SBICyberAttack : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই)ত চাইবাৰ আক্ৰমণৰ ঘটনা। প্ৰায় ৩ লাখ ৮০ হেজাৰ গ্ৰাহকৰ গোপন তথ্য চুৰি কৰি সেইবোৰ ডাৰ্ক ৱেবত ফাদিল কৰাৰ অভিযোগ উত্থাপন হৈছে।
সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। অৱশ্যে, বেংক কৰ্তৃপক্ষই জনাইছে যে ইয়াৰ ফলত বেংকটোৰ মূল কাৰ্যকলাপত কোনো প্ৰভাৱ পৰা নাই।
চাইবাৰ নিৰাপত্তা নিৰীক্ষণকাৰী সংস্থা ‘চাইবাৰপালছ৫৬’-এ শেহতীয়াকৈ সামাজিক মাধ্যমত এটা পোষ্ট কৰে। তাত সংস্থাটোৱে দাবী কৰে যে এছবিআইৰ প্ৰায় তিনি লাখ ৮০ হেজাৰ গ্ৰাহকৰ তথ্য ডাৰ্ক ৱেবত ফাদিল হৈছে।
সেই তথ্যসমূহৰ ভিতৰত আছে গ্ৰাহকৰ ব্যক্তিগত তথ্য, ঘৰৰ ঠিকনা, ঋণৰ আবেদন, প্ৰয়োজনীয় নথি-পত্ৰ আৰু আবেদনৰ স’তে জড়িত অন্যান্য তথ্য। যোৱা ১৬ অক্টোবৰত প্ৰথমবাৰৰ বাবে ‘চাইবাৰপালছ৫৬’-এ এই খবৰ প্ৰকাশলৈ আনে।
সংস্থাটোৰ দাবী, এই চাইবাৰ আক্ৰমণৰ আঁৰত আছে ‘ছিৰিয়াছিম’ নামৰ এটা হেকাৰ গোষ্ঠী। চাইবাৰ নিৰাপত্তা সংস্থাটোৱে লগতে দাবী কৰিছে যে হেকাৰসকলৰ হাতত এই সংবেদনশীল তথ্যসমূহ কমা-ছেপাৰেটেড ভেল্যু (চিএছভি) ফৰ্মেটত আছে। ইয়াৰ উপৰি, তেওঁলোকৰ হাতত ২,৭২২খন পিডিএফো আছে।
‘চাইবাৰপালছ৫৬’-ৰ এই দাবীৰ চাৰিদিন পিছত মুখ খুলিলে এছবিআয়ে। বেংকটোৱে এই খবৰ নিশ্চিত কৰিছে। তেওঁলোকে জনাইছে যে এক বৃহৎ চাইবাৰ আক্ৰমণৰ জৰিয়তে হেকাৰসকলে বেংকটোৰ গ্ৰাহকৰ তথ্য ভাণ্ডাৰত প্ৰৱেশ কৰি বহু সংবেদনশীল তথ্য চুৰি কৰিছে। ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংকটোৱে ডাৰ্ক ৱেবত তথ্য ফাদিল হোৱাৰ বিষয়টোও স্বীকাৰ কৰিছে। সমগ্ৰ ঘটনাৰ পুংখানুপুংখ তদন্ত কৰা হ’ব বুলিও জনাইছে বেংক কৰ্তৃপক্ষই।
বিশেষজ্ঞসকলৰ মতে, বেংকৰ তথ্য ভাণ্ডাৰত প্ৰৱেশ কৰি চাইবাৰ অপৰাধীসকলে গ্ৰাহকৰ কেওৱাইচি (নো ইয়ৰ কাষ্টমাৰ) তথ্য চুৰি কৰি নিব পাৰে। তেনে ক্ষেত্ৰত গ্ৰাহকৰ আধাৰ নম্বৰ, ঘৰৰ ঠিকনাৰ দৰে সংবেদনশীল তথ্য ফাদিল হোৱাৰ আশংকা যথেষ্ট বেছি।
কেৱল সেয়াই নহয়, এই তথ্যসমূহক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি গ্ৰাহকক ভয়-ভাবুকি দি তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ ধন আদায় কৰিব পাৰে বুলিও বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে।






























