, নৃত্য, নাটক আৰু লোকশিল্পৰ অনুষ্ঠান। সমান্তৰালকৈ আছে খাদদ্যৰ মেলা, ফুলৰ প্রদর্শনী আৰু নানা ক্রীড়া প্রতিযোগিতা। উৎসৱৰ অন্তিম পর্বত বান্নিমন্তপত অনুষ্ঠিত হয় বিখ্যাত জোঁৰ লৈ শোভাযাত্রা বা ‘পাঞ্জিনা কাবায়াট্ট’।
ৰাজকীয় ঐতিহ্য আৰু সাধাৰণ মানুহৰ অংশগ্ৰহণ মিলাই মহীশূৰৰ দছেৰা আজিও ভাৰতৰ অন্যতম আকর্ষণীয় উৎসৱ। চাৰি শতাব্দীৰো অধিক সময় অতিক্ৰম কৰিও মহীশূৰৰ দছেৰাই কিন্তু নিজৰ ঐতিহ্য হেৰুওৱা নাই।
দেৱী চামুণ্ডেশ্বৰীৰ আৰাধনা, ৰাজবংশৰ ইতিহাস আৰু চহৰজুৰি উৎসৱৰ পৰিৱেশ- সকলো মিলাই এই দছেৰা কেৱল ধর্মীয় উৎসৱেই নহয়, কৰ্ণাটকৰ সাংস্কৃতিক পৰিচয়ৰো এক গুৰুত্বপূৰ্ণ প্রতীক। প্রতি বছৰৰ বাবে এই বছৰো এই উৎসৱ চোৱাৰ বাবে মহীশূৰত ইতিমধ্যেই প্ৰচণ্ড ভিৰ দেখা গৈছে।





























