IndiaUSRelations : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্য চুক্তিক লৈ যোৱা ডেৰ বছৰ ধৰি আলোচনা চলি আছে। ভাৰত ভ্ৰমণলৈ আহি আমেৰিকাৰ বিদেশ সচিবে দাবী কৰিলে যে চুক্তিখন একেবাৰে অন্তিম পৰ্যায়ত উপনীত হৈছে। ৯৯ শতাংশ কাম সম্পূৰ্ণ হৈছে। কেৱল ভাষা সম্পৰ্কীয় কিছু জটিলতাৰ বাবেই এতিয়াও চুক্তিখন স্থগিত আছে। আৰু কেইসপ্তাহমানৰ ভিতৰতে দুয়োখন দেশৰ মাজত বাণিজ্য চুক্তি সম্পন্ন হ’ব বুলি ৰুবিঅ’ আশাবাদী।
তিনিদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছে ৰুবিঅ’। সম্প্ৰতি এটা সাক্ষাৎকাৰত তেওঁ জনাইছে যে আমেৰিকাৰ কোনো শুল্ক বা ভিছা সম্পৰ্কীয় নিষেধাজ্ঞাৰ লক্ষ্য নহয় নতুন দিল্লী। ভাৰতক ‘শাস্তি’ দিয়াৰ উদ্দেশ্যে কোনো নিয়ম প্ৰৱৰ্তন কৰা হোৱা নাই। বৰঞ্চ ভাৰতৰ স’তে সুসম্পৰ্ক বজাই ৰাখি এক সুষ্ঠু বাণিজ্যিক চুক্তিৰ জৰিয়তে আগবাঢ়িবলৈহে আগ্ৰহী ৱাশ্বিংটন।
বাণিজ্য চুক্তি সন্দৰ্ভত ৰুবিঅ’ই কয়, ‘‘আমি অতি ওচৰ চাপি আহিছোঁ। মাহ নহয়, মোৰ ধাৰণা কেইসপ্তাহমানৰ ভিতৰতে আমি চুক্তিখন চূড়ান্ত কৰিব পাৰিম। ৯৯ শতাংশ কাম সম্পূৰ্ণ হৈছে। বাকী এক শতাংশক লৈও মই আশাবাদী।’’
এক শতাংশ কাম ক’ত আবদ্ধ হৈ আছে? ৰুবিঅ’ই জনায় যে ভাষা সম্পৰ্কীয় কিছু সমস্যা হৈছে। অৱশ্যে, এই সন্দৰ্ভত তেওঁ বিশদভাৱে ক’ব বিচৰা নাই। তেওঁৰ ভাষ্য, ‘‘ক’ত ক’ত এতিয়াও সমস্যা হৈ আছে, সেই বিষয়ে মই ইয়াত বিশদভাৱে ক’ব নিবিচাৰোঁ। অৱশ্যে, কিছু সমস্যা হৈছে, ইমানখিনি ক’ব পাৰোঁ। সেয়া কাৰিকৰী সমস্যা নহয়। ভাষা সম্পৰ্কীয় সমস্যা। নিৰ্দিষ্ট কিছুমান শব্দ বা বাক্যাংশৰ ব্যাখ্যাক লৈ এতিয়াও আলোচনা চলি আছে।’’
শেহতীয়াকৈ আমেৰিকাত গৃহীত হোৱা এখন আইনত কোৱা হৈছে যে ৰাছিয়াৰ পৰা তেল আৰু গেছ ক্ৰয় কৰা দেশসমূহৰ ওপৰত ইচ্ছা কৰিলে ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰিব পাৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
ভাৰতকে ধৰি কেবাখনো দেশে ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰে। আইন অনুসৰি ট্ৰাম্পে নিজৰ ক্ষমতা প্ৰয়োগ কৰিলে সমস্যাত পৰিব পাৰে নতুন দিল্লী। ৰুবিঅ’ই জনাইছে যে উক্ত আইনৰ লক্ষ্য ভাৰত নহয়।
তেওঁৰ ভাষ্য, ‘‘ইয়াৰ ফলত দুয়োখন দেশৰ অৰ্থনীতিত প্ৰভাৱ পৰিব পাৰে। তাত কোনো সন্দেহ নাই। সেইবাবেই পৰিস্থিতি অতি সাৱধানে চম্ভালি লোৱা প্ৰয়োজন। আমাৰ সম্পৰ্কও সেয়েহে অতি গুৰুত্বপূৰ্ণ। আমি একো কৰিব নিবিচাৰোঁ। এই শুল্ক ভাৰতৰ ক্ষতি কৰা বা ভাৰতক শাস্তি দিয়াৰ উদ্দেশ্যে আৰোপ কৰা হোৱা নাই।’’
আমেৰিকাৰ ভিছা সম্পৰ্কীয় কিছু নিষেধাজ্ঞাক লৈও আলোচনা চলি আছে। ৰুবিঅ’ই জনাইছে যে ইয়াৰ জৰিয়তে ভাৰতক লক্ষ্য কৰাৰ কোনো পৰিকল্পনা নাই। তেওঁৰ ভাষ্য, ‘‘যোৱা ২০ বছৰ ধৰি অভিবাসন ব্যৱস্থাত চলি অহা অৱহেলা আমি শুধৰাবলৈ চেষ্টা কৰি আছোঁ। এয়া বিশেষভাৱে ভাৰতৰ বিৰুদ্ধে লোৱা কোনো পদক্ষেপ নহয়।’’






























